বাংলাদেশৰ চলচ্চিত্ৰ
৮ প্ৰবন্ধ
-
বাংলাদেশৰ চলচ্চিত্ৰ
বাংলাদেশৰ চলচ্চিত্ৰই (Cinema of Bangladesh) বাংলাদেশৰ স্বাধীনতাৰ পূৰ্বৰ বা পৰৱৰ্তী সময়ৰ দেশখনৰ বিভিন্ন অঞ্চলত নিৰ্মিত ছবিসমূহক বুজায়। ঢাকা ভিত্তিক বাংলা ভাষাৰ চলচ্চিত্ৰ উদ্যোগৰ প্ৰভাৱশালী ঢালিউডৰ বাহিৰেও (যিটো ঢাকা আৰু হলিউডৰ সংযোজন) বাংলাদেশ আন কেইবাটাও ভাষা আৰু উপভাষাৰ চলচ্চিত্ৰ নিৰ্মাণৰ…
-
পদ্মা নদীৰ মাঝি
পদ্মা নদীৰ মাঝি ( Padma Nadir Majhi) মানিক বন্দোপাধ্যায়ৰ একে নামৰ উপন্যাসৰ আধাৰত নিৰ্মিত আৰু গৌতম ঘোষ পৰিচালিত ভাৰত-বাংলাদেশৰ যৌথ প্ৰযোজনাৰ এখন পূৰ্ণদৈৰ্ঘ্য নাট্যধৰ্মী ছবি, য’ত পদ্মা নদীৰ মাছমৰীয়াসকলৰ জীৱনক চিত্ৰিত কৰা হৈছে। ছবিখনৰ দৃশ্যগ্ৰহণ সম্পূৰ্ণৰূপে বাংলাদেশত কৰা হৈছিল।
-
ফাগুন হাৱাই
ফাগুন হাৱাই (Fagun Haway/In Spring breeze) ২০১৯ চনত মুক্তিপ্ৰাপ্ত, তৌকীৰ আহমেদ পৰিচালিত এখন ইতিহাসধৰ্মী বাংলাদেশী চলচ্চিত্ৰ। ছবিখন টিটো ৰহমানে ৰচনা কৰা বঙালী ভাষা আন্দোলনৰ পটভূমিত লিখা বৌ কথা কও নামৰ উপন্যাসৰ আধাৰত নিৰ্মিত।
-
এহতেশাম
আবু নূৰ মহম্মদ এহতেশামুৰ ৰহমান (১২ অক্টোবৰ ১৯২৭ – ১৭ ফেব্ৰুৱাৰী ২০০২), তেওঁ এহতেশাম হাইদৰ চৌধুৰী নামেৰে পৰিচিত, এগৰাকী বাংলাদেশী আৰু পাকিস্তান চলচ্চিত্ৰ পৰিচালক আছিল। তেওঁৰ মৃত্যুৰ পিছত তেওঁক ঢাকাত চলচ্চিত্ৰ উদ্যোগৰ পুৰোধা ব্যক্তি হিচাপে আখ্যা দিয়া হয়।
-
জাতীয় চলচ্চিত্ৰ পুৰস্কাৰ, বাংলাদেশ
জাতীয় চলচ্চিত্ৰ পুৰস্কাৰ(National film awards, Bangladesh)বাংলাদেশৰ ঢাকাত অনুষ্ঠিত হোৱা বাংলাদেশী চিনেমাৰ একমাত্ৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠান।এই অনুষ্ঠানটিৰ বাংলাদেশৰ আটাইতকৈ উল্লেখযোগ্য চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠান হিচাপে গণ্য কৰা হয়।
-
দ্য লাষ্ট কিচ
দ্য লাষ্ট কিচ (The Last Kiss) অম্বুজ গুপ্তাৰ পৰিচালনাত ১৯৩১ চনত নিৰ্মিত ব্ৰিটিছ ভাৰতৰ এখন নিৰ্বাক চলচ্চিত্ৰ। ঢাকাৰ নবাব পৰিয়ালে নিৰ্মাণ কৰা এই ছবিখন পূৰ্ববংগৰ (বৰ্তমান বাংলাদেশ) প্ৰথম পূৰ্ণদৈৰ্ঘ্যৰ ছবি আছিল। ঢাকাত শ্বুটিং কৰা ছবিখনৰ পোষ্ট প্ৰডাকচনৰ কাম কলকাতাত কৰা হৈছিল।
-
ভাঙন (চলচ্চিত্ৰ)
ভাঙন হৈছে ২০২২ চনত মুক্তি পোৱা এখন পূৰ্ণদৈৰ্ঘ্যৰ বঙালী ভাষাৰ নিৰ্মিত এখন বাংলাদেশী চলচ্চিত্ৰ। পৰিচালক মিৰ্জা সাখাৱত হুছেইনৰ পৰিচালক। ২০২০-২০২১ বিত্তীয় বৰ্ষত বাংলাদেশ চৰকাৰৰ পুঁজিৰে নিৰ্মাণ কৰা হৈছে ছবিখন।
-
মুখ ও মুখোশ
মুখ ও মুখোশ (অনু. মুখ আৰু মুখা) আছিল পূব পাকিস্তানত (বৰ্তমান বাংলাদেশ) নিৰ্মিত বাংলা ভাষাৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ সবাক চলচ্চিত্ৰ। ইকবাল ফিল্মছৰ দ্বাৰা প্ৰযোজিত ছবিখনৰ পৰিচালক আছিল আব্দুল জব্বৰ খান। নুৰুজ্জামান (মৃত্যু ১৯৭৫) আছিল ইকবাল ফিল্মছৰ প্ৰতিষ্ঠাপক প্ৰযোজক।