ভূপেন চেতিয়া (BHUPEN CHETIA) হৈছে এগৰাকী কণ্ঠশিল্পী, গীতিকাৰ, চেতাৰ বাদক আৰু শাস্ত্ৰীয় সংগীতৰ সাধক।১
শিক্ষা
- ১৯০৭ চনত সংগীত-কলাৰ সাধনাৰ বাবে আন্তৰ্জাতিক কলা কেন্দ্ৰ শান্তিনিকেতনলৈ যায়। তাত দুবছৰ থাকি শাস্ত্ৰীয় সংগীত সাধনা আৰু চেতাৰ,বেহেলা আদি বাদ্যৰ চৰ্চা কৰিছিল।২
চাকৰি জীৱন
- নাজিৰাৰ সংগীত মহাবিদ্যালয়ত সংগীতৰ শিক্ষকতা কৰিছিল।
- দুলীয়াজান সংগীত মহাবিদ্যালয়ত অধ্যক্ষতা কৰাৰ উপৰিও শিৱসাগৰ সেউজীয়া সংগীত মহাবিদ্যালয়ত শিক্ষকতা কৰিছিল।৩
বঁটা আৰু সন্মান
- আন্তৰ্জাতিক ভাবে খ্যাত সম্পন্ন শিল্পী ভূপেন হাজৰিকাই চেতিয়াৰ চেটাৰ বাদনত মুগ্ধ হৈ তেখেতক "অসমৰ ৰবি শংকৰ" আখ্যা দিছিল।৪
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভূপেন চেতিয়া” প্ৰবন্ধৰ সংশোধন ২৯৭৩২১ (১৫ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।