অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

বেটেলগ্ৰাউণ্ড্‌ছ ম’বাইল ইণ্ডিয়া

বেটেলগ্ৰাউণ্ড্‌ছ ম’বাইল ইণ্ডিয়া (Battlegrounds Mobile India; চমুকৈ বিজিএমআই, BGMI), বা পূৰ্বৰ পাব্জি ম’বাইল ইণ্ডিয়া হৈছে ভাৰতত উপলভ্য পাব্জি ম’বাইলৰ এটা সংস্কৰণ। ই ক্ৰাফ্টন কোম্পানীৰ এটা অনলাইন মাল্টিপ্লেয়াৰ বেটেল ৰয়াল গে’ম।

হালনাগাদ: ৭ মাৰ্চ ২০২৫ ৫৬০ শব্দ · ৩ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

বেটেলগ্ৰাউণ্ড্‌ছ ম’বাইল ইণ্ডিয়া (Battlegrounds Mobile India; চমুকৈ বিজিএমআই, BGMI),১ বা পূৰ্বৰ পাব্জি ম’বাইল ইণ্ডিয়া২ হৈছে ভাৰতত উপলভ্য পাব্জি ম’বাইলৰ এটা সংস্কৰণ।৩৪৫৬ ই ক্ৰাফ্টন কোম্পানীৰ এটা অনলাইন মাল্টিপ্লেয়াৰ বেটেল ৰয়াল গে’ম।৭ এই গে’মটো প্ৰথমে ২ জুলাই ২০২১ তাৰিখে এণ্ড্ৰইড ডিভাইচৰ বাবে৭ আৰু ১৮ আগষ্টত আইঅ’এছ ডিভাইচৰ বাবে মুকলি কৰা হৈছিল। ক্ৰাফ্টন ই‌ণ্ডিয় ইস্প’ৰ্ট‌্‌ছে এবছৰত দুখনকৈ আনুষ্ঠানিক প্ৰতিযোগিতা অনুষ্ঠিত কৰে। প্ৰথমটো হৈছে বিজিএমআই ইণ্ডিয়া ছিৰীজ বা বিজিআইএছ আৰু দ্বিতীয়টো হৈছে বিজিএমআই প্ৰ’ ছিৰীজ বা বিএমপিএছ।

২০২২ চনৰ জুলাই মাহলৈকে বিজিএমআই-এ গুগল প্লে’ ষ্ট’ৰত 156 মিলিয়ন ডাউনল’ড অতিক্ৰম কৰে।৮ ভাৰত চৰকাৰে ২০২২ চনৰ ২৮ জুলাইত ভাৰতত এই গে’মটো নিষিদ্ধ কৰে।৯ ক্ৰাফ্টনে প্ৰকাশ কৰা এক বিবৃতি অনুসৰি, ২৬ মে’,২০২৩ তাৰিখে এই নিষেধাজ্ঞা আঁতৰোৱা হয়।১০

গে’মপ্লে’

বেটেলগ্ৰাউণ্ড্‌ছ ম’বাইল ইণ্ডিয়া হৈছে এটা বেটেল ৰয়াল গে’ম য’ত ১০০গৰাকী খেলুৱৈৰ মাজত প্ৰতিযোগিতা হয়। খেলুৱৈসকলে অকলশৰে বা চাৰিগৰাকী পৰ্যন্ত খেলুৱৈৰ দল হিচাপে গে’মত সোমাব পাৰে।

প্ৰত্যেক মেট্‌চৰ আৰম্ভণিত খেলুৱৈসকলে এখন বিমানৰ পৰা সাতখন মানচিত্ৰৰ কোনো এখনত পেৰাচ্যুটেৰে অৱতৰণ কৰে।

প্ৰতিটো ৰাউণ্ডতে মানচিত্ৰৰ ওপৰত বিমানখনৰ উৰণৰ পথ সলনি হয় আৰু খেলুৱৈসকলে পেৰাচ্যুটেৰে তললৈ নমাৰ সৰ্বোত্তম সময় দ্ৰুততাৰে নিৰ্ধাৰণ কৰিবলগীয়া হয়। খেলুৱৈসকলৰ হাতত আৰম্ভণিত কোনো সা-সঁজুলি নাথাকে, অৱশ্য কিছুমান স্বনিৰ্বাচিত কানি-কাপোৰ থাকে যাৰ দ্বাৰা গে’মপ্লে’ত কোনো প্ৰভাৱ নপৰে। মাটিত অৱতৰণ কৰাৰ পাছত খেলুৱৈসকলে বিভিন্ন অট্টালিকা, পৰিত্যক্ত চহৰ আদিৰ পৰা অস্ত্ৰ, বাহন, ঢাল আদি বিচাৰি ল’ব পাৰে। খেলৰ আৰম্ভণিত এইবোৰ পদ্ধতিগতভাৱে বিতৰণ কৰা হয় আৰু উচ্চ বিপদাশংকা থকা অঞ্চলবোৰত উন্নতমানৰ সা-সঁজুলি পোৱা যায়। মৰি যোৱা খেলুৱৈৰ সা-সঁজুলি অন্য খেলুৱৈয়ে সংগ্ৰহ কৰিব পাৰে। খেলুৱৈসকলে ফাৰ্ষ্ট-পাৰ্ছন বা থাৰ্ড-পাৰ্ছন দৃষ্টিকোণেৰে খেলিব পাৰে, য’ত যুদ্ধ আৰু পৰিস্থিতি-সম্বন্ধীয় সচেতনতাৰ ক্ষেত্ৰত দুয়োৰে নিজ-নিজ সুবিধা-অসুবিধা থাকে।

কেইমিনিটমানৰ মূৰে-মূৰে মানচিত্ৰখনৰ খেলিবপৰা অঞ্চল এক যাদৃচ্ছিক অৱস্থানৰ ফালে সংকুচিত হৈ গৈ থাকে, য’ত সুৰক্ষিত অঞ্চলৰ বাহিৰত ধৰা পৰা খেলুৱৈৰ ক্ৰমান্বয়ে ক্ষতি হয় আৰু সময় থাকোঁতে সুৰক্ষিত অঞ্চলত নোসোমালে মৰি যায়; গে’মত সীমাটো এটা উজ্জ্বল নীলা দেৱালৰ নিচিনা দেখা যায় যি ক্ৰমান্বয়ে সংকুচিত হৈ গৈ থাকে। ইয়াৰ ফলত মানচিত্ৰ সীমাবদ্ধ হৈ গৈ থাকে আৰু শত্ৰুৰ লগত মুখামুখি হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। মেট্‌চৰ সময়ছোৱাত মানচিত্ৰখনৰ যাদৃচ্ছিক অঞ্চলত ৰঙা চিন ওলায় আৰু সেই অঞ্চলত বোমা-বৃষ্টি হয়, যি সেই অঞ্চলত থকা খেলুৱৈসকলৰ বাবে ভীতিৰ সৃষ্টি কৰে। দুয়োটা ক্ষেত্ৰতে খেলুৱৈসকলক কেইমিনিটমান আগতেই সতৰ্ক কৰি দিয়া হয়, যাৰ দ্বাৰা তেওঁলোকে সুৰক্ষিত স্থানলৈ যাবলৈ সময় পায়। এখন বিমান মাজে-সময়ে খেলিবপৰা মানচিত্ৰৰ বিভিন্ন অংশৰ ওপৰেদি যাদৃচ্ছিকভাৱে বা য’তেই খেলুৱৈয়ে ফ্লেয়াৰ গান ব্যৱহাৰ কৰে তালৈকে উৰি আহে আৰু এটা লুট পেকেজ পেলাই থৈ যায় য’ত এনে কিছুমান সা-সঁজুলি থাকে যি সাধাৰণতে গে’মত পোৱা নাযায়। এই পেকেজবোৰৰ পৰা বৰকৈ চকুত-পৰা ৰঙা বা হালধীয়া ধোঁৱা ওলায়, যি আগ্ৰহী খেলুৱৈসকলক আকৰ্ষিত কৰে আৰু ফলত অতিৰিক্ত সংঘাতৰ সৃষ্টি হয়। এটা সম্পূৰ্ণ ৰাউণ্ডত প্ৰায় ৩০ মিনিট সময় লাগে।

বিকাশ

২০২০ চনৰ ২ ছেপ্টেম্বৰত১১ ভাৰত চৰকাৰৰ ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে তথ্য প্ৰযুক্তি আইন, ২০০০-ৰ ধাৰা ৬৯A-ৰ অধীনত ভাৰতৰ সাৰ্বভৌমত্ব, অখণ্ডতা, প্ৰতিৰক্ষা, ৰাষ্ট্ৰৰ নিৰাপত্তা আৰু জনশৃংখলাৰ প্ৰতি ভাবুকিস্বৰূপ আৰু ক্ষতিকাৰক কাৰ্য্যকলাপৰ কথা উল্লেখ কৰি ১১৭টা চীনা এপ্লিকেশ্যন-সহ পাব্জি ম’বাইল নিষিদ্ধ কৰে।১২১৩

২০২০ চনৰ নৱেম্বৰ মাহত প্ৰকাশ পাইছিল যে পাব্জি ম’বাইল ই‌ণ্ডিয়া নামেৰে ভাৰতত পাব্জি ম’বাইল পুনৰ মুকলি কৰা হ’ব৷১৪ ২০২০ চনৰ ২৪ নৱেম্বৰত দ্য টাইম্‌ছ অৱ ইণ্ডিয়াই প্ৰকাশ কৰা অনুসৰি ভাৰতত পাব্জি ম’বাইল পুনৰ মুকলি কৰাৰ উদ্দেশ্যে পাব্জি ষ্টুডিঅ’ছ আৰু দক্ষিণ কোৰিয়াৰ ভিডিঅ’ গে’ম কোম্পানী ক্ৰাফ্টনে ভাৰত চৰকাৰৰ ক’ৰ্পৰেট পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত পাব্জি ই‌ণ্ডিয়া প্ৰাইভেট লিমিটেডৰ পঞ্জীয়ন কৰে।১৫১৬

২০২১ চনৰ মে’ মাহত প্ৰকাশ পাইছিল যে ভাৰতীয় গে’মিং বজাৰত সোমাবলৈ পাব্জি ম’বাইলকবেটেলগ্ৰাউণ্ড্‌ছ ম’বাইল ইণ্ডিয়া হিচাপে ৰিব্ৰেণ্ড কৰা হ’ব।১৭ ইয়াৰ পাছত ২০২১ চনৰ ৭ মে’ত দ্য ইণ্ডিয়ান এক্সপ্ৰেছে প্ৰকাশ কৰিছিল যে ক্ৰাফ্টনে এটা প্ৰেছ বিবৃতিত নিশ্চিত কৰিছে যে তেওঁলোকে পাব্জি ম’বাইলৰ দৰে গে’ম বেটেলগ্ৰাউণ্ড্‌ছ ম’বাইল ইণ্ডিয়া মুকলি কৰিবলৈ ওলাইছে।১৮

মুক্তিলাভ

২০২১ চনৰ ৬ মে’ত এই গে’মৰ ঘোষণা কৰা হয়।১৯২০ ২০২১ চনৰ ১৮ মে’ৰ পৰা এণ্ড্ৰইড ব্যৱহাৰকাৰীৰ বাবে গে’মটোৰ প্ৰি-ৰেজিষ্ট্ৰেশ্যন আৰম্ভ হয়২১২২ আৰু গে’মটোৰ আৰ্লী এক্সেছ বিটা সংস্কৰণ ১৭ জুন ২০২১ তাৰিখে কেৱল এণ্ড্ৰইড ব্যৱহাৰকাৰীৰ বাবে মুকলি কৰা হয়।২৩ এই গে’মটো ২০২১ চনৰ ২ জুলাই তাৰিখে এণ্ড্ৰইড ডিভাইচৰ বাবে৭ আৰু ১৮ আগষ্ট ২০২১ তাৰিখে আইঅ’এছ ডিভাইচৰ বাবে মুকলি কৰা হয়।২৪

তথ্যসূত্ৰ

  1. ↑ (19 May 2021). Battlegrounds Mobile India launch: Get BGMI Early Access file; also check APK+OBB download links. Zee Business
  2. ↑ (21 November 2020). PUBG Mobile India relaunch: Reactions from the gaming community. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
  3. ↑ (6 May 2021). PUBG Mobile officially renamed as Battlegrounds Mobile India, website goes live. Times of India
  4. ↑ (6 May 2021). Battlegrounds Mobile India will replace PUBG Mobile in India, KRAFTON officially unveils the logo. Firstpost
  5. ↑ (6 May 2021). PUBG Mobile's parent company announces launch of Battlegrounds Mobile India. Business Today
  6. ↑ (7 May 2021). Krafton announces PUBG Mobile to return as 'Battlegrounds Mobile India'; registrations to open soon. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
  7. ↑ (2 July 2021). Battlegrounds Mobile India officially launched in India: Launch details, in-game content, free rewards and more. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  8. ↑ (2 July 2022). Battlegrounds Mobile India clocks 100 million users, completes one year in India. The Indian Express
  9. ↑ (29 July 2022). BGMI banned in India over 'data sharing' concerns: Report. www.livemint.com
  10. ↑ Desk, TN Tech. (27 May 2023). Battlegrounds Mobile India (BGMI) Now Available for Preload: Gameplay Set to Start From Monday. TimesNow
  11. ↑ (8 September 2020). PUBG Ban: PUBG Mobile is Still Working in India After Ministry Bans The Game. India.com News
  12. ↑ (5 September 2020). PUBG Mobile, 117 Chinese apps banned in India: Check the full list. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
  13. ↑ (3 September 2020). PUBG Mobile ban: Here's why the Indian government blocked the game. HT Tech
  14. ↑ (12 November 2020). PUBG Mobile coming back to India: Here's everything you need to know. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
  15. ↑ (2020-11-24). PUBG India is now a registered company in India; do pre-registration to download PUBG mobile this way. Zee Business
  16. ↑ (24 November 2020). Government approves PUBG India company registration; PUBG Mobile game to relaunch soon. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  17. ↑ Dogra, Sarthak. (5 May 2021). PUBG Mobile may return as Battlegrounds Mobile India, here is what to expect. ইণ্ডিয়া টুডে
  18. ↑ (7 May 2021). Krafton announces PUBG Mobile to return as 'Battlegrounds Mobile India'; registrations to open soon. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
  19. ↑ (6 May 2021). Wait over? PUBG Mobile India aka Battlegrounds Mobile India may arrive as early as this month. ইণ্ডিয়া টুডে
  20. ↑ (6 May 2021). Krafton announces launch of Battlegrounds Mobile India, logo revealed. India TV
  21. ↑ (18 May 2021). Battlegrounds Mobile India is now open for pre-registration on Google Play Store. Firstpost
  22. ↑ (18 May 2021). Battlegrounds Mobile India pre-registration to begin TODAY: Things to know. DNA India
  23. ↑ (17 June 2021). Battlegrounds Mobile India now available to download as early access on Google Play. India Today
  24. ↑ (18 August 2021). Battlegrounds Mobile India is now available on iOS: Download details, rewards and more. Times of India

সম্পৰ্কিত শ্ৰেণী

ভিডিঅ' গেম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বেটেলগ্ৰাউণ্ড্‌ছ ম’বাইল ইণ্ডিয়া” প্ৰবন্ধৰ সংশোধন ৪৮৮৪৯৯ (৭ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।