মিচিং জনগোষ্ঠী
১৩ প্ৰবন্ধ
-
মিচিং জনগোষ্ঠী
মিচিং জনগোষ্ঠী অসম আৰু অৰুণাচল প্ৰদেশত বসবাস কৰা টানি জাতিৰ এটা প্ৰধান জনগোষ্ঠী, যাৰ ভাষা চীনা-তিব্বতীয় ভাষা পৰিয়ালৰ অন্তৰ্গত। নদীকেন্দ্ৰিক বাসস্থান, কৃষিভিত্তিক অৰ্থনীতি আৰু উৎসৱ-সংস্কৃতিৰ বাবে মিচিং সমাজ অসমৰ সামাজিক-সাংস্কৃতিক পৰিসৰত উল্লেখযোগ্য।
-
আলি আঃয়ে লৃগাং
আলি আঃয়ে লৃগাং (ইংৰাজী: Ali Aye Ligang) হৈছে অসমৰ মিচিং জনগোষ্ঠীৰ লোকসকলৰ এক কৃষি ভিত্তিক উৎসৱ। প্ৰত্যেক বছৰৰ ফাগুন মাহৰ প্ৰথমটো বুধবাৰে এই উৎসৱ পালন কৰা হয়। বুধবাৰটোক মিচিংসকলে অতি শুভ আৰু লখিমী বুলি বিবেচনা কৰে। এই দিনটোৰ পৰাই তেওঁলোকে আহুধানৰ বীজ সিঁচিবলৈ আৰম্ভ কৰে।
-
ঐনিতম
ঐনিতম (মিচিং: Oi: Nitom) অসমৰ মিচিং জনগোষ্ঠীৰ পৰম্পৰাগত গীত। ঐনিতমৰ অৰ্থ 'প্ৰিয় জনৰ গীত'। এই শ্ৰেণীৰ গীত মিচিংসকলৰ এক প্ৰমুখ লোকগীত শৈলী হিচাপে বিবেচিত হৈছে। ঐনিতমসমূহত সাধাৰণতে প্ৰেমৰ ভাৱ প্ৰতিস্ফূত হৈ উঠে।
-
পঃৰাগ
পঃৰাগ (Porag) মিচিং জনগোষ্ঠী লোকসকলৰ এটা উল্লেখযোগ্য কৃষিভিত্তিক উৎসৱ, এই উৎসৱ ৫ দিন জুৰি উদযাপন কৰা হয়। সাধাৰণতে খেতি চপোৱাৰ পিচত এই উৎসৱ পতা হয়। সৃষ্টিকৰ্তা, মাতৃ পৃথিৱী তথা পূৰ্বপুৰুষসকলক তুষ্ট কৰিবৰ উদ্দেশ্য এই উৎসৱ পালন কৰা হয়।
-
আপং
মিচিং লোকসকলৰ মাজত বহুলভাৱে প্ৰচলিত পানীয় বিধৰ নাম আপং। মিচিং সকলে দৈনন্দিন জীৱনত ব্যৱহাৰ কৰাৰ উপৰিও উছৱ-পৰৱ, ধৰ্মীয় কাম-কাজ আৰু অপদেৱতাৰ নৈৱেদ্য হিচাপেও ব্যৱহাৰ কৰি আহিছে।
-
পুৰাং আপিন
পুৰাং আপিন হৈছে অসমৰ মিচিং জনগোষ্ঠীৰ লোকসকলৰ এবিধ পৰম্পৰাগত খাদ্য। ই মূলতঃ চাউলৰ পৰা তৈয়াৰী এক আহাৰ। এই খাদ্যবিধ বৰা বা লাহী চাউল তৰাপাতত মেৰিয়াই পানীত উতলাই সিজাই প্ৰস্তুত কৰা হয়। আলি আঃয়ে লৃগাং আদি বিভিন্ন উৎসৱ-পাৰ্বনৰ উপৰিও অন্যান্য উপলক্ষত পুৰাং আপিন প্ৰস্তুত কৰা হয়।
-
নামচিং
নামচিং হ'ল মিচিংসকলৰ মাজত প্ৰচলিত এবিধ সুস্বাদু খাদ্য। বিশেষ পদ্ধতিৰে প্ৰস্তুত কৰা এই খাদ্য উপকৰণটি মিচিং অধ্যুষিত অঞ্চলত বহুলভাৱে পোৱা যায়। অনামিচিংসকলৰ মাজতো এনেধৰণৰ খাদ্য প্ৰচলিত যদিও বাকীসকল জনগোষ্ঠীৰ লোকে ইয়াক শুকতি বা চুঙাত থোৱা ছাটনি বুলিহে কয়।
-
পিতাং অয়িং
পিতাং অয়িং হৈছে অসমৰ মিচিংসকলৰ পৰম্পৰাগত এবিধ আমিষ ব্যঞ্জন। থলুৱা কুকুৰাৰ মাংস পিঠাগুড়িৰ সৈতে ৰান্ধি পিতাং অয়িং প্ৰস্তুত কৰা হয়। আক্ষৰিক অৰ্থত 'পিতাং' মানে হৈছে চাউলৰ গুড়ি আৰু 'অয়িং' শব্দই আঞ্জাক বুজায়। যুটীয়াকৈ 'পিতাং অয়িং' মানে হৈছে পিঠাগুড়িৰ সৈতে ৰন্ধা কুকুৰাৰ মাংস।
-
মিচিং আখৰ-জোঁটনি
মিচিং বৰ্ণমালা (Mising: Bíglung) হৈছে মিচিং ভাষা লিখিবলৈ ব্যৱহাৰ কৰা বৰ্ণমালা। মিচিং ভাষাত সৰ্বমুঠ ২৫টা বৰ্ণ আছে। ইংৰাজী বৰ্ণমালাৰ দৰেই মিচিং ভাষাতো ডাঙৰফলা (Capital letter) আৰু সৰুফলা (Small letter) লিখন-পদ্ধতি প্ৰচলিত। মিচিং ভাষাত ডাঙৰফলাক Bíkta আৰু সৰুফলাক Bígme: বুলি কোৱা হয়।
-
মিচিং নৃত্য আৰু গীত মাত
ভাব প্ৰকাশৰ বাবে কথাৰে তথা দেহৰ বিভিন্ন অঙ্গ-প্ৰত্যঙ্গৰ সঞ্চালনেৰে এজনে আন এজনৰ লগত মত বিনিময় কৰাটোৱেই কালক্ৰমত নৃত্য বা নাচৰ ৰূপ ললে বুলি সচৰাচৰ জনা যায়।
-
আব'তানি
আব'তানি বা আবুতানি হৈছে উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশৰ আপাতানি, নিছি, আদি, গালো আৰু তাগিনৰ দৰে তানি জনগোষ্ঠীৰ অধিবাসীসকলৰ পূৰ্বপুৰুষ। অসমৰ প্ৰধানকৈ লখিমপুৰ, ধেমাজি আৰু মাজুলী জিলাত বসবাস কৰা মিচিং জনগোষ্ঠীও আব'তানি গোটৰ অন্তৰ্ভুক্ত।
-
দদ্গাং
দদ্গাং হৈছে মিচিং সম্প্ৰদায়ৰ মৃতকৰ সন্মানত পতা এক শ্ৰাদ্ধ অনুষ্ঠান। দদ্গাঙক দহা হিচাপে গণ্য কৰা হয়, ই হৈছে মৃতকৰ চূড়ান্ত বিদায় য’ত ভোজৰ আয়োজন কৰা হয়। মিচিংসকলৰ মতে দদ্গাং হৈছে মৃতকৰ সৈতে একেলগে ভাগ কৰা শেষ খাদ্য।
-
মিচিং জনগোষ্ঠীৰ সাজপাৰ
মিচিং জনগোষ্ঠী হৈছে বড়ো-কছাৰীসকলৰ পিছতেই অসমৰ ভৈয়ামৰ জনজাতিসমূহৰ ভিতৰত দ্বিতীয় বৃহত্তম জনজাতি। প্ৰত্যেক জনজাতিৰ দৰেই মিছিংসকলো নিজস্ব লোক-সংস্কৃতি আছে। মিচিং পৰম্পৰাগত সাজপাৰৰ 'গামিগ'(ফুল) ৰ আৰ্হি আৰু ৰঙৰ সংমিশ্ৰণ বিশ্বৰ ভিতৰতেই লেখত ল'বলগীয়া বুলি গণ্য কৰা হয়।