অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

বোকা ভাওনা

বোকাখেচা ভাওনা, বোকা ভাওনা বা পেঁকযাত্ৰা হৈছে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে নন্দোৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত এক ভাওনা বিশেষ। বোকা খেচি আনন্দোল্লাস কৰা হয় বাবে এই অনুষ্ঠানৰ নাম বোকাখেচা বা বোকা ভাওনা হৈছে।

হালনাগাদ: ২৪ নৱেম্বৰ ২০২৪ ৩৯৮ শব্দ · ২ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

বোকাখেচা ভাওনা, বোকা ভাওনা বা পেঁকযাত্ৰা হৈছে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে নন্দোৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত এক ভাওনা বিশেষ। বোকা খেচি আনন্দোল্লাস কৰা হয় বাবে এই অনুষ্ঠানৰ নাম বোকাখেচা বা বোকা ভাওনা হৈছে। মূলত অসমৰ দুটা স্থান ক্ৰমে নগাঁও জিলা পুৰণিগুদাম অঞ্চলত অনুষ্ঠিত এই ভাওনাক বোকা ভাওনা১ আৰু শোণিতপুৰ জিলাৰ জামুগুৰিহাট অঞ্চলৰ পাতলৰচুক গাঁৱত অনুষ্ঠিত এই ভাওনাক বোকাখচা বা বোকাখেচা ভাওনা বুলি জনা যায়।২ ইয়াৰোপৰি বৰপেটা, মাজুলী আদি অঞ্চল সমূহতো এই ভাওনা অনুষ্ঠিত হয়। বৰপেটাত অনুষ্ঠিত এই ভাওনাক পেক ভাওনা বা পেক যাত্ৰা বোলে। কৃষ্ণৰ জন্মৰ সময়ত হোৱা প্ৰবল বৰষুণ আৰু পিছদিনা নন্দৰজাৰ ঘৰলৈ কৃষ্ণক চাবলৈ যোৱা ভক্তই নিয়া ঘিঁউ, মৌ, তেল আদি পৰি গকুলৰ ৰাস্তা বোকা তথা পিচল হৈ পৰিছিল বুলি কোৱা হয়। এই অৰ্থতে প্ৰতীকী ৰূপত বোকা খেচি কৃষ্ণ জন্মৰ আনন্দ-স্ফূৰ্তি কৰা হয়।৩ নন্দোৎসৱৰ বোকা-ভাওনাৰ অনুৰূপ অনুষ্ঠান গুজৰাটতো দেখা যায়।৪

পালনৰ ৰীতি-নীতি

বোকাখেচা ভাওনাৰ পৰম্পৰা শ্ৰীকৃষ্ণৰ জন্মৰ সময়ত গকুলত হোৱা আনন্দ-স্ফূৰ্তিৰ কাহিনীৰ সৈতে সংপৃক্ত। পুৱাৰ ভাগত দিয়া প্ৰচণ্ড শিল-বৰষুণৰ লগতে কেঁচুৱা জন্মৰ খবৰ ল'বলৈ অহা গাঁও বাসীয়ে লগত অনা ঘিঁউ-মৌ, দৈ-মাখন আদিৰে গকুলৰ বাট-পথ বোকাময় হৈ পৰাৰ প্ৰতীকী অৰ্থতে এই বোকাখেচা পৰম্পৰা প্ৰচলিত হৈছে বুলি জনবিশ্বাস আছে। এই অনুষ্ঠান মূলত মহাপুৰুষীয়া ৰীতি-নীতিৰে নাম-প্ৰসংগ আৰু ভাওনা সংস্কৃতিৰ মাজেৰে পালিত হয়। বোকা খেচা অনুষ্ঠানত সাধাৰণতে মহিলা সকলে অংশগ্ৰহণ নকৰে যদিও মূল অনুষ্ঠানটোৰ সৈতে পুৰুষ-মহিলা উভয়ে জড়িত হয়। বোকা খেচিবলৈ কৃত্ৰিমভাৱে এডোখৰ ঠাই বোকা কৰি ইয়াত ঘিঁউ-মৌ আদি ঢালি লোৱাৰ নিয়ম প্ৰচলিত। বোকা খেচিবলৈ বোকাত নমা ভকত সকলে প্ৰথমে নাম-প্ৰসংগৰে বোকা পুখুৰীৰ চৌপাশে প্ৰদক্ষিণ কৰি সেৱা জনাই বোকাত নামে আৰু এজনে-আনজনৰ গালৈ বোকা দলিয়াই স্ফূৰ্তি কৰে। ভাওনা চাবলৈ অহা ৰাইজে এই বোকাৰ ফোঁট লোৱাৰ উপৰি ঘৰলৈয়ো বোকা সংগ্ৰহ কৰি নিয়ে।৩২

জামুগুৰিহাটৰ বোকাখেচা ভাওনা

শোণিতপুৰ জিলাৰ জামুগুৰিহাট চহৰৰ কেন্দ্ৰৰ পৰা ১.৫ কিলোমিটাৰ নিলগৰ পাতলৰচুক গাঁৱত ২৫০ বছৰতকৈ অধিক সময় ধৰি প্ৰতিবছৰে পৰম্পৰাগতভাবে ভাদ মাহৰ কৃষ্ণ জন্মাষ্টমী তিথিত দুদিনীয়াকৈ এই ভাওনা অনুষ্ঠানটি অনুষ্ঠিত কৰা হয়।২ এই ভাওনা অনুষ্ঠিত নকৰিলে গাঁওখনত নানান অপায়-অমংগল হ'ব বুলি ৰাইজৰ মাজত এটি লোকবিশ্বাস প্ৰচলিত।

ভাওনাৰ প্ৰথম দিনা অৰ্থাৎ ভাদ মাহৰ কৃষ্ণ জন্মাষ্টমীৰ দিনা ৰাতিপুৱা গাঁৱৰ নামঘৰত প্ৰাতঃপ্ৰসংগ কৰা হয়। এইদৰে দিনৰ ভাগত নাম-প্ৰসংগ কৰি ভক্তসকলে শৰাই নৈবেদ্য আগবঢ়াই অদৃশ্যজনক সেৱা জনায়। ৰাতিলৈ সম্পূৰ্ণ পৰম্পৰাগত ৰীতি নীতিৰে মূল ভাওনাখনৰ প্ৰতিটো অনুষ্ঠান চলাই নিয়া হয়। ভাওনাৰ মুখ্য নাটখন শ্ৰীশ্ৰীগোপাল আতা ৰচিত। নাটখন মূলত সংগীতপ্ৰধান। বিভিন্ন বহুৱান বহুবালি আৰু প্ৰতিটো চৰিত্ৰৰ অভিনয়ৰে নাটখনে গতি কৰে। পুৱতি নিশা ভগবান শ্ৰীকৃষ্ণ জন্ম হয়। জন্মৰ সময়ৰ শিল-বৰষুণে একাকাৰ হোৱা প্ৰকৃতিৰ বিশেষ ৰূপটোক কৃত্ৰিম পদ্ধতিৰে উপস্থাপন কৰিবলৈ চেষ্টা কৰা হয়।

পিছদিনা বোকা ভাওনা, অৰ্থাৎ নন্দোৎসৱ। ইয়াক পঁচতি উৎসৱ বুলিও জনা যায়। এই বোকাখেচা অংশটোৱেই দুদিনীয়া অনুষ্ঠানটোৰ মূল আকৰ্ষণ। এই ভাওনাৰ বাবে চৌহদৰ এডোখৰ বিশেষ ঠাই কৃত্ৰিমভাবে বোকা কৰি লোৱা হয়। তাৰ পিছত বৈষ্ণৱসকলে নাম গাই গাই নামঘৰৰ পৰা বোকা খেচিবলৈ থোৱা ঠাইডোখৰলৈ আহে আৰু চৌদিশে প্ৰদক্ষিণ কৰি নাম গাই আৰু বোকা খছে—

"হাতত বন্তি লৈ

কৃষ্ণক শুৱাই থৈ

আহা সখি আহা মা

পংক খেচোগৈ..."

কৃষ্ণৰ জন্মৰ সময়ত হোৱা প্ৰবল বৰষুণ আৰু পিছদিনা নন্দৰজাৰ ঘৰলৈ কৃষক চাবলৈ যোৱা ভক্তই নিয়া ঘিঁউ, মৌ, তেল আদি পৰি গকুলৰ ৰাস্তা বোকা তথা পিচল হৈ পৰিছিল বুলি কোৱা হয়। সেই দৃশ্য বুজাবলৈকে প্ৰতীকি অৰ্থত এনেদৰে ঠাইডোখৰ বোকা কৰি সুন্দৰকৈ সজাই লোৱা হয় আৰু নন্দোৎসৱ বুজাবলৈ বোকাখেচা হয়। সেইদিনা বোকাখেচা ঠাইৰ বোকাৰে উপস্থিত ভক্তগণে কপালত ফোঁট লোৱাৰ উপৰি ঘৰলৈও সেই বোকা লৈ যোৱাৰ পৰম্পৰা আৰু বিশ্বাস প্ৰচলিত আছে।৩

পুৰণিগুদামৰ বোকা ভাওনা

নগাঁও জিলাৰ পুৰণিগুদাম দেউৰীগাঁও আৰু ভীমৰগাও, ব্ৰহ্মচাৰী সত্ৰত নন্দোৎসৱৰ লগত সংগতি ৰাখি বাৰ্ষিক ভাৱে বোকা ভাওনা অনুষ্ঠিত হয়।

শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ পাছত একাদশীৰ দিনটোত প্ৰতিবছৰে নন্দোৎসৱ পতা হয়। পুৱা খোল প্ৰসঙ্গৰে আৰম্ভ হোৱা দিনজোৰা কাৰ্য্যসূচীত গাঁৱৰ ৰাইজে অংশগ্ৰহণ কৰে। পৰৱৰ্তী সময়ত নাম প্ৰসঙ্গ আৰু প্ৰসাদ-ভোগ বিতৰণ কৰে। বিয়লি বোকা ভাওনাৰ বাবে নিৰ্দিষ্ট কৰা ঠাইত এটা প্ৰকাণ্ড পুখুৰী সদৃশ খাল খান্দি তাত পানী ঢালি বোকাময় কৰি লোৱা হয় আৰু এই পুখুৰীৰ চাৰিওফালে বোকা ভাওনাত অংশগ্ৰহণ কৰা পুৰুষ সকলে সাৰিপাতি বহি নাম প্ৰসঙ্গ কৰে।

তাৰপাছত অংশগ্ৰহণকাৰী ভক্তবৃন্দই আনন্দ মনেৰে বোকাত নামি লুটুৰি-পুতুৰি হৈ বোকা খেলে আৰু ইজনে সিজনলৈ বোকা ছটিয়াই মনৰ আনন্দ প্ৰকাশ কৰে। বোকা ভাওনাৰ অন্তত অংশগ্ৰহণকাৰী সকলে পুনৰ গা-ধুই নামঘৰত নাম প্ৰসঙ্গ কৰি দিনজোৰা কাৰ্য্যসূচীৰ সমৰণি মাৰে। দৰ্শনাৰ্থী সকলে এই বোকাৰে ফোট ল’বলৈ বোকা সংগ্ৰহ কৰে।১

বৰপেটাৰ পেঁক যাত্ৰা

বৰপেটাৰ পেঁক যাত্ৰা
বৰপেটাৰ পেঁক যাত্ৰাছবি: Mayurimdas · CC BY-SA 4.0

বৰপেটা সত্ৰৰ লগতে সৰভোগ অঞ্চলৰ গৰখীয়া গোঁসাই থানতো বোকা ভাওনা অনুষ্ঠিত হয়। বৰপেটাৰ লোকসকলে সাধাৰণতে এই ভাওনাত পেঁক ভাওনা বুলি কয়।৫বৰপেটা সত্ৰত সত্ৰীয়া ৰীতি-নীতি আৰু বিধিগত ব্যৱস্থাৰে এই উৎসৱ উদ্‌যাপিত হয়। উক্ত দিনা কীৰ্তন ঘৰত পুৱা যথাবিধি অনুযায়ী পুৱাৰ গীত-ভটিমা গাই নাম-প্ৰসংগ কৰি পিছত যথানিয়ম অনুসৰি গায়ন বায়নে খোল-বাজনা পৰিৱেশন কৰাৰ অন্তত ভৱানীপুৰীয়া গোপাল আতা বিৰচিত ‘জন্ম যাত্ৰাৰ নন্দোৎসৱ বা বোকা যাত্ৰা’ নাটখন পৰিৱেশন কৰা হয়। তদুপৰি কীৰ্তন ঘৰৰ কাঁথিত বহি আই মাতৃ সকলে গীত পদ গোৱাৰ উপৰি শিশু, চেমনীয়া, চেঙেলীয়া যুৱক সকলে পেঁকযাত্ৰাত অংশগ্ৰহণ কৰি আনন্দত মতলীয়া হয়। সত্ৰৰ নিৰ্দ্দিষ্ট চাৰিসীমাৰ ভিতৰত তেল সানি বোকা-মাটিৰে পিছল কৰি তোলা হয় অংশত বোকাৰে লুতুৰি পুতুৰি হৈ ল’ৰাবোৰে সাঁতোৰাৰ নিচিনাকৈ বাগৰা-বাগৰি কৰি ইজনে আনজনক বোকা সানি আনন্দ কৰে।৬

শ্ৰীকৃষ্ণৰ নামকৰণৰ লগত জড়িত এই পঁচতি বা বোকা ভাওনা উপলক্ষে এটা গাঁত খান্দি তাত বোকা সৃষ্টি কৰি সৰু সৰু ল'ৰাবোৰে নাৰিকল দলিয়াই টনা-টনি কৰি আনন্দ কৰে। লগতে সৰু সৰু ল'ৰাবোৰে কৃষ্ণৰ ভাও লৈ নৃত্য প্ৰদৰ্শন কৰে। তদুপৰি থানৰ ভকতসকলে পুৰাণখ্যাত নন্দ, যশোদা আদি বিভিন্ন চৰিত্ৰৰ ভাও লয়।৭

তথ্যসূত্ৰ

  1. ↑ নগাঁৱৰ পুৰণিগুদামত বোকা ভাওনা মহোৎসৱ…. অসমীয়া প্ৰতিদিন
  2. ↑ হিমাংশু ৰঞ্জন ভূঞা. জামুগুৰিহাটৰ পাতলৰ চুক গাঁৱৰ ঐতিহাসিক বোকাখেচা ভাওনা।. নীলা চৰাই
  3. ↑ ভাস্বতী ভূঞা. (2012). পাতলৰচুকৰ ২৫০ বছৰীয়া বোকাখচা ভাওনা. নন্দিনী
  4. ↑ অসমৰ সংস্কৃিত কোষ, ড॰ নাৰাষণ দাস, পৰমানন্দ ৰাজবংশী, প্ৰাগজ্যোতিষ মহাবিদ্যালয়, দ্বিতীয় প্ৰকাশ, ২০১৪, পৃষ্ঠা-৩৫৩
  5. ↑ মণ্টুৰাজ দাস. বৰপেটা সত্ৰৰ পেঁকযাত্ৰা. বিকাশপিডিয়া
  6. ↑ কোকিল শৰ্মা. বৰপেটা সত্ৰত শ্ৰীকৃষ্ণৰ জন্মোৎসৱ উপলক্ষে নন্দোৎসৱ পালন ! সত্ৰত বোকা খেলি আনন্দ উছাহ গোপ-বালকৰ ... news18
  7. ↑ (৬ চেপ্টেম্বৰ, ২০১৮). সৰভোগৰ গৰখীয়া গোসাঁই থানত বোকা ভাওনা পালন

সম্পৰ্কিত শ্ৰেণী

ভাওনা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বোকা ভাওনা” প্ৰবন্ধৰ সংশোধন ৪৪৮০৯৫ (২৪ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।