পোছাক
৪ প্ৰবন্ধ
-
আউ পাক
আউ পাক (খ্মেৰ: អាវប៉ាក់, উচ্চাৰণ: aao pak) হ’ল কম্বোডিয়াৰ মহিলাসকলে পৰিধান কৰা এক পৰম্পৰাগত ব্লাউজ সদৃশ পোছাক। ইয়াৰ আক্ষৰিক অৰ্থ হৈছে “কাঢ়ি কৰা চোলা” বা সূচীকৰ্মেৰে সজোৱা চোলা (embroidery shirt)।
-
উপুহ উলেন-উলেন
উপুহ উলেন-উলেন হৈছে গায়োৰ প্ৰথাগত পৰিধান, যি সাধাৰণতে বিবাহ অনুষ্ঠান, পৰম্পৰাগত নৃত্য, আৰু বিভিন্ন ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠানত ব্যৱহাৰ কৰা হয়। কৰাং হৈছে স্থানীয় লোকসৃষ্টিকলা, যি পৰম্পৰাগত পোষাকত নক্সা হিচাপে ধাৰণা কৰা হয়। ইয়াত প্ৰাকৃতিক উপাদান আৰু সৃষ্টিশীলতাৰ মিশ্ৰণ দেখা যায়।
-
জাপানী কাপোৰ
জাপানত সাধাৰণতে দুইপ্ৰকাৰৰ কাপোৰ পিন্ধা হয়: জাপানৰ পৰম্পৰাগত কাপোৰ ৱাফুকু (和服, wafuku) আৰু পশ্চিমীয়া কাপোৰ (洋服, yōfuku)। জাতীয় সাজ কিমোনো হৈছে ৱাফুকু(和服, wafuku) আৰু জাপানৰ পৰম্পৰাগত সাজ-পোছাক হিচাপে স্বীকৃতি নোপোৱা বাকী সকলো ধৰণৰ পশ্চিমীয়া কাপোৰক ইৱফুকু (洋服, yōfuku) বুলি ধৰা হয়।
-
মাৰ্কুব
মাৰ্কুব (আৰবী: مركوب; বহুবচনত মাৰাকীব) হ’ল চুদানৰ পুৰুষৰ বাবে পশুপক্ষীৰ ছালেৰে নিৰ্মিত এক বিশেষ ধৰণৰ জোতা। বগা-পাগুৰি, জিল্লাবিয়া, ৱেষ্টকোট আৰু পটলুঙৰ সৈতে মাৰ্কুব চুদানৰ ৰাষ্ট্ৰীয় সাজ-পাৰৰ এক অবিচ্ছেদ্য অংশ। অতীতত ইয়াৰ মহিলা সংস্কৰণো আছিল যদিও বৰ্তমান ই বিৰল হৈ পৰিছে।