মিচাল ৰ'জিন ( Michal Rozin; জন্ম: ২৫ জুন ১৯৬৯) এগৰাকী ইজৰাইলী ৰাজনীতিবিদ যিয়ে ২০১৩ চনৰ পৰা ২০১৯ চনলৈকে মেৰেটজৰ বাবে নেচেটৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু তাৰ পিছত পুনৰ ২০২১ চনৰ পৰা ২০২২ চনলৈকে কাৰ্যনিৰ্বাহ কৰিছিল।
ৰাজনৈতিক জীৱন
২০১৩ চনত মেৰেট্জ তালিকাত নেচেটলৈ ৰ'জিন নিৰ্বাচিত হৈছিল। নেচেটত তেওঁৰ প্ৰথম কাৰ্যকালত তেওঁ বিদেশী শ্ৰমিক সমিতিৰ অধ্যক্ষ আছিল, আৰু তিনিটা লবীৰ নেতৃত্ব দিছিল৷ তেওঁ নিয়োগৰ ক্ষেত্ৰত সমতাৰ বাবে লবী, মহিলা নেচেট সদস্যৰ বাবে লবী আৰু সমতা আৰু বহুত্ববাদৰ বাবে লবী সৃষ্টি কৰিছিল। তেওঁ ৱমেন অৱ দ্য ৱালৰ সদস্য, আৰু তেওঁ কয় যে তেওঁ ধৰ্মীয় স্বাধীনতাৰ সৈতে নাৰীবাদৰ সংমিশ্ৰণ ঘটোৱা বিশ্বদৃষ্টিভংগীৰ সমৰ্থন কৰে।১ ২০১৪ চনৰ ৪ মাৰ্চত তেওঁ আৰু আমৰাম মিট্জনাক ইজৰাইল ডেম'ক্ৰেচি ইনষ্টিটিউটৰ ২০১৩ চনৰ অসাধাৰণ সংসদীয় বঁটা প্ৰদান কৰা হয়।২
২০১৫ চনৰ জানুৱাৰী মাহত ৰ'জিনে ইহুদী হোম পাৰ্টিৰ মুখ্য কাৰ্যালয়ৰ বাহিৰত সমলিংগ বিবাহৰ বিৰোধিতাৰ প্ৰতিবাদত মক গে বিয়া অনুষ্ঠিত কৰে।৩ নেচেটত আগুডাৰ এলজিবিটি অধিকাৰৰ সমৰ্থকসকলৰ ৰেংকিঙতো তেওঁ তৃতীয় স্থান লাভ কৰিছিল৷৪ তেওঁৰ আগত আছিল কেৱল সহযোগী মেৰেট্জ এম কে নিট্জান হ'ৰ'ৱিট্জ আৰু টামাৰ জেণ্ডবাৰ্গ।৩ ২০১৫ চনৰ নেচেট নিৰ্বাচনত দলৰ তালিকাত তেওঁ চতুৰ্থ স্থান৫আৰু ২০১৯ চনৰ এপ্ৰিল মাহৰ নিৰ্বাচনত তৃতীয় স্থানত পুনৰ নিৰ্বাচিত হয়। ২০২২ চনৰ ইজৰাইলৰ বিধানসভা নিৰ্বাচনত মেৰেট্জ তালিকাত তৃতীয় স্থান লাভ কৰিছিল যদিও মেৰেটজে নিৰ্বাচনী সীমা অতিক্ৰম কৰিব নোৱাৰাৰ বাবে তেওঁক পুনৰ নেচেটলৈ নিৰ্বাচিত কৰা হোৱা নাছিল৷
তথ্যসূত্ৰ
- ↑ Mazal Mualem. (19 May 2013). At Jerusalem's Western Wall: 'Not Only a Feminist Battle'. Al-Monitor
- ↑ The Outstanding Parliamentarian Award 2013
- ↑ Lahav Harkov. (25 January 2015). Meretz holds mock gay weddings to protest Bayit Yehudi's opposition. The Jerusalem Post
- ↑ דו"ח עוצמה Aguda
- ↑ Meretz list Central Elections Committee
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিচাল ৰ'জিন” প্ৰবন্ধৰ সংশোধন ৫১৭২১১ (১২ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।