মেধা শ্ৰী দাহিয়া (ইংৰাজী ভাষা: Medha Shri Dahiya) এগৰাকী ভাৰতীয় সাংবাদিক।১২ তেওঁ ১৫ বছৰ ধৰি সংবাদ জগতৰ সৈতে জড়িত হৈ আছে।১ তেওঁৰ কামৰ মূল ক্ষেত্ৰসমূহ হ'ল গোলকীয় সাহিত্য,৩ বহুমুখী কলা,৪ মানৱীয় অভিজ্ঞতা,৫৬৭ সামাজিক বিষয়,৮৯ সৃষ্টিশীল জীৱনশৈলী,১০ হিন্দী চলচ্চিত্ৰ উদ্যোগ১১১২ আৰু নেতৃত্ব।১৩১৪১৫
কৰ্মজীৱন
দাহিয়াই ভাৰতৰ সৰ্ববৃহৎ ইংৰাজী দৈনিক দ্য টাইমছ অৱ ইণ্ডিয়া১৬ আৰু হিন্দুস্তান টাইমছৰ সৈতে কাম কৰিছে।১৭ তেওঁ বৰ্তমান এখন ট্ৰ’ল-মুক্ত ছচিয়েল মিডিয়া এপ্লিকেচন 'ৱাইল্ড্ৰ'ত (Wildr) ভাৰতৰ গ্ৰাহক সফলতা মুৰব্বী (Head of Customer Success) হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।১৫১৮১০১৯ ২০২০ চনত তেওঁ এটা ব্লগিং প্লেটফৰ্ম 'os.me'-ৰ মুখ্য সম্পাদিকা হিচাপে দায়িত্ব গ্ৰহণ কৰে।২০ পৰৱৰ্তী সময়ত তেওঁ চনু চুদৰ দ্বাৰা সহ-প্ৰতিষ্ঠিত ছচিয়েল মিডিয়া এপ্লিকেচন 'এক্সপ্ল’জাৰ'ত (Explurger) সমল আৰু যোগাযোগ মুৰব্বী হিচাপে কাম কৰিছিল।১৮
তেওঁ কলিংগ লিটাৰেৰী ফেষ্টিভেলৰ এগৰাকী পৰামৰ্শদাতা।২১ ইয়াৰ উপৰিও তেওঁ 'মিলছ অৱ হেপিনেছ' (Meals of Happiness) নামৰ বেচৰকাৰী সংস্থাটোৰ উপদেষ্টা পৰিষদৰ সদস্যা।২২
বিতৰ্ক
এটা সাক্ষাৎকাৰত দাহিয়াই কেশসজ্জাশিল্পী স্বপ্না ভাৱনানীৰ এটা উদ্ধৃতি দিছিল য’ত তেওঁ কৈছিল, "ছলমান খানে নিৰ্বোধ চিনেমাৰ মাজত বান্দৰৰ দৰে নাচে।"২৩ হিন্দুস্তান টাইমছত সাক্ষাৎকাৰটো প্ৰকাশ পোৱাৰ পিছত স্বপ্নাক অনলাইনত সমালোচনা কৰা হয়।২৪ ইয়াৰ পিছতে স্বপ্নাই মেধা শ্ৰীৰ সৈতে টুইটাৰত তৰ্কত লিপ্ত হয়।২৫ স্বপ্নাই দাহিয়াক 'ক্লিকবেটি শিৰোনাম' ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে।২৫ এই ঘটনাটো সংবাদ মাধ্যমত বহুলভাৱে চৰ্চিত হৈছিল। পিছলৈ হিন্দুস্তান টাইমছৰ এটা প্ৰবন্ধত দাহিয়াই লিখিছিল যে স্বপ্নাই এই বিশেষ উদ্ধৃতিটো দি থাকোতে বাৰে বাৰে কৈছিল— ‘আপুনি মোক এইটো কথা উদ্ধৃত কৰিব পাৰে’।২৬
দ্য টাইমছ অৱ ইণ্ডিয়াৰ এটা প্ৰবন্ধত দাহিয়াই প্ৰকাশ কৰিছিল যে ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী সুস্মিতা সেন আৰু প্ৰীতি জিণ্টাই দিল্লী বিশ্ববিদ্যালয়ৰ স্কুল অৱ অ'পেন লাৰ্নিঙত স্নাতক পাঠ্যক্ৰমত নাম ভৰ্তি কৰিছিল, কিন্তু ডিগ্ৰী সম্পূৰ্ণ নকৰাকৈয়ে তেওঁলোকে নাম প্ৰত্যাহাৰ কৰিছিল।২৭
বহিঃসংযোগ
তথ্যসূত্ৰ
- ↑ (25 November 2020). HT's Medha Shri Joins os.me as Editor-in-Chief. Exchange 4 Media
- ↑ (15 November 2023). Medha Shri Joins Wildr As Head Of Customer Success. Business World Everything Experential
- ↑ Dahiya, Medha Shri. Sir Elton John's autobiography is warm, moving and a hit. হিন্দুস্তান টাইমছ
- ↑ Dahiya, Medha Shri. The Jaipur Literature Festival 2019, an arts and literature stupor. হিন্দুস্তান টাইমছ
- ↑ Griffs, Gigi. What does an editor-in-chief do and why does it matter?. bynder.com
- ↑ World Cancer Day: I am not a cancer survivor, I am a fighter, says Anchal Sharma. Times of India
- ↑ Shri, Medha. (9 April 2010). Social fretworking: meant to vent!. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Shri, Medha. OS.ME By Spiritual Leader Om Swami Helps Millions Find Peace & Purpose, Digitally!. Travel and Leisure India
- ↑ (15 October 2009). NGOs put up a play at Dilli Haat. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Dahiya, Medha Shri. (31 August 2015). I look at variety when I pick up a project: Radhika Apte. হিন্দুস্তান টাইমছ
- ↑ (18 June 2016). Nothing is handed to my kids on a platter, they have to earn it: Akshay Kumar. হিন্দুস্তান টাইমছ
- ↑ (18 Sep 2015). Whoever brings a return on investment, gets money: Salman Khan. হিন্দুস্তান টাইমছ. পৃ. 23
- ↑ A Chinese Woman's Bold Spiritual Journey to India. Times Now
- ↑ Dahiya, Medha Shri. A Chat with Maneka Gandhi is Lit. হিন্দুস্তান টাইমছ
- ↑ (6 February 2024). Medha Shri Dahiya, India Head of Customer Success At Wildr, Shares Insights on Interim Budget 2024. Zee News
- ↑ Medha Shri/Author/Times of India. The Times of India
- ↑ News/Author/Medha Shri Dahiya. Hindustan Times
- ↑ (6 December 2023). Medha Shri joins social media app Wildr as Head of Customer Success
- ↑ WildrCoin Waitlist Launched, Users Register to Get Rewarded for Positivity!. ANI
- ↑ (25 November 2020). HT's Medha Shri joins as Editor-in-Chief of OS.ME. Exchange 4 Media
- ↑ (14 October 2021). Medha Shri. Kalinga Literary Festival
- ↑ Our Team. Meals of Happiness
- ↑ Dahiya, Medha. (22 August 2016). Salman dances like a monkey in stupid movies; misuses people: Sapna Bhavnani. হিন্দুস্তান টাইমছ
- ↑ Joshi, Shriya. (23 August 2016). Sapna Bhavnani Got Candid About Her Dislike For Salman And Didn't Hold Anything Back. (Storypick)
- ↑ Khare, Sameeksha. (23 August 2016). Sapna Bhavnani Calls Salman a Pig, Fights With Reporter in Tweets. The Quint
- ↑ (22 August 201). Hey! 'Unethical' media, you didn't misquote me. And I will sulk. হিন্দুস্তান টাইমছ
- ↑ Shri, Medha. (16 July 2019). Preity, Sush in DU?. দ্য টাইম্ছ অৱ ইণ্ডিয়া
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেধা শ্ৰী দাহিয়া” প্ৰবন্ধৰ সংশোধন ৫৮৬২৫৮ (৯ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।