অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ভাৱনা কান্থ

ভাৱনা কান্থ ( Bhawana Kanth) ভাৰতৰ প্ৰথম মহিলা যুঁজাৰু পাইলটসকলৰ ভিতৰত অন্যতম। তেওঁৰ দুজন ক’হৰ্ট মোহনা সিং জিতৰৱাল আৰু অৱনী চতুৰ্বেদীৰ সৈতে তেওঁক প্ৰথম কম্বেট পাইলট হিচাপে ঘোষণা কৰা হয়।

হালনাগাদ: ১১ ফেব্ৰুৱাৰী ২০২৫ ২৫৮ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

, অৱনী চতুৰ্বেদী আৰু ভৱন কান্থ]]

ভাৱনা কান্থ ( Bhawana Kanth) ভাৰতৰ প্ৰথম মহিলা যুঁজাৰু পাইলটসকলৰ ভিতৰত অন্যতম।১২৩ তেওঁৰ দুজন ক’হৰ্ট মোহনা সিং জিতৰৱাল আৰু অৱনী চতুৰ্বেদীৰ সৈতে তেওঁক প্ৰথম কম্বেট পাইলট হিচাপে ঘোষণা কৰা হয়। ২০১৬ চনৰ জুন মাহত এই Trio ক ভাৰতীয় বায়ুসেনাৰ যুঁজাৰু স্ক্ৱাড্ৰনত অন্তৰ্ভুক্ত কৰা হয় আৰু প্ৰতিৰক্ষা মন্ত্ৰী মনোহৰ পাৰিকাৰে আনুষ্ঠানিকভাৱে নিযুক্তি দিয়ে।৪

ভাৰত চৰকাৰে পৰীক্ষামূলক ভিত্তিত ভাৰতীয় বায়ুসেনাত মহিলাৰ বাবে যুঁজাৰু বিমানৰ ধাৰা মুকলি কৰাৰ সিদ্ধান্ত লোৱাৰ পিছত এই তিনিগৰাকী মহিলাক প্ৰথমে এই কাৰ্যসূচীৰ বাবে নিৰ্বাচিত কৰা হয়।৫ ২০১৯ চনৰ মে' মাহত তেওঁ ভাৰতৰ প্ৰথমগৰাকী মহিলা যুঁজাৰু পাইলট হিচাপে যুদ্ধ অভিযান গ্ৰহণৰ বাবে যোগ্যতা অৰ্জন কৰে।৬

প্ৰাথমিক জীৱন

১৯৯২ চনৰ ১ ডিচেম্বৰত বিহাৰৰ দৰভংগাত ভাৱনাৰ জন্ম হৈছিল। তেওঁৰ পিতৃ তেজ নাৰায়ণ কান্থ ভাৰতীয় তেল নিগমৰ এজন বৈদ্যুতিক অভিযন্তা আৰু মাতৃ ৰাধা কান্থ এগৰাকী গৃহিনী।৭ কান্থে খো খো, বেডমিণ্টন, সাঁতোৰ আৰু চিত্ৰকলাৰ দৰে খেলৰ প্ৰতি আকৰ্ষিত আছিল।৮

শিক্ষা

কান্থে বৰাউনী শোধনাগাৰৰ ডি এ ভি পাব্লিক স্কুলৰ পৰা স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰে।২ ৰাজস্থানৰ কোটাত অভিযান্ত্ৰিক প্ৰৱেশ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলায় আৰু অধিক অধ্যয়নৰ বাবে বেংগালুৰুৰ বিএমএছ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা মেডিকেল ইলেক্ট্ৰনিক্সত অভিযান্ত্ৰিক স্নাতকত যোগদান কৰে।৯ ২০১৪ চনত তেওঁ স্নাতক ডিগ্ৰী লাভ কৰে আৰু আই টিৰ দৈত্য টাটা কনছালটেন্সি চাৰ্ভিচেছৰ বাবে নিযুক্তি লাভ কৰে।৮

কৰ্মজীৱন

ত নাৰী শক্তি বঁটাপ্ৰাপকসকলৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী]]

ভাৱনাই সদায় বিমান উৰণৰ সপোন দেখিছিল।১০ তেওঁ বায়ুসেনাৰ কমন এডমিছন টেষ্ট দিছিল আৰু বায়ুসেনাত কমিচন দিবলৈ নিৰ্বাচিত হৈছিল।১১ ষ্টেজ ১ প্ৰশিক্ষণৰ অংশ হিচাপে তাই যুঁজাৰু ধাৰাত যোগদান কৰে।

২০১৬ চনৰ জুন মাহত কান্থে হায়দৰাবাদৰ হাকিম্পেট বায়ুসেনা ষ্টেচনত কিৰণ ইণ্টাৰমিডিয়েট জেট প্ৰশিক্ষকৰ ওপৰত ছমাহ দীঘলীয়া দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ লয় আৰু তাৰ কিছু সময়ৰ পিছতে তেওঁ একে বছৰতে ডাণ্ডিগালৰ বায়ুসেনা একাডেমীত কম্বাইণ্ড গ্ৰেজুৱেচন পেৰেড বসন্তকালীন টাৰ্মত ফ্লাইং অফিচাৰ হিচাপে কমিচন লাভ কৰে।৯৩

ভাৱনাই এ এফ এছ বিদাৰত হক এডভান্স জেট প্ৰশিক্ষক উৰুৱাইছিল১২ আৰু তেওঁক আৰু তেওঁৰ দলৰ আন দুজন সদস্যক এম আই জি ২১ বাইছন স্কোয়াড্ৰনলৈ স্থানান্তৰ কৰাৰ পৰিকল্পনা কৰা হৈছে।৫ ২০১৮ চনৰ ১৬ মাৰ্চত উৰণ বিষয়া ভৱনা কান্থে মিগ-২১ ‘বাইছন’ৰ একক বিমান যাত্ৰা কৰে। আম্বালা বায়ুসেনা ষ্টেচনৰ পৰা প্ৰায় ১৪০০ ঘণ্টাত মিগ-২১ৰ একক বিমান যাত্ৰা কৰে।১৩

কান্থে কিছুমান মডেলিং এচাইনমেণ্টো চেষ্টা কৰিছিল আৰু ছপা বিজ্ঞাপনত দেখা দিছিল।৮

২০২০ চনৰ ৯ মাৰ্চত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে তেওঁক নাৰী শক্তিৰ সন্মানেৰে সন্মানিত কৰে।১৪

ভাৰতীয় বায়ুসেনাৰ ৩ নং স্কোয়াড্ৰন কব্ৰাত তেওঁক নিযুক্তি দিয়া হৈছে।১৫

তথ্যসূত্ৰ

  1. ↑ Meet The Trio Who Will Be India's First Women Fighter Pilots. NDTV.com
  2. ↑ Latest Current Affairs and News About Bhawana Kanth - Current Affairs Today. currentaffairs.gktoday.in
  3. ↑ Mohammed, Syed. (19 June 2016). For IAF's first women fighter pilots Mohana Singh, Bhawana Kanth & Avani Chaturvedi, sky is no limit. The Economic Times
  4. ↑ Krishnamoorthy, Suresh. (18 June 2016). First batch of three female fighter pilots commissioned. The Hindu
  5. ↑ Air Force's First 3 Women Fighter Pilots May Fly Mig-21 Bisons From November. NDTV.com
  6. ↑ Gurung, Shaurya Karanbir. (22 May 2019). Bhawana Kanth becomes 1st fighter pilot to qualify to undertake combat missions. The Economic Times
  7. ↑ India's First Women Fighter Pilots Get Wings. NDTV.com
  8. ↑ Supported by parents, Bhawana Kanth to script IAF history, become a fighter pilot. News18
  9. ↑ (18 June 2016). Landmark event in IAF history: Meet India's first 3 women fighter pilots. Firstpost
  10. ↑ (5 October 2017). First three women Air Force fighter pilots to be commissioned in December. Zee News
  11. ↑ Meet country's first women fighter pilots- The Times of India. The Times of India
  12. ↑ (9 April 2017). India's First 3 Female Fighter Pilots Will Now Learn Aerial Combat Tricks!. IndiaTimes
  13. ↑ Team, Editorial. (19 March 2018). Interesting Facts about Bhawana Kanth – 2nd Woman to Fly MiG-21 solo. SSBToSuccess
  14. ↑ (9 March 2020). Flying MiG-21 Bison matter of pride: Flt Lt Bhawana Kanth. Livemint
  15. ↑ Bhawana Kanth Is India's First Woman Pilot to Qualify for Combat Missions. NDTV

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ নাৰীভাৰতীয় পাইলট

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৱনা কান্থ” প্ৰবন্ধৰ সংশোধন ৪৭৫২৪২ (১১ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।