অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মনসা বাৰাণসী

মনসা বাৰাণসী (: Manasa Varanasi জন্ম ২১ মাৰ্চ ১৯৯৭); এগৰাকী ভাৰতীয় সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে ফেমিনা মিছ ইণ্ডিয়া ২০২০ৰ মুকুট পিন্ধিছিল। প’ৰ্ট’ ৰিকোৰ ছান জুয়ানত অনুষ্ঠিত হোৱা মিছ ৱৰ্ল্ড ২০২১ত ভাৰতক প্ৰতিনিধিত্ব কৰি শীৰ্ষ ১৩ত স্থান লাভ কৰে।

হালনাগাদ: ৬ ফেব্ৰুৱাৰী ২০২৬ ২২৪ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

মনসা বাৰাণসী (: Manasa Varanasi জন্ম ২১ মাৰ্চ ১৯৯৭); এগৰাকী ভাৰতীয় সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে ফেমিনা মিছ ইণ্ডিয়া ২০২০ৰ মুকুট পিন্ধিছিল। ১ প’ৰ্ট’ ৰিকোৰ ছান জুয়ানত অনুষ্ঠিত হোৱা মিছ ৱৰ্ল্ড ২০২১ত ভাৰতক প্ৰতিনিধিত্ব কৰি শীৰ্ষ ১৩ত স্থান লাভ কৰে।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

মনসা বাৰাণসীৰ জন্ম হৈছিল হায়দৰাবাদত পিতৃ ৰবি শংকৰ আৰু মাতৃ শৈলাজৰ ঘৰত।২ পিতৃৰ কৰ্ম সূত্ৰে কম বয়সতে পিতৃৰ সৈতে মালয়েছিয়ালৈ গুচি যায় আৰু তাতেই গ্ল’বেল ইণ্ডিয়ান ইণ্টাৰনেশ্যনেল স্কুলত পঢ়ি দশম শ্ৰেণী সম্পূৰ্ণ কৰে। পিছলৈ তেওঁ ভাৰতলৈ উভতি আহে, আৰু ইণ্টাৰমিডিয়েট সম্পূৰ্ণ কৰি তাৰ পিছত হায়দৰাবাদৰ বাসৱী কলেজ অৱ ইঞ্জিনিয়াৰিংত কম্পিউটাৰ বিজ্ঞান অধ্যয়ন কৰে। কম্পিউটাৰ বিজ্ঞানৰ ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ হায়দৰাবাদৰ ফেক্টছেটত বিত্তীয় তথ্য বিনিময় বিশ্লেষক হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে।৩ কলেজৰ প্ৰথম বৰ্ষত তেওঁ মিছ ফ্ৰেছাৰৰ খিতাপ লাভ কৰে। ৪

প্ৰদৰ্শন

২০২১ চনৰ ১০ ফেব্ৰুৱাৰীত তেলেংগানা ৰাজ্যক প্ৰতিনিধিত্ব কৰি ২০২০ চনৰ ফেমিনা মিছ ইণ্ডিয়া ২০২০ৰ সন্মান লাভ কৰে। মুম্বাইৰ হায়াট ৰিজেন্সিত বিদায়ী খিতাপধাৰী মিছ ৱৰ্ল্ড ২০১৯ৰ দ্বিতীয় ৰানাৰ্ছ আপ আৰু মিছ ৱৰ্ল্ড এছিয়া সুমন ৰাৱে ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড ২০২০ হিচাপে মুকুট পিন্ধায়। প্ৰতিযোগিতাখনৰ উপ-প্ৰতিযোগিতা অনুষ্ঠানৰ সময়ত তেওঁ মিছ ৰেম্পৱাক বঁটা লাভ কৰে।৫ ২০২২ চনৰ ১৬ মাৰ্চত প’ৰ্ট’ ৰিকোৰ ছান জুয়ানৰ কোকাকোলা মিউজিক হলত মিছ ৱৰ্ল্ড ২০২১ত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।

এডভোকেচি

মনসা বাৰাণসীয়ে এটা উদ্দেশ্যপ্ৰণোদিত প্ৰকল্পৰে নিজৰ সৌন্দৰ্য্যৰ বাবে ভাৰতত শিশু সুৰক্ষা আইন শক্তিশালী কৰাৰ পোষকতা কৰিছিল। শিশুৰ যৌন নিৰ্যাতনৰ বিৰুদ্ধে সজাগতা অভিযান "We Can"ৰ বিষয়েও তেওঁ বক্তব্য ৰাখে।৬৭৮

চিনেমা পঞ্জী

বছৰৰ শিৰোনাম ভূমিকা টোকা ২০২৪ দেৱকী নন্দন বাসুদেৱ সত্য ৯

তথ্যসূত্ৰ

  1. ↑ Meet Manasa Varanasi, the 24-year old Miss India 2020 Winner From Telangana. makers.yahoo.com
  2. ↑ My goal now is to bring home the Miss World crown: Manasa Varanasi - Times of India. The Times of India
  3. ↑ (11 February 2021). Who is Manasa Varanasi, winner of Miss India 2020?. indianexpress.com
  4. ↑ (2021-12-27). Manasa Varanasi Biography: Birth, Age, Family, Height, Weight, Education, Career and More. Jagranjosh.com
  5. ↑ (11 February 2021). Telangana's Manasa Varanasi crowned VLCC Femina Miss India World 2020. thehindu.com
  6. ↑ (5 September 2021). Campaign against child abuse launched. The Hindu
  7. ↑ (7 September 2021). Manasa Varanasi supports campaign to protect children - Times of India. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  8. ↑ Femina Miss India World 2020 Manasa Varanasi On Her Dreams & Achievements. femina.in
  9. ↑ Harsh, B. H. (2024-11-21). Manasa Varanasi: It was a challenge to embrace the 'mass' element. Cinema Express

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মনসা বাৰাণসী” প্ৰবন্ধৰ সংশোধন ৫৭৪৬৪৮ (৬ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।