মিচ্ছিঅ' কাকু (Michio Kaku; জন্ম: জানুৱাৰী ২৪, ১৯৪৭) এজন আমেৰিকান তাত্ত্বিক পদাৰ্থবিজ্ঞানী, ভৱিষ্যৎদ্ৰষ্টা আৰু বিজ্ঞান জনপ্ৰিয়কৰণত অংশ লোৱা ব্যক্তি। কাকু চিটি কলেজ অৱ নিউয়ৰ্ক আৰু "কানি (CUNY- City University of New York) স্নাতক কেন্দ্ৰ"ৰ এজন তাত্ত্বিক পদাৰ্থবিজ্ঞান বিভাগৰ অধ্যাপক। পদাৰ্থবিজ্ঞান আৰু ইয়াৰ সম্পৰ্কীয় বিষয়ক লৈ মিচ্ছিঅ' কাকুৱে ভালেকেইখন উচ্চমানৰ গ্ৰন্থ ৰচনা কৰিছে। সৰ্বসাধাৰণ লোকৰ মাজত বিজ্ঞান জনপ্ৰিয়কৰণৰ উদ্দেশ্যে তেওঁ সঘনে ৰেডিঅ' অনুষ্ঠানত অংশ লোৱাৰ উপৰি দূৰদৰ্শন আৰু চলচ্চিত্ৰৰ পৰ্দাতো ভুমূকি মাৰিছে। তদুপৰি তেওঁ অনলাইন মাধ্যমতো ব্লগ আৰু প্ৰবন্ধ লিখে। তেওঁ ৰচনা কৰা তিনিখনকৈ কিতাপ নিউয়ৰ্ক টাইমছৰ বেষ্টচেলাৰৰ মৰ্য্যাদা লাভ কৰিছে: 'ফিজিক্স অৱ দ্য ইম্পছিবল' (Physics of the Impossible, ২০০৮), 'ফিজিক্স অৱ দ্য ফিউছাৰ' (Physics of the Future, ২০১১), আৰু 'দ্য ফিউছাৰ অৱ দ্য মাইণ্ড' (The Future of the Mind, ২০১৪)। কাকুৱে বিবিচি, দ্য ডিছক'ভাৰি, দ্য হিষ্ট্ৰি আৰু দ্য ছায়েন্স চেনেলত প্ৰচাৰৰ বাবে বহুকেইটা অনুষ্ঠান পৰিচালনা কৰিছে।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
মিচ্ছিঅ' কাকুৱে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছান হ'জেত এটা জাপানী-আমেৰিকান পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। কেলিফ'ৰ্নিয়াত জন্মলাভ কৰা তেওঁৰ দেউতাকে জাপান আৰু আমেৰিকা দুয়োখন দেশতে শিক্ষালাভ কৰিছিল। সেইবাবে দেউতাকে জাপানী আৰু ইংৰাজী দুয়োটা ভাষাই সলসলীয়াকৈ ক'ব পাৰিছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তেওঁৰ পিতৃ-মাতৃ Tule Lake War Relocation Centerত মিলিত হয়। তাতেই কাকুৰ ভাতৃজনৰ জন্ম হয়।
পাল এল্ট'ত অৱস্থিত কাবাৰ্লি হাইস্কুলত পঢ়ি থাকোঁতে কাকুৱে এখন বিজ্ঞান প্ৰদৰ্শনী মেলাত ভাগ ল'বলৈ মাক-দেউতাকৰ গেৰেজটোত এটা কণিকা ত্বৰক (particle accelerator) সাজি উলিয়ালে। তেওঁৰ লক্ষ্য আছিল "প্ৰতিপদাৰ্থ উৎপন্ন হ'ব পৰাকৈ এটি শক্তিশালী গামাৰশ্মিৰ উৎস সৃষ্টি কৰা।" নিউ মেক্সিক'ৰ এলবাৰ্কুইত অনুষ্ঠিত ৰাষ্ট্ৰীয় বিজ্ঞান মেলাখনত তেওঁ পদাৰ্থবিজ্ঞানী এডৱাৰ্ড টেলাৰৰ দৃষ্টি আকৰ্ষণ কৰিলে। শিশুৰ সুপ্ত প্ৰতিভা চিনিব পৰা টেলাৰে কাকুক "হাৰ্ট্জ অভিযান্ত্ৰিক বৃত্তি" (Hertz Engineering Scholarship) প্ৰদান কৰিলে আৰু এজন যুৱ শিকাৰু হিচাপে নিজেই তেওঁৰ প্ৰশিক্ষণৰ দ্বায়িত্বভাৰ লয়।
কাকুই ১৯৬৮ চনত হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰি লাভ কৰে। হাৰ্ভাৰ্ডত থাকোঁতে তেওঁ পদাৰ্থবিজ্ঞানৰ শ্ৰেণীত প্ৰথম হৈছিল। ইয়াৰ পিছত তেওঁ কেলিফ'ৰ্নিয়া বিশ্ববিদ্যালয়, বাৰ্কলেৰ অন্তৰ্গত "বাৰ্কলে বিকিৰণ গৱেষণাগাৰ"ত (Berkeley Radiation Laboratory) শিক্ষাগ্ৰহণ কৰে। ১৯৭২চনত তেওঁ ইয়াৰ পৰাই পি এইচ. ডি. ডিগ্ৰি লাভ কৰে। একেটা বছৰতে তেওঁ প্ৰিন্সটন বিশ্ববিদ্যালয়ত এটা বক্তৃতানুষ্ঠানত অংশ লয়। ভিয়েটনাম যুদ্ধৰ সময়ত কাকুক যুক্তৰাষ্ট্ৰৰ সৈন্যবাহিনীত নামভৰ্তি কৰোৱা হৈছিল। কিন্তু দুতৰপীয়া প্ৰশিক্ষণ সমাপ্ত কৰি কাকুৱে সৈন্যবাহিনীত যোগ দিয়াৰ পূৰ্বেই ভিয়েটনাম যুদ্ধৰ অন্ত পৰিছিল।
আনুষ্ঠানিক কৰ্মজীৱন
চিটি কলেজ অৱ দা চিটি ইউনিভাৰ্ছিটি অৱ নিউয়ৰ্কৰ পদাৰ্থবিজ্ঞান বিভাগত ১৯৭৫ আৰু ১৯৭৭ চনত গৱেষণা কাৰ্য্যসূচীৰ অংশস্বৰূপে কাকুৱে কোৱাণ্টাম বলবিজ্ঞান বিষয়টোত গৱেষণা আৰম্ভ কৰে। প্ৰিন্সটন আৰু নিউয়ৰ্কৰ ইনষ্টিটিউট ফৰ এডভান্সড ষ্টাডিজৰ তেওঁ এগৰাকী ভিজিটৰ হোৱাৰ উপৰি সদস্যও (১৯৭৩ আৰু ১৯৯০চনত) আছিল। এতিয়া তেওঁ চিটি কলেজ অৱ নিউয়ৰ্কৰ তাত্ত্বিক পদাৰ্থবিজ্ঞান বিভাগৰ হেনৰি ছিমাট আসনখনৰ অধ্যাপক।
১৯৭৯ চনত 'এচ.এচ.এফ.এল.' (SSFL-Santa Susana Field Laboratory ) কাহিনীটোৰ ৰহস্য ভেদ কৰাত মিচ্ছিঅ' কাকুৱে গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। ৰকেটডাইনৰ দ্বাৰা পৰিচালিত ছাণ্টা চুছানাই এটা পৰীক্ষামূলক ছডিয়াম বিকাৰক নিয়ন্ত্ৰণ কৰিছিল। ষাঠিৰ দশকত এই বিকাৰকটোৱে চিমি উপত্যকাত এটা দুৰ্ঘটনাত পতিত হৈছিল। দুৰ্ঘটনাটোত বিকিৰণ বাহিৰ হোৱাৰ কাৰণ নিৰ্ণয়ৰ সমস্যাটোত কাকুৱে এজন ছাত্ৰ সদস্য হিচাপে অংশীদাৰ আছিল।
ফিজিকেল ৰিভিউৰ দৰে পদাৰ্থবিজ্ঞানৰ আলোচনীবোৰত কাকুৰ ৭০টাতকৈও অধিক প্ৰবন্ধ প্ৰকাশ পাইছে। এই প্ৰবন্ধবোৰে মূলতঃ অতিৰজ্জু তত্ত্ব (superstring theory), অতিমহাকৰ্ষণ ( supergravity ), অতি সমমিতি (supersymmetry), হেড্ৰ'নিক পদাৰ্থবিজ্ঞান (hadronic physics) ইত্যাদি বিষয়বোৰক সাঙুৰি লৈছে। ১৯৭৪ চনত ওচাকা বিশ্ববিদ্যালয়ৰ অধ্যাপক কেইজি কিকাৱাৰ সৈতে লগ লাগি মিচ্ছিঅ' কাকুৱে ক্ষেত্ৰীয় আকাৰত ৰজ্জু তত্ত্বৰ ব্যাখ্যাসম্বলিত প্ৰথমখন গৱেষণা পত্ৰ প্ৰকাশ কৰিছিল। কাকু ৰজ্জু তত্ত্ব আৰু কোৱাণ্টাম ক্ষেত্ৰ তত্ত্ব সম্পৰ্কীয় বহুকেইখন পাঠ্যপুথিৰো লেখক।
ব্যক্তিগত জীৱন
মিচ্ছিঅ' কাকুৱে ছিজু কাকুৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে। তেওঁ কন্যা সন্তান দুজনী হৈছে এলিছন আৰু মিছেল।
জনপ্ৰিয় বিজ্ঞান
এজন বিজ্ঞান জনপ্ৰিয়কৰণৰ লগত জড়িত ব্যক্তি আৰু পদাৰ্থবিজ্ঞানৰ বিশেষজ্ঞ হিচাপে কাকুৱে বিশ্বজোৰা প্ৰসিদ্ধি লাভ কৰিছে। তেওঁ বহুকেইখন কিতাপ ৰচনা কৰাৰ উপৰি দূৰদৰ্শনৰ কাৰ্যসূচী আৰু চলচ্চিত্ৰতো অংশ লৈছে। তদুপৰি তেওঁ ৰেডিঅ'ৰ সাপ্তাহিক অনুষ্ঠান এটাও পৰিচালনা কৰে।
কিতাপসমূহ
মিচ্ছিঅ' কাকু ভালেকেইখন জনপ্ৰিয় বিজ্ঞান কিতাপৰ লেখক। সহজ-সৰল ভাষাত লিখা এই কিতাপসমূহত আধুনিক পদাৰ্থবিজ্ঞান আৰু জ্যোতিৰ্বিজ্ঞানৰ আকৰ্ষণীয় বিষয়বস্তুবোৰে প্ৰাধান্য লাভ কৰাৰ সমান্তৰালভাৱে কাকুৰ নিজস্ব কাল্পনিক শক্তি, দূৰদৰ্শী মনোভাৱৰো প্ৰকাশ পাইছে।
- "বেয়ণ্ড আইনষ্টাইন: দ্য কছমিক কুৱেষ্ট ফৰ দা থিয়ৰি অৱ দা ইউনিভাৰ্ছ" (জেনিফাৰ থমছনৰ সৈতে) (১৯৮৭)
- "হাইপাৰস্পেছ: এ' ছায়েণ্টিফিক অ'ডিচি থ্ৰ' পেৰেলেল ইউনিভাৰ্চেছ, টাইম ৱাৰ্পছ, এণ্ড দা টে'ন্থ ডাইমেনশ্বন" (১৯৯৪)
- "ভিজঞ্ছ: হাউ ছায়েঞ্চ ৱিল ৰিভলিউশ্বনাইজ দ্য ২১ষ্ট্ চেঞ্চুৰী" (১৯৯৮)
- "আইনষ্টাইন'চ্ কছমছ: হাউ এলবাৰ্ট আইনষ্টাইন'চ্ ভিজন ট্ৰেঞ্চফৰ্ম্ড আৱাৰ আণ্ডাৰষ্টেণ্ডিং অৱ স্পেছ এণ্ড টাইম" (২০০৪)
- "পেৰেলেল ৱৰ্ল্ডছ্: এ জাৰ্নি থ্ৰ' ক্ৰিয়েচন, হায়াৰ ডাইমেনশ্বনছ্, এণ্ড দা ফিউশ্বাৰ অৱ দা কছমছ" (২০০৪)
- "ফিজিক্স অৱ দা ইম্পছিবল: এ' ছায়েণ্টিফিক এক্সপ্ল'ৰেশ্বন ইণ্টু দা ৱৰ্ল্ড অৱ ফেজাৰ্ছ, ফ'ৰ্ছ ফিল্ডছ্, টেলিপ'ৰ্টেশ্বন, এণ্ড টাইম ট্ৰেভেল" (২০০৮)
- "ফিজিক্স অৱ দা ফিউশ্বাৰ: হাউ ছায়েঞ্চ ৱিল চেপ হিউমেন দেষ্টিনি এণ্ড আৱাৰ ডেইলি লাইভ্ছ বাই দা য়াৰ ২১০০" (২০১১)
- "দ্য ফিউশ্বাৰ অৱ দা মাইণ্ড: দ্য ছায়েণ্টিফিক কুৱেষ্ট টু আণ্ডাৰষ্টেণ্ড, এনহেঞ্চ, এণ্ড এম্পাৱাৰ দা মাইণ্ড" (২০১৪)
ইয়াৰে "হাইপাৰস্পেছ"খন এখন বেষ্টচেলাৰ কিতাপত পৰিগণিত হৈছিল আৰু নিউৱৰ্ক টাইমছৰ দ্বাৰা বছৰটোৰ (প্ৰকাশ পোৱা) অন্যতম শ্ৰেষ্ঠ বিজ্ঞান কিতাপত পৰিণত হৈছিল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য ড॰ হীৰালাল দুৱৰাদেৱে এইখন কিতাপ ইতিমধ্যে অসমীয়ালৈ অনুবাদ কৰি উলিয়াইছে (আলিবাট প্ৰকাশন, ২০১৭)। তেওঁৰ "পেৰেলেল ৱৰ্ল্ডছ্" গ্ৰন্থখন ইংলেণ্ডৰ ছেমুৱেল জনছন বঁটাৰ মনোনয়নত চূড়ান্ত পৰ্য্যায় পাইছিল।
বাহ্যিক সংযোগ
- (January 5, 2010). Russia Takes Aim at Asteroids. Commentary. Wall St. Journal
- Science Fantastic (Jun–Aug 2013) at Talk Radio Network (TRN)
- (Oct 3, 2010). Interview with Michio Kaku. In Depth. C-SPAN
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিচ্ছিঅ' কাকু” প্ৰবন্ধৰ সংশোধন ৪১৩৪৬৮ (২২ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।