মই ভাল দেউতা হ'ব নোৱাৰিলোঁ (Moi Val Deuta Hobo Nuarilu) হৈছে অসমীয়া সাহিত্যিক, শিক্ষাবিদ মইনা গোস্বামীয়ে ৰচনা কৰা এখন উপন্যাস।১
লেখকৰ চমু পৰিচয়
মূল প্ৰবন্ধ: মইনা গোস্বামী
মইনা গোস্বামী হৈছে অসমৰ এজন বিশিষ্ট চিন্তাবিদ, লেখক আৰু নাট্যকাৰ। সুলেখক মইনা গোস্বামী দীৰ্ঘদিন ধৰি শিক্ষকতাৰ লগত জড়িত। শিক্ষকতাৰ কালছোৱাত তেখেতে অৰ্জন কৰিছিল বিচিত্ৰ-বৰ্ণিল অভিজ্ঞতা আৰু উপলব্ধি৷ ২তেওঁ সচেতন সতীৰ্থ আৰু কঠীয়া আলোচনীৰ সম্পাদনাৰ সৈতে জড়িত। কেইবাখনো নাটক, শিশুগ্ৰন্থকে ধৰি তেওঁৰ মুঠ প্ৰকাশিত গ্ৰন্থ চৈধ্যখন। সংস্কৃতি মানুহৰ সংগ্ৰামৰ অস্ত্ৰ, গণবোধ সৃষ্টিৰ অমোঘ মন্ত্ৰ, মোক বন্ধু কৰি লোৱা, সূৰ্য এদিন সকলোৰে বাবে উদয় হ'ব আদি তেওঁৰ কেইখনমান গ্ৰন্থ। ৩
তথ্যসূত্ৰ
- ↑ মইনা গোস্বামী. মই ভাল দেউতা হ'ব নোৱাৰিলো. আঁক-বাঁক. ISBN 978-93-90610-18-1
- ↑ ঈশান. (৬ জুলাই,২০২১). মই ভাল শিক্ষক হ'ব নোৱাৰিলোঁ. you tube. কথাবৃক্ষ- Books, Movies and Thoughts
- ↑ মইনা গোস্বামী. (জানুৱাৰী,২০১৩). মই ভাল শিক্ষক হ'ব নোৱাৰিলোঁ. আঁক-বাঁক. ISBN 978-93-82726-16-6
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মই ভাল দেউতা হ'ব নোৱাৰিলোঁ (গ্ৰন্থ)” প্ৰবন্ধৰ সংশোধন ৫২৭৩৪৩ (২৫ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।