উত্তৰ আমেৰিকাৰ দেশ
৬ প্ৰবন্ধ
-
আমেৰিকা যুক্তৰাষ্ট্ৰ
আমেৰিকা যুক্তৰাষ্ট্ৰ বা মাৰ্কিন যুক্তৰাষ্ট্ৰ (United States of America) উত্তৰ আমেৰিকা মহাদেশত অৱস্থিত পঞ্চাশখন ৰাজ্য আৰু এখন যুক্তৰাষ্ট্ৰীয় জিলাৰে গঠিত এখন যুক্তৰাষ্ট্ৰীয় সাংবিধানিক গণতান্ত্ৰিক ৰাষ্ট্ৰ। এই দেশ ইউনাইটেড ষ্টেট্চ অৱ আমেৰিকা নামেৰেও জনাজাত।
-
কানাডা
কানাডা (Canada; উচ্চাৰণ: /'kænədə/ ক্যানাডা) হৈছে বিশ্বৰ দ্বিতীয় বৃহত্তম ৰাষ্ট্ৰ যি উত্তৰ আমেৰিকাৰ উত্তৰ অংশৰ বেছিভাগ অঞ্চল আৱৰি আছে। কানাডাত উত্তৰ আমেৰিকাৰ দহখন প্ৰদেশ আৰু তিনিটা ভূখণ্ড আটলাণ্টিক মহাসাগৰৰ পৰা প্ৰশান্ত মহাসাগৰলৈকে আৰু উত্তৰ দিশলৈ আৰ্কটিক মহাসাগৰলৈকে বিস্তৃত হৈ আছে, যাৰ ফলত ই মুঠ…
-
মেক্সিকো
মেক্সিকো (México), আনুষ্ঠানিকভাবে সম্পূৰ্ণ নাম মেক্সিকো যুক্তৰাজ্য (Estados Unidos Mexicanos), হৈছে উত্তৰ আমেৰিকাৰ দক্ষিণাঞ্চলৰ এখন দেশ। দেশখনৰ উত্তৰে আমেৰিকা যুক্তৰাষ্ট্ৰ, দক্ষিণ আৰু পশ্চিমে প্ৰশান্ত মহাসাগৰ, দক্ষিণ-পূব দিশত গুৱাটামালা, বেলিজ আৰু কেৰিবিয়ান সাগৰ, আৰু পূবে মেক্সিকো উপসাগৰ অৱস্থিত।
-
কিউবা
কিউবা (Cuba), আনুষ্ঠানিকভাৱে কিউবা গণপ্ৰজাতন্ত্ৰ, এখন দ্বীপ-ৰাষ্ট্ৰ। ইয়াত বৃহৎ কিউবা দ্বীপ, আইছলা দে লা জুভেণ্টুড, আৰু প্ৰায় ৪,১৯৫টা সৰু-সুৰা দ্বীপ, দ্বীপচিকা আৰু কেয় অন্তৰ্ভুক্ত। দেশটো উত্তৰ কেৰিবিয়ান সাগৰ, মেক্সিকো উপসাগৰ আৰু আটলাণ্টিক মহাসাগৰৰ সংযোগস্থলত অৱস্থিত।
-
এণ্টিগুৱা আৰু বাৰ্বুডা
এণ্টিগুৱা আৰু বাৰ্বুডা কেৰিবিয়ান আৰু আটলাণ্টিক মহাসাগৰৰ মাজৰ এখন দ্বীপ ৰাষ্ট্ৰ। এই ৰাষ্ট্ৰত দুখন দ্বীপ আছে।
-
বাৰ্বাডোচ
বাৰ্বাডোচ (Barbados) কেৰিবিয়ান সাগৰৰ দক্ষিণ-পূৱ অঞ্চলত অৱস্থিত এখন দ্বীপ ৰাষ্ট্ৰ। ইয়াৰ দৈৰ্ঘ্য ৩৪ কিলোমিটাৰ (২১ মাইল), প্ৰস্থ ২৩ কিমি (১৪ মাইল) পৰ্যন্ত আৰু ই ৪৩২ বৰ্গ কিমি (১৬৭ বৰ্গ মাইল) এলেকা আৱৰি আছে।