মাইক্ৰ'প্লাষ্টিক (Microplastics) হৈছে "নিয়মীয়া বা অনিয়মীয়া আকৃতিৰ এনে কিছুমান কৃত্ৰিম কঠিন কণা বা পলিমেৰিক মেট্ৰিচ, যাৰ আকাৰ ১ মাইক্ৰʼমিটাৰৰ পৰা ৫ মিলিমিটাৰলৈকে, উৎপত্তিৰ দিশৰ পৰা যিবোৰ প্ৰাথমিক বা গৌণ মূলৰ, যিবোৰ পানীত অদ্ৰৱণীয়।"১ মাইক্ৰʼপ্লাষ্টিক মানুহৰ স্বাস্থ্য আৰু পৰিৱেশৰ বাবে বিপজ্জনক কাৰণ ইয়াত ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ থাকে যিবোৰ পিছলৈ বায়ু, পানী আৰু খাদ্যলৈ বিয়পে।
মাইক্ৰʼপ্লাষ্টিকে প্ৰসাধন সামগ্ৰী, কাপোৰ, নিৰ্মাণ, পুনঃসংস্কাৰ, খাদ্য পেকেজিং, আৰু ঔদ্যোগিক প্ৰক্ৰিয়াকে ধৰি বিভিন্ন উৎসৰ পৰা প্ৰাকৃতিক পৰিৱেশ তন্ত্ৰত প্ৰৱেশ কৰি প্ৰদূষণৰ সৃষ্টি কৰে।
মাইক্ৰ'প্লাষ্টিক শব্দটো ডাঙৰ, অ-মাইক্ৰস্কোপিক প্লাষ্টিক আৱৰ্জনাসমূহৰ পৰা মাইক্ৰʼপ্লাষ্টিকক পৃথক কৰিবলৈ ব্যৱহাৰ কৰা হয়। মাইক্ৰ’প্লাষ্টিকসমূহৰ দুটা শ্ৰেণীবিভাজন বৰ্তমান স্বীকৃতিপ্ৰাপ্ত। প্ৰাথমিক মাইক্ৰʼপ্লাষ্টিকত যিকোনো প্লাষ্টিকৰ টুকুৰা বা কণা অন্তৰ্ভুক্ত থাকে যিবোৰ পৰিৱেশত প্ৰৱেশ কৰাৰ আগতে ইতিমধ্যে ৫ মিমি বা তাতকৈ কম আকাৰৰ হয়। ইয়াৰ ভিতৰত আছে কাপোৰৰ মাইক্ৰʼফাইবাৰ, মাইক্ৰʼবিড, প্লাষ্টিকৰ গ্লিটাৰ২ আৰু প্লাষ্টিকৰ ছুৰি বা পেলেট (নাৰ্ডল বুলিও কোৱা হয়)।৩৪৫ গৌণ মাইক্ৰ’প্লাষ্টিকসমূহ পৰিৱেশত প্ৰৱেশ কৰাৰ পিছত প্ৰাকৃতিক বতৰ পৰিৱৰ্তন প্ৰক্ৰিয়াৰ জৰিয়তে বৃহৎ প্লাষ্টিক সামগ্ৰীৰ অৱক্ষয় (বিভাজন)ৰ পৰাই উদ্ভৱ হয়। গৌণ মাইক্ৰ’প্লাষ্টিকৰ এনে উৎসসমূহৰ ভিতৰত পানী আৰু চ’ডাৰ বটল, মাছ ধৰা জাল, প্লাষ্টিকৰ বেগ, মাইক্ৰৱেভৰ পাত্ৰ, চাহৰ বেগ আৰু টায়াৰৰ আৱৰণ আদি অন্যতম।৬৫৭৮
দুয়োটা প্ৰকাৰেই বিভিন্ন স্তৰত পৰিৱেশত তিষ্ঠি থাকে, বিশেষকৈ জলজ আৰু সামুদ্ৰিক পৰিস্থিতিতন্ত্ৰত, যʼত ইহঁতে জল প্ৰদূষণৰ সৃষ্টি কৰে।৯
সকলো সাগৰীয় মাইক্ৰ'প্লাষ্টিকৰ প্ৰায় ৩৫% বস্ত্ৰ/কাপোৰৰ পৰা আহে, মূলতঃ পলিয়েষ্টাৰ, এক্ৰিলিক বা নাইলন ভিত্তিক কাপোৰৰ ক্ষয়ৰ বাবে, প্ৰায়ে ধোৱা প্ৰক্ৰিয়াৰ সময়ত।১০ বায়ু আৰু স্থলজ পৰিৱেশ তন্ত্ৰতো মাইক্ৰ'প্লাষ্টিক জমা হয়। বায়ুবাহিত মাইক্ৰ'প্লাষ্টিকসমূহ বায়ুমণ্ডলৰ লগতে ঘৰৰ ভিতৰত আৰু বাহিৰতো পোৱা গৈছে।
যিহেতু প্লাষ্টিক লাহে লাহে অৱক্ষয় হয় (প্ৰায়ে শ শ বছৰৰ পৰা হাজাৰ হাজাৰ বছৰৰ ভিতৰত),১১১২ সেয়ে মাইক্ৰ'প্লাষ্টিকসমূহ বহু জীৱৰ শৰীৰ আৰু কলাত প্ৰৱেশ, অন্তৰ্ভুক্তি আৰু জমা হোৱাৰ সম্ভাৱনা অধিক। মহাসাগৰ আৰু জলপ্ৰবাহ দুয়োটাৰ পৰা অহা বিষাক্ত ৰাসায়নিক পদাৰ্থসমূহে খাদ্য শৃংখলক জৈৱ-বিবৰ্ধিত কৰিব পাৰে।১৩১৪ স্থলজ পৰিৱেশ তন্ত্ৰত মাইক্ৰ’প্লাষ্টিকে মাটিৰ পৰিৱেশ তন্ত্ৰৰ জীৱন ধাৰণ ক্ষমতা হ্ৰাস কৰা বুলি প্ৰমাণিত হৈছে।১৫১৬ ২০২৩ চনলৈকে, পৰিৱেশত মাইক্ৰ’প্লাষ্টিকৰ চক্ৰ আৰু গতিৰ বিষয়ে সম্পূৰ্ণৰূপে জনা নগৈছিল। চীনৰ গভীৰ স্তৰ সামুদ্ৰিক পলস জৰীপ (২০২০)ত প্লাষ্টিক আৱিষ্কাৰতকৈ বহু পুৰণি জমা স্তৰসমূহতো প্লাষ্টিকৰ উপস্থিতি পোৱা গৈছে, যাৰ ফলত পৃষ্ঠৰ নমুনা সামুদ্ৰিক জৰীপত মাইক্ৰʼপ্লাষ্টিকৰ সন্দেহজনক অৱমূল্যায়ন হৈছে।
ৰাসায়নিক অপক্ষয় প্ৰক্ৰিয়া, যান্ত্ৰিক বিচ্ছিন্নতা, আনকি প্ৰাণীৰ পাচন প্ৰক্ৰিয়াৰ জৰিয়তেও মাইক্ৰ’প্লাষ্টিকসমূহ সৰু সৰু নেন’প্লাষ্টিকলৈ ভাঙি যোৱাৰ সম্ভাৱনা থাকে। নেনʼপ্লাষ্টিক হৈছে মাইক্ৰʼপ্লাষ্টিকসমূহৰ এটা উপগোট আৰু ই ১ মাইক্ৰʼমিটাৰ (১ মাইক্ৰ'মিটাৰ = ১০০০ নেনʼমিটাৰ)তকৈও সৰু হয়। নেন’প্লাষ্টিক মানুহে খালি চকুৰে দেখা নাপায়।১৭
তথ্য সংগ্ৰহ
উৎস
- Howell N., Lavers J., Paterson D., Garrett R. & Banati R. 2012, Trace metal distribution in feathers from migratory, pelagic birds, Australian Nuclear Science and Technology Organisation, accessed 3 May 2014.
- Emsley J. 2011, Nature's Building Blocks, new edition, Oxford University Press, Oxford, .
অধিক পঢ়ক
- (March 2023). Sources, Pathways and Environmental Fate of Microplastics. EPA (Ireland)
বাহ্যিক সংযোগ
- Evidence for microplastics in human lungs
- NOAA Marine Debris Program
- Microplastic in food, water, and air study. 2024
- Greenpeace plastic campaign
তথ্যসূত্ৰ
- ↑ Frias; Nash, Roisin. (January 2019). Microplastics: Finding a consensus on the definition. Marine Pollution Bulletin. পৃ. 145–147
- ↑ Green; Jefferson, Megan; Boots, Bas. (January 2021). All that glitters is litter? Ecological impacts of conventional versus biodegradable glitter in a freshwater habitat. Journal of Hazardous Materials. পৃ. 124070
- ↑ Cole; Lindeque, P; Fileman, E. (2013). Microplastic Ingestion by Zooplankton. Environmental Science & Technology. পৃ. 6646–6655
- ↑ Where Does Marine Litter Come From?. Marine Litter Facts. British Plastics Federation
- ↑ Boucher; Friot, Damien. (2017). Primary microplastics in the oceans: A global evaluation of sources. ISBN 978-2-8317-1827-9
- ↑ Kovochich; Liong, M; Parker, JA. (February 2021). Chemical mapping of tire and road wear particles for single particle analysis. Science of the Total Environment. পৃ. 144085
- ↑ Conkle; Báez Del Valle, CD; Turner, JW. (2018). Are We Underestimating Microplastic Contamination in Aquatic Environments?. Environmental Management. পৃ. 1–8
- ↑ (11 July 2019). Plastic free July: How to stop accidentally consuming plastic particles from packaging. Stuff
- ↑ Development solutions: Building a better ocean. European Investment Bank
- ↑ Resnick, Brian. (19 September 2018). More than ever, our clothes are made of plastic. Just washing them can pollute the oceans.. Vox
- ↑ Chamas; Moon, Hyunjin; Zheng, Jiajia. (2020). Degradation Rates of Plastics in the Environment. ACS Sustainable Chemistry & Engineering. পৃ. 3494–3511
- ↑ (2018). Freshwater Microplastics. The Handbook of Environmental Chemistry. Springer. পৃ. 51–67. ISBN 978-3-319-61614-8 See Section 3, "Environmental Degradation of Synthetic Polymers"
- ↑ Grossman, Elizabeth. (15 January 2015). How Plastics from Your Clothes Can End up in Your Fish. Time
- ↑ (20 January 2017). https://4ocean.com/blogs/blog/how-long-does-it-take-trash-to-biodegrade
- ↑ Why food's plastic problem is bigger than we realise. www.bbc.com
- ↑ Nex. (2021). How to garden the low carbon way: the steps you can take to help combat climate change. DK. ISBN 978-0-7440-2928-4
- ↑ (22 Apr 2022). Microplastics Research. US EPA
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাইক্ৰʼপ্লাষ্টিক” প্ৰবন্ধৰ সংশোধন ৬৩৪৪০৫ (৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।