ভাৰতৰ শাস্ত্ৰীয় নৃত্য
১১ প্ৰবন্ধ
-
সত্ৰীয়া নৃত্য
সত্ৰীয়া নৃত্য অসমত বিকশিত ভাৰতীয় শাস্ত্ৰীয় নৃত্যধাৰা, যাৰ শিকড় মহাপুৰুষ শংকৰদেৱে প্ৰতিষ্ঠা কৰা সত্ৰসমূহৰ ভক্তি-সংস্কৃতিত নিহিত। সংগীত নাটক একাডেমীয়ে একে ভাৰতৰ শাস্ত্ৰীয় নৃত্যসমূহৰ ভিতৰত স্বীকৃতি দিছে আৰু সত্ৰসমূহে এই নৃত্যক সংৰক্ষণ, শৃংখলাবদ্ধ আৰু পৰিশীলিত কৰি আহিছে।
-
ভাৰতনাট্যম
ভাৰতনাট্যম (Bharat Natyam) দক্ষিণ ভাৰতৰ প্ৰধান শাস্ত্ৰীয় নৃত্যকলা। ভাৰতনাট্যমত ভাব, ৰাগ আৰু তালৰ অপূৰ্ব সমন্বয় ঘটিছে। অনেকৰ মতে এই তিনিটা শব্দৰ প্ৰথম বৰ্ণকেইটা লৈয়ে ভাৰতনাট্যম শব্দটোৰ সৃষ্টি হৈছে। আন কিছুমানে ক’ব বিচাৰে যে ভৰত মুণিয়ে প্ৰবৰ্তন কৰিছিল বাবে এই নৃত্যকলাৰ নাম ভাৰতনাট্যম হয়।
-
কথক
কথক নৃত্য (ইংৰাজী: Kathak Dance) ভাৰতৰ অন্যতম শাস্ত্ৰীয় নৃত্যকলা। উত্তৰ ভাৰতত জন্ম লাভ কৰা এই নৃত্যত হিন্দু আৰু মুছলমান উভয় সংস্কৃতিৰে প্ৰভাৱ পৰিছে। এই নৃত্যশৈলীৰ চৰ্চা ষোড়শ শতিকাৰো আগৰেপৰা চলি আহিছে। ‘কথক’ শব্দটো সংস্কৃত ভাষাৰ পৰা আহিছে। কথকৰ অৰ্থ হৈছে কথাৰ বৰ্ণনা দিয়া।
-
ভাৰতৰ শাস্ত্ৰীয় নৃত্য
ভাৰতীয় শাস্ত্ৰীয় নৃত্য বুলিলে সাধাৰণতে পৰম্পৰাগত হিন্দু ধৰ্মীয় সংগীতিক থিয়েটাৰৰ শৈলীত কৰা পৰিবেশ্য কলাক বুজা যায়, এইসমূহৰ তত্ত্ব আৰু অনুশীলন সংস্কৃত ভাষাৰ গ্ৰন্থ নৃত্যশাস্ত্ৰত পোৱা যায়। উৎস আৰু গৱেষকৰ ওপৰত নিৰ্ভৰ কৰি স্বীকৃতিপ্ৰাপ্ত ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ সংখ্যা আঠটা বা ততোধিক হ'ব পাৰে।
-
ওড়িছী নৃত্য
ওড়িছী নৃত্য (ইংৰাজী: Odissi Dance) ভাৰতৰ প্ৰাচীন শাস্ত্ৰীয় নৃত্যকলা। এই নৃত্যৰ উৎপত্তি আৰু বিকাশ হৈছিল ওড়িশাত। মূলতঃ মন্দিৰৰ দেৱদাসী সকলে পৰিৱেশন কৰা এই নৃত্যই পাছলৈ ৰাজসভাতো ঠাই পায়। ওড়িছী নৃত্যত মুঠ ১০৮ বিধ মূল নৃত্য শৈলী পোৱা যায়।
-
কথাকলি
কথাকলি নৃত্য (ইংৰাজী: Kathakali Dance) ভাৰতৰ অন্যতম শাস্ত্ৰীয় নৃত্যকলা। এই নৃত্যৰ জন্মস্থান কেৰালা। ‘কথা’ বা ‘কথ’ শব্দৰ অৰ্থ কাহিনী; আৰু ‘কলি’ শব্দৰ অৰ্থ অভিনয়। সামগ্ৰিকভাৱে কথাকলি শব্দৰ অভিধানিক অৰ্থ অভিনয় বা নাটক। এই নৃত্যৰ উদ্ভৱ হয় সপ্তদশ শতিকাত।
-
কুচিপুড়ি
কুচিপুড়ি (Kuchipudi) ভাৰতৰ শাস্ত্ৰীয় নৃত্যৰ এটা প্ৰধান শাস্ত্ৰীয় নৃত্য শৈলী। সপ্তদশ শতিকাত ভক্তি আন্দোলনৰ ফলস্বৰূপে অন্ধ্ৰপ্ৰদেশৰ কুচিপুড়ি নামৰ গাঁৱত এই নৃত্যকলাৰ জন্ম হয়।
-
মণিপুৰী নৃত্য
মণিপুৰী নৃত্য (Manipuri Dance) ভাৰতৰ সংগীত নাটক একাডেমীয়ে স্বীকৃতি দিয়া আঠটা শাস্ত্ৰীয় নৃত্যৰ ভিতৰত অন্যতম। ই এক মসৃণ, মহিমামণ্ডিত আৰু কাৰিকৰীভাৱে কিছু সহজ নৃত্য। মণিপুৰী নৃত্য মণিপুৰৰ এক সমৃদ্ধিশালী লোকনৃত্য। লোক পৰম্পৰা আৰু আচাৰ ব্যৱহাৰৰ সৈতে জড়িত ভিন ভিন প্ৰকাৰৰ মণিপুৰী নৃত্য আছে।
-
মোহিনীঅট্টম
মোহিনীঅট্টম (Mohiniyattam, മോഹിനിയാട്ടം)) নৃত্য ভাৰতৰ সংগীত নাটক একাডেমীৰ দ্বাৰা স্বীকৃত আঠটা শাস্ত্ৰীয় নৃত্যকলাৰ ভিতৰত অন্যতম। এই নৃত্যৰ জন্ম কেৰালাত। খ্ৰীষ্টীয় ষষ্ঠদশ শতিকাত উদ্ভৱ হোৱা এই নৃত্যকলা প্ৰধানকৈ নাৰীসকলে এককভাৱে পৰিবেশন কৰে।
-
মধুমিতা ৰাউত
মধুমিতা ৰাউত (Madhumita Raut) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় ওড়িছী নৃত্যশিল্পী। তেওঁ ১৯৫০-ৰ দশকত শাস্ত্ৰ-আধাৰিত জ্ঞানেৰে ভাৰতীয় শাস্ত্ৰীয় নৃত্য ওড়িছীক পুনৰুজ্জীৱিত কৰিছিল।
-
গৌড়ীয় নৃত্য
গৌড়ীয় নৃত্য (Gaudiya Nritya) হʼল এবিধ ভাৰতীয় বঙালী পৰম্পৰাগত শাস্ত্ৰীয় নৃত্যকলা। প্ৰাচীনকালতেই ভাৰতীয় উপমহাদেশত বঙ্গীয় অঞ্চলৰ মন্দিৰসমূহত এই নৃত্যবিধৰ উৎপত্তি হৈছিল। বংগৰ প্ৰাচীন কাব্যগ্ৰন্থসমূহত গৌড়ীয় নৃত্যৰ উল্লেখ পোৱা যায়।