চুদান
৫ প্ৰবন্ধ
-
চুদান
চুদান (আৰবী: السودان, Sūdān), আনুষ্ঠানিকভাৱে চুদান গণৰাজ্য, উত্তৰ-পূৱ আফ্ৰিকাৰ এখন দেশ। ইয়াৰ উত্তৰত মিচৰ, পশ্চিমত চাদ, উত্তৰ-পশ্চিমত লিবিয়া, পূৱত লোহিত সাগৰ, দক্ষিণ-পূৱত ইৰিত্ৰিয়া আৰু ইথিঅ'পিয়া, আৰু দক্ষিণত দক্ষিণ চুদান অৱস্থিত।
-
চুদানী ৱিকিপিডিয়া
চুদানী ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ চুদানী সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান প্ৰবন্ধ আছে।
-
অ'লা আলশ্বেইখ
অ'লা আলশ্বেইখ, বা অ'লা আব্বাছ আলশ্বেইখ ওমৰ (عُلا عباس الشيخ عمر; জন্ম ওমডুৰমান, চুদান) এগৰাকী চুদানী মুক্ত-প্ৰাণ প্ৰামাণ্য আলোকচিত্ৰশিল্পী। তেওঁ মুখ্যতঃ খাৰ্তুমৰ দৈনন্দিন জীৱন আৰু সমাজিক ঘটনাসমূহ আলোকচিত্ৰত বন্দী কৰাৰ বাবে পৰিচিত।
-
জেম্মা নুনু কুম্বা
জেমা নুনু কুম্বা (ইংৰাজী: Jemma Nunu Kumba; জন্ম: ১৯৬৬) এগৰাকী দক্ষিণ চুদানৰ ৰাজনীতিবিদ। বৰ্তমান দক্ষিণ চুদানৰ লিংগ, শিশু আৰু সমাজ কল্যাণ মন্ত্ৰী। ২০০৪ চনত ব্যাপক শান্তি চুক্তিৰ আৰম্ভণিতে তেওঁ চুদান মহিলা সংসদীয় ককাছ প্ৰতিষ্ঠা কৰিছিল।
-
মাৰ্কুব
মাৰ্কুব (আৰবী: مركوب; বহুবচনত মাৰাকীব) হ’ল চুদানৰ পুৰুষৰ বাবে পশুপক্ষীৰ ছালেৰে নিৰ্মিত এক বিশেষ ধৰণৰ জোতা। বগা-পাগুৰি, জিল্লাবিয়া, ৱেষ্টকোট আৰু পটলুঙৰ সৈতে মাৰ্কুব চুদানৰ ৰাষ্ট্ৰীয় সাজ-পাৰৰ এক অবিচ্ছেদ্য অংশ। অতীতত ইয়াৰ মহিলা সংস্কৰণো আছিল যদিও বৰ্তমান ই বিৰল হৈ পৰিছে।