ভেল’ৰেণ্ট (Valorant) হৈছে ৱিণ্ড’জৰ বাবে ৰায়ট গে’ম্ছদ্বাৰা বিকশিত আৰু প্ৰকাশিত এক বিনামূলীয়াকৈ খেলিবপৰা ফাৰ্ষ্ট পাৰ্ছন কৌশলগত হিৰ’ শ্বুটাৰ গে’ম।১ 2019 চনৰ অক্টোবৰত প্ৰজেক্ট এ সাংকেতিক নামেৰে ইয়াৰ টীজাৰ মুকলি কৰা হৈছিল; 7 এপ্ৰিল, 2020 তাৰিখে সীমিত লোকৰ বাবে বিটা সংস্কৰণ মুকলি কৰা হৈছিল আৰু তাৰপাছত 2 জুন, 2020 তাৰিখে পূৰ্ণাংগ সংস্কৰণ মুকলি কৰা হয়। এই গে’মৰ বিকাশ 2014 চনত আৰম্ভ হৈছিল। ভেল’ৰেণ্টৰ অনুপ্ৰেৰণা আছিল কাউণ্টাৰ-ষ্ট্ৰাইকৰ শৃংখলা, য’ৰ পৰাই কেইবাটাও কাৰিকৰী আৰ্হি যেনে ক্ৰয়-সূচীৰ আন্তঃপৃষ্ঠা, স্প্ৰে’ পেটাৰ্ন আৰু মুভমেণ্ট এৰৰ আহৰণ কৰা হৈছে।
গে’মপ্লে’
ভেল’ৰেণ্ট হৈছে অদূৰ ভৱিষ্যতে স্থাপিত এক দলভিত্তিক ফাৰ্ষ্ট পাৰ্ছন কৌশলগত হিৰ’ শ্বুটাৰ।২৩৪৫ খেলুৱৈসকলে বিশ্বৰ কেইবাখনো দেশ আৰু সংস্কৃতিৰ ওপৰত আধাৰিত চৰিত্ৰৰ এজেণ্টবিলাকৰ মাজৰ পৰা এটা বাছি লৈ খেলিব পাৰে।৫ মুখ্য গে’মম’ডত খেলুৱৈসকলক দুটা দলত বিভক্ত কৰা হয় আৰু দুয়োটা দলতে পাঁচগৰাকীকৈ খেলুৱৈ থাকে। এজেণ্টবিলাকৰ নিজা-নিজা ক্ষমতা থাকে যাক চাৰ্জ কৰিব লাগে আৰু প্ৰত্যেকৰে একোটাকৈ চূড়ান্ত ক্ষমতা থাকে যি শত্ৰু মাৰিলে, নিজে মৰিলে, অৰ্ব সংগ্ৰহ কৰিলে বা অন্যান্য লক্ষ্য পূৰণ কৰিলে চাৰ্জ হয়। প্ৰতিগৰাকী খেলুৱৈৰ হাতত প্ৰত্যেক ৰাউণ্ডৰ আৰম্ভণিত একোটাকৈ ক্লাছিক পিষ্টল আৰু এটা-দুটাকৈ নিৰ্দিষ্ট ক্ষমতা থাকে।৪ অন্যান্য অস্ত্ৰ আৰু ক্ষমতাৰ চাৰ্জ গে’মৰ নিজা অৰ্থনৈতিক ব্যৱস্থা ব্যৱহাৰ কৰি ক্ৰয় কৰিব পাৰি। এই ব্যৱস্থাটোৱে পূৰ্বৰ ৰাউণ্ডৰ ফলাফলৰ ভিত্তিত আৰু খেলুৱৈগৰাকীয়ে শত্ৰু মাৰিলে আৰু উদ্দেশ্য পূৰণ কৰিলে ধন প্ৰদান কৰে। গে’মটোত ছাবমেচিনগান, শ্বটগান, মেচিনগান, এছল্ট ৰাইফল আৰু স্নাইপাৰ ৰাইফলৰ দৰে বিভিন্ন ধৰণৰ অস্ত্ৰ-শস্ত্ৰ আছে।৬৭ লগতে অট’মেটিক আৰু ছেমিঅট’মেটিক অস্ত্ৰ আছে যিবোৰৰ নিজা-নিজা শ্বুটিং পেটাৰ্ন আছে যি খেলুৱৈয়ে সঠিকভাৱে গুলী চলাব পৰাকৈ নিয়ন্ত্ৰণ কৰিব লাগে।৭ বৰ্তমান ইয়াত 24টা এজেণ্ট পোৱা যায়।১৮৯ খেলুৱৈয়ে নিজৰ একাউণ্টৰ সৃষ্টি কৰাৰ সময়ত 5টা এজেণ্ট খুলি থোৱা পাব আৰু বাকী এজেণ্টবিলাক গে’মত থকা কিংডম ক্ৰেডিট বোলা মুদ্ৰা সংগ্ৰহ কৰি খুলিব লাগে। গে’ম খেলি বা দৈনিক আৰু সাপ্তাহিক লক্ষ্য পূৰণ কৰি কিংডম ক্ৰেডিট লাভ কৰিব পাৰি আৰু নতুন এজেণ্ট বা প্ৰসাধনৰ সামগ্ৰী খোলাত খৰচ কৰিব পাৰি। কিন্তু, মুক্তিৰ প্ৰথম 28 দিনৰ ভিতৰত নতুন এজেণ্টবিলাক ভেল’ৰেণ্ট পইণ্ট (ভিপি), এজেণ্ট নিযুক্তি কাৰ্যসূচীৰ সৈতে বা এটা সংযুক্ত আৰু সক্ৰিয় এক্সবক্স গে’ম পাছৰ ছাবস্ক্ৰিপশ্যন থাকিলেহে খুলিব পাৰি। ভিপি হৈছে গে’মত থকা মুদ্ৰা যিটো প্ৰকৃত ধনেৰে ক্ৰয় কৰিলেহে লাভ কৰিব পাৰি১০ আৰু ইয়াক প্ৰসাধনৰ সামগ্ৰী বা নতুন এজেণ্টৰ বাবে খৰচ কৰিব পাৰি।
আনৰেটেড
এইটো হৈছে নন-ৰেংক্ড ম’ড য’ত 25টা ৰাউণ্ড থাকে আৰু প্ৰথমে 13টা ৰাউণ্ড জিকা দলটো বিজয়ী হয়। এফালে থাকে আক্ৰমণকাৰী দল যাৰ হাতত স্পাইক বোলা বোমা-সদৃশ যতন থাকে। ইহঁতৰ লক্ষ্য হ’ল নিৰ্দিষ্ট স্থানলৈ গৈ এই স্পাইক স্থাপন কৰি সক্ৰিয় কৰা। যদি আক্ৰমণকাৰী দলটোৱে সক্ৰিয় স্পাইকটোক 45 ছেকেণ্ডৰ বাবে সফলতাৰে সুৰক্ষা দি বিস্ফোৰণ ঘটাই এক নিৰ্দিষ্ট অঞ্চলৰ সকলো ধ্বংস কৰি পেলায়, ইয়াৰ বিনিময়ত ইহঁতে পইণ্ট লাভ কৰে।৩ যদি ৰক্ষাকাৰী দলে স্পাইক নিষ্ক্ৰিয় কৰিব পাৰে বা আক্ৰমণকাৰী দলক 100 ছেকেণ্ডৰ ৰাউণ্ড টাইমাৰৰ ম্যাদ উকলালৈকে স্পাইক স্থাপন কৰাৰ পৰা ৰখাই ৰাখিব পাৰে, তেন্তে ৰক্ষাকাৰী দলে পইণ্ট লাভ কৰে।১১ যদি কোনো দলৰ সকলো সদস্যক স্পাইক সক্ৰিয় হোৱাৰ আগতেই শেষ কৰি পেলোৱা হয় বা স্পাইক সক্ৰিয় হোৱাৰ পাছত যদি ৰক্ষাকাৰী দলৰ সকলো সদস্যক শেষ কৰি পেলোৱা হয়, তেন্তে বিৰোধী দলে পইণ্ট লাভ কৰে।৩ যদি দুয়োটা দলে 12টা ৰাউণ্ডত জয়ী হয়, তেন্তে এটা অতিৰিক্ত ৰাউণ্ড খেলিব লাগে য’ত সেই ৰাউণ্ড জিকা দলটো খেলখনত বিজয়ী হয়। তদুপৰি যদি 4টা ৰাউণ্ডৰ পাছত কোনো দলে খেল ত্যাগ কৰিব বিচাৰে, তেন্তে আত্মসমৰ্পণ কৰিবলৈ ভোটদানৰ অনুৰোধ কৰিব পাৰে। ত্যাগ কৰা দলে 4টা ভোট লাভ কৰিলে আনটো দলৰ হাতলৈ 13টা ৰাউণ্ডত বিজয়ী হোৱাৰ কৃতিত্ব গুচি যায়। এটা দলে আত্মসমৰ্পণ কৰাৰ মাত্ৰ তিনিটা সুযোগ পায়: প্ৰথমাৰ্ধত এবাৰ, দ্বিতীয়াৰ্ধৰ পিষ্টল ৰাউণ্ডত এবাৰ আৰু দ্বিতীয়াৰ্ধত অন্তিম এবাৰ।
স্পাইক ৰাশ্ব
স্পাইক ৰাশ্ব ম’ডত 7টা ৰাউণ্ড থাকে আৰু প্ৰথমে 4টা ৰাউণ্ডত জয়ী হোৱা দলটোৱে জয় লাভ কৰে। খেলুৱৈসকলৰ চূড়ান্ত ক্ষমতাৰ বাহিৰে আন আটাইকেইটা ক্ষমতাৰে ৰাউণ্ড আৰম্ভ হয় আৰু চূড়ান্ত ক্ষমতা ষ্টেণ্ডাৰ্ড গে’মৰ তুলনাত দুগুণ গতিত চাৰ্জ হয়। আক্ৰমণকাৰী দলৰ প্ৰতিগৰাকী খেলুৱৈৰ হাতত স্পাইক থাকে যদিও এটা ৰাউণ্ডত এটাহে স্পাইক সক্ৰিয় কৰিব পাৰি। চূড়ান্ত ক্ষমতা চাৰ্জ কৰাৰ লগতে বিভিন্ন ক্ষমতা প্ৰদান কৰা পাৱাৰ-আপ অৰ্ব মজুত থাকে।
ছুইফ্টপ্লে’
ছুইফ্টপ্লে’ খেলসমূহ আনৰেটেড গে’ম ম’ডৰ চুটি সংস্কৰণ। 10গৰাকী খেলুৱৈক দুটা দল— আক্ৰমণকাৰী আৰু ৰক্ষাকাৰীত বিভক্ত কৰা হয়। আক্ৰমণকাৰীয়ে স্পাইক স্থাপন কৰিব লাগে, আনহাতে ৰক্ষাকাৰীয়ে সিহঁতক প্ৰতিৰোধ লাগে। ছুইফ্টপ্লে’ আৰু আনৰেটেডৰ পাৰ্থক্য এইটোৱেই যে ছুইফ্টপ্লে’ত 9টা ৰাউণ্ড থাকে - প্ৰথমে 5টা ৰাউণ্ডত জয়ী হোৱা দলটোৱে জয় লাভ কৰে। 4 নম্বৰ ৰাউণ্ডত দলৰ খেলুৱৈসকলে ফাল সাল-সলনি কৰে, যিদৰে তেওঁলোকে আনৰেটেড গে’ম ম’ডত 7 নম্বৰ ৰাউণ্ডত কৰে। গে’মটোৰ মুদ্ৰা ব্যৱস্থাও আনৰেটেডৰ নিচিনাই। ছুইফ্টপ্লে’ কম সময়ত খেলিব পৰাকৈ তৈয়াৰ কৰা হৈছে, য’ত প্ৰতিখন খেল গড়ে প্ৰায় 15 মিনিটৰ, আনহাতে আনৰেটেডৰ প্ৰায় 40 মিনিটৰ।১২
কম্পিটিটীভ
কম্পিটিটীভ অৰ্থাৎ প্ৰতিযোগিতামূলক খেলসমূহ আনৰেটেডৰ নিচিনাই, কিন্তু ইয়াত জয়লাভৰ ভিত্তিত ৰেংক প্ৰদান কৰা ব্যৱস্থা থাকে যি 5খন খেল খেলাৰ পাছত প্ৰতিগৰাকী খেলুৱৈৰ ৰেংক নিৰ্ধাৰণ কৰে। খেলুৱৈসকলে এই ম’ডটো খেলাৰ আগতে 20 নম্বৰ লেভেলত উপনীত হ’ব লাগিব।১৩ 2020 চনৰ জুলাই মাহত ৰায়ট কোম্পানীয়ে কম্পিটিটীভ খেলৰ বাবে "ৱিন বাই টু" অৰ্থাৎ দুটা ৰাউণ্ডেৰে জিকাৰ চৰ্ত প্ৰৱৰ্তন কৰিছিল, য’ত দুয়োটা দলেই 12টাকৈ ৰাউণ্ড জিকিলে এটা অতিৰিক্ত ৰাউণ্ড খেলাৰ পৰিৱৰ্তে দুটাকৈ ৰাউণ্ড জিকিব লাগে আৰু কোনো এটা দলে জয় লাভ নকৰালৈকে দুয়োটা দলে ফাল সাল-সলনি কৰি খেলি থাকিব লাগিব। প্ৰতিটো অতিৰিক্ত ৰাউণ্ডত খেলুৱৈসকলক বন্দুক আৰু ক্ষমতা ক্ৰয় কৰিবলৈ একে পৰিমাণৰ ধন দিয়া হয়, লগতে তেওঁলোকৰ চূড়ান্ত ক্ষমতাও প্ৰায় আধা চাৰ্জ হৈ থাকে। প্ৰত্যক দুটা ৰাউণ্ডৰ পাছত খেলুৱৈসকলে খেলখন ড্ৰ’ কৰাবলৈ ভোট দিব পাৰে। ড্ৰ’ কৰাবলৈ সন্মত হ’বলৈ প্ৰথমবাৰত 6গৰাকী, দ্বিতীয়বাৰত 3গৰাকী আৰু তাৰপাছত মাত্ৰ এগৰাকী খেলুৱৈৰ ভোটৰ প্ৰয়োজন হয়। কম্পিটিটীভ ৰেংকিং ব্যৱস্থাটো আইৰনৰ পৰা ৰেডিয়েণ্টলৈকে থাকে। ৰেডিয়েণ্টৰ বাহিৰে প্ৰতিটো ৰেংকৰ 3টা স্তৰ থাকে।১৪ ৰেডিয়েণ্ট এটা অঞ্চলৰ শীৰ্ষ 500গৰাকী খেলুৱৈৰ বাবে সংৰক্ষিত হৈ থাকে আৰু ইম্মৰ্টেল আৰু ৰেডিয়েণ্ট দুয়োটাৰে ৰেংকৰ সৈতে সম্পৰ্কিত এটা নম্বৰ থাকে যাৰ দ্বাৰা খেলুৱৈসকলে আনৰ তুলনাত কিমান অগ্ৰগতি লাভ কৰিছে সেয়া চাব পাৰে।১৫
প্ৰিমিয়াৰ
প্ৰিমিয়াৰ হৈছে এক 5v5 গে’মম’ড যিয়ে পেচাদাৰী খেলুৱৈ হ’ব বিচৰা খেলুৱৈসকলক পেচাদাৰী প্ৰতিযোগিতামূলক খেল খেলাৰ সুযোগ প্ৰদান কৰে। খেলুৱৈসকলে ভাগ-ভাগকৈ আন দলৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ পাঁচজনীয়া দল গঠন কৰিব লাগে। প্ৰতিটো ছিজন কেইসপ্তাহমানৰ বাবে চলে আৰু শীৰ্ষ দলসমূহক ডিভিজন চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনোৱা হয়। আনবোৰ ম’ড য’ত গে’মৰ প্ৰণালীয়ে মানচিত্ৰ নিৰ্বাচন কৰি দিয়ে, তাৰ বিপৰীতে এই গে’মম’ডত খেলুৱৈসকলে নিজে মানচিত্ৰ নিৰ্বাচন আৰু অৱৰোধ কৰিব পাৰে।১৬
ডেথমেট্চ
ডেথমেট্চ ম’ড 5 আগষ্ট, 2020 তাৰিখে প্ৰৱৰ্তন কৰা হৈছিল।১৭ 14গৰাকী খেলুৱৈয়ে 9 মিনিটৰ খেলত প্ৰৱেশ কৰে আৰু প্ৰথমে 40টা শত্ৰু মৰা বা সময় শেষ হোৱাৰ আগে-আগে সৰ্বাধিক শত্ৰু মৰা খেলুৱৈয়ে খেলখনত জয়ী হয়। খেলুৱৈসকলক যাদৃচ্ছিক এজেণ্ট নিৰ্বাচন কৰি দিয়াৰ লগতে সম্পূৰ্ণ ঢাল দিয়া হয় আৰু সকলো ক্ষমতা নিষ্ক্ৰিয় কৰা থাকে। এইটো সম্পূৰ্ণৰূপে বন্দুকৰ খেল। শত্ৰু মাৰিলে সেউজীয়া হেল্থ পেক ওলায় যি সংগ্ৰহ কৰি খেলুৱৈয়ে নিজৰ স্বাস্থ্য, ঢালৰ অৱস্থা আৰু বন্দুকৰ গুলীৰ সংখ্যা পুনঃস্থাপন কৰিব পাৰে।১৮
টীম ডেথমেট্চ
টীম ডেথমেট্চ গে’মম’ডৰ ঘোষণা 2023 চনৰ 15 জুনত কৰা হৈছিল আৰু ইয়াক 27 জুনত পেট্চ 7.0-ৰ সৈতে মুকলি কৰা হৈছিল। এই গে’মম’ডটো ষ্টেণ্ডাৰ্ড আনৰেটেড ম’ড আৰু নিয়মীয়া ডেথমেট্চ ম’ডৰ সংমিশ্ৰণ। ইয়াত খেলুৱৈসকলক পাঁচজনীয়া দুটা দলত বিভক্ত কৰা হয়। প্ৰতিখন খেল 9 মিনিট 30 ছেকেণ্ডৰ হয় আৰু প্ৰথমে 100টা শত্ৰু মৰা দলটোৱে জয় লাভ কৰে। যদি কোনো এটা দলে 9.5 মিনিটৰ আগে-আগে 100টা শত্ৰু মাৰিব নোৱাৰে, তেন্তে সৰ্বাধিক শত্ৰু মৰা দলটোৱেই জয় লাভ কৰে। প্ৰতিখন খেল চাৰিটা পৰ্যায়ত বিভক্ত কৰা হয়, খেলুৱৈসকলে পৰ্যায়সমূহৰ মাজেৰে আগবাঢ়ি যোৱাৰ লগে লগে অস্ত্ৰবোৰ শক্তিশালী হৈ গৈ থাকে। খেলুৱৈসকল মৰাৰ পাছতে স্পন ৰুমত আকৌ জীয়াই উঠে। তাত তেওঁলোকে প্ৰয়োজন হ’লে নিজৰ অস্ত্ৰ নিৰ্বাচন আৰু সামঞ্জস্য কৰিব পাৰিব। নিয়মীয়া ডেথমেট্চ ম’ডৰ বিপৰীতে খেলুৱৈসকলে খেল আৰম্ভ হোৱাৰ আগতে নিজৰ এজেণ্ট নিৰ্বাচন কৰিব লাগে কাৰণ এই গে’মম’ডত এজেণ্টৰ ক্ষমতাবোৰ ব্যৱহাৰ কৰিব পৰা যায়। খেলুৱৈসকলে মানচিত্ৰ-জুৰি যাদৃচ্ছিকভাৱে ওলোৱা আল্টিমে’ট অৰ্বসমূহ সংগ্ৰহ কৰি নাইবা শত্ৰু মাৰি তেওঁলোকৰ এজেণ্টবিলাকৰ চূড়ান্ত ক্ষমতা চাৰ্জ কৰিব পাৰে। তেওঁলোকে তেওঁলোকৰ চূড়ান্ত ক্ষমতাসমূহ 100% চাৰ্জ হোৱাৰ পাছত ব্যৱহাৰ কৰিব পাৰে। আনবোৰ গে’মম’ডৰ বিপৰীতে এই ম’ড নিয়মীয়া মানচিত্ৰসমূহত খেলা নহয়, বৰঞ্চ তিনিটা সুকীয়া মানচিত্ৰত খেলা হয় যি বিশেষভাৱে টীম ডেথমেট্চৰ বাবে প্ৰস্তুত কৰা হৈছে: পিয়াজ্জা, ডিষ্ট্ৰিক্ট আৰু কাছবাহ।১৯
এস্কালেশ্যন
2021 চনৰ 17 ফেব্ৰুৱাৰীত এস্কালেশ্যন গে’মম’ড প্ৰৱৰ্তন কৰা হৈছিল।২০ কাউণ্টাৰ-ষ্ট্ৰাইক আৰু কল অৱ ডিউটী: ব্লেক অপ্সৰ "গানগে’ম"ৰ সৈতে ইয়াৰ মিল আছে কিন্তু ইয়াত পাঁচজনীয়া খেলুৱৈৰ দুটা দল থাকে। গে’মটোৱে 12টা অস্ত্ৰৰ মাজৰ পৰা যাদৃচ্ছিকভাৱে একোটাকৈ অস্ত্ৰ নিৰ্বাচন কৰি দিয়ে যি খেল আগবঢ়াৰ লগে লগে সলনি হৈ থাকে। আনবোৰ গানগে’মৰ সংস্কৰণৰ দৰেই এটা দলে পৰৱৰ্তী অস্ত্ৰলৈ আগবাঢ়ি যাবলৈ নিৰ্দিষ্ট সংখ্যক শত্ৰু মাৰিব লাগে আৰু দলটোৱে সেইবোৰৰ মাজেৰে আগবাঢ়ি যোৱাৰ লগে লগে অস্ত্ৰবোৰ ক্ৰমান্বয়ে দুৰ্বল হৈ গৈ থাকে।২১ জয় লাভ কৰাৰ দুটা চৰ্ত আছে— যদিহে এটা দলে সফলতাৰে আটাই 12টা স্তৰ পাৰ কৰিব পাৰে বা যদি এটা দলে 10 মিনিটৰ ভিতৰত বিৰোধী দলতকৈ উচ্চ স্তৰত থাকে। ডেথমেট্চৰ দৰেই খেলুৱৈসকলে এটা যাদৃচ্ছিক এজেণ্ট লাভ কৰে, ক্ষমতাবোৰ ব্যৱহাৰ কৰিব নোৱাৰে কাৰণ গে’মম’ডটো সম্পূৰ্ণৰূপে বন্দুকৰ খেল হিচাপে তৈয়াৰ কৰা হৈছে। কিন্তু ছ’ভাৰ শ্বক ডাৰ্ট, ৰে’জৰ বুম বট আৰু ৰকেট লঞ্চাৰৰ দৰে ক্ষমতা সকলোৱে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ সুযোগ পায়। শত্ৰু মাৰিলে সেউজীয়া হেল্থ পেক ওলায় যি সংগ্ৰহ কৰি খেলুৱৈয়ে নিজৰ স্বাস্থ্য, ঢালৰ অৱস্থা আৰু বন্দুকৰ গুলীৰ সংখ্যা পুনঃস্থাপন কৰিব পাৰে। এই গে’মম’ডত খেলুৱৈ মৰিলে নিজে-নিজে আকৌ মানচিত্ৰৰ যাদৃচ্ছিক অৱস্থানত জীয়াই উঠে।২২
ৰেপ্লিকেশ্যন
ৰেপ্লিকেশ্যন গে’মম’ডে 11 মে’, 2021 তাৰিখে মুক্তি লাভ কৰে।২৩ এজেণ্ট নিৰ্বাচন কৰোঁতে খেটলুৱৈসকলে যিটো এজেণ্ট খেলিব খোজে সেইটোৰ পক্ষে ভোট দিব পাৰে। নিৰ্বাচনৰ সময় উকলি যোৱাৰ পাছত গে’মটোৱে খেলুৱৈসকলে বাছনি কৰা এজেণ্টবিলাকৰ মাজৰ পৰা এটা যাদৃচ্ছিকভাৱে নিৰ্বাচন কৰে। তাৰপাছত এটা দলৰ প্ৰতিগৰাকী খেলুৱৈয়ে একেটা এজেণ্ট হিচাপে খেলিব লাগিব, যদিও কোনো খেলুৱৈৰ সেইটো এজেণ্ট খোলা হোৱা নাই। ইয়াত নটা ৰাউণ্ড থাকে আৰু চতুৰ্থ ৰাউণ্ডৰ পাছত দুয়ো দলে ফাল সাল-সলনি কৰে। খেলুৱৈসকলে পূৰ্বনিৰ্ধাৰিত পৰিমাণৰ ক্ৰেডিটৰ সৈতে বন্দুক আৰু ঢাল কিনিব পাৰে। ক্ষমতাসমূহ আগৰে পৰা কিনা থাকে। প্ৰতিটো ৰাউণ্ডতে অস্ত্ৰ আৰু ঢাল সলনি কৰা হয়।২৪
স্ন’বলৰ ফাইট
স্ন’বলৰ ফাইট হৈছে সীমিত সময়ৰ গে’মম’ড যি 15 ডিচেম্বৰ, 2020 তাৰিখে মুক্তি লাভ কৰিছিল আৰু খ্ৰীষ্টমাছৰ বতৰতহে উপলব্ধ হয়।২৫ এইটো টীম ডেথমেট্চ গে’মম’ড য’ত জয়ী হ’বলৈ 50টা শত্ৰু মাৰিব লাগে। ক্ষমতাসমূহ ব্যৱহাৰ কৰিবলৈ দিয়া নহয় আৰু খেলুৱৈসকলে এটা যাদৃচ্ছিক এজেণ্ট লাভ কৰে। ইয়াত থকা একমাত্ৰ অস্ত্ৰ হ’ল স্ন’বল লঞ্চাৰ, যি নিমিষতে শত্ৰুক মাৰি পেলাব পাৰে কিন্তু লেহেমীয়া আৰু ই প্ৰক্ষেপ্য-ভিত্তিক বৃত্তচাপ ব্যৱহাৰ কৰে। অসীমিত গুলী থাকে। গোটেই গে’মটোৰ ভিতৰত এটা "পৰ্টেল" ওলায় য’ৰ পৰা উপহাৰ হিচাপে যাদৃচ্ছিক ক্ষমতাবৰ্ধক পাৱাৰ আপ সৰি পৰে।১৩
এজেণ্টবিলাক
গে’মটোত খেলিব পৰাকৈ কেইবাটাও এজেণ্ট পোৱা যায়। এজেণ্টবিলাকক 4টা ভূমিকাত ভাগ কৰা হৈছে— ডুৱেলিষ্ট, ছেণ্টিনেল, ইনিচিয়েটৰ আৰু কণ্ট্ৰ’লাৰ। প্ৰতিটো এজেণ্টৰ একোটাকৈ ভূমিকা থাকে যি সাধাৰণতে এজেণ্টটো কেনেদৰে খেলা হয় সেইটো সূচায়।
ডুৱেলিষ্টবিলাকে আক্ৰমণ কৰাত আৰু বোমা-স্থলীত প্ৰৱেশ কৰাত নিজৰ দলক সহায় কৰে। ৰায়ট কোম্পানীয়ে ডুৱেলিষ্টবিলাকক "আত্মনিৰ্ভৰশীল হত্যাকাৰী" হিচাপে সংজ্ঞায়িত কৰিছে।২৬ ডুৱেলিষ্টবিলাকে প্ৰধানকৈ এটা স্থলীত প্ৰৱেশ কৰোঁতে নিজৰ দলৰ বাবে ঠাই উলিয়ায়, তথ্য সংগ্ৰহ কৰে আৰু এটা স্থলীত প্ৰৱেশ কৰাটো সহজ কৰে। ইহঁতৰ লগত শত্ৰুক অন্ধ কৰিবপৰা ক্ষমতা যেনে ফ্লেশ্ব আৰু কম সময়ত অধিক দূৰত্ব অতিক্ৰম কৰিবপৰা ক্ষমতা থকাটো দেখিবলৈ পোৱা যায়। এইধৰণৰ ক্ষমতাই ডুৱেলিষ্টবিলাকক নিজৰ শত্ৰুক অসহায় অৱস্থাত ধৰি পৰাস্ত কৰাত সহায় কৰে। আক্ৰমণকাৰী হিচাপে ডুৱেলিষ্টবিলাকে সৰহভাগ সময়তে আগশাৰীত থাকি আক্ৰমণৰ নেতৃত্ব দিব লাগে। যিহেতু ইহঁতৰ লগত উচ্চখাপৰ ক্ষমতা থাকে, গতিকে ইহঁতে সদায় সকলোৰে আগত থাকি প্ৰথমে শত্ৰুৰ লগত যুঁজি সিহঁতক মাৰিব পাৰে। ৰক্ষাকাৰী হিচাপে ডুৱেলিষ্টবিলাকে শত্ৰুৰ প্ৰৱেশৰ পথবোৰ অৱৰোধ কৰি ৰাখে। যিহেতু ইহঁতৰ ক্ষমতাই ইহঁতক উচ্চ গতিশীলতা প্ৰদান কৰে, ইহঁতে ক্ষিপ্ৰতাৰে শত্ৰুক মাৰি সৰকি ওলাব পাৰে, যাৰ দ্বাৰা ইহঁতৰ দলে সংখ্যাগত সুবিধা লাভ কৰিব পাৰে।১
ছেণ্টিনেলবিলাক হৈছে দলৰ প্ৰতিৰক্ষামূলক সদস্য যি ঠাইসমূহ অৱৰোধ কৰি নিজৰ দলক শত্ৰুৰ পৰা সুৰক্ষিত কৰি ৰাখিব পাৰে। ক্ষমতা হিচাপে ইহঁৰত লগত সাধাৰণতে এনেবোৰ আহিলা থাকে যি শত্ৰুৰ বাবে বাধা হৈ থিয় দিয়ে। এই আহিলাবোৰে দলটোক মূল্যৱান তথ্য দিয়াৰ লগতে শত্ৰুৰ মাৰ সহিব পাৰে। আক্ৰমণকাৰী হিচাপে ছেণ্টিনেলবিলাকে মানচিত্ৰৰ কিছুমান অংশ অৱৰোধ কৰিবলৈ নিজৰ ক্ষমতা ব্যৱহাৰ কৰিব পাৰে নাইবা এনে কিছুমান আহিলা স্থাপন কৰিব পাৰে যাতে শত্ৰুৱে কোনোৱে গম নোপোৱাকৈ পাছফালৰ পৰা আক্ৰমণ নকৰে। ৰক্ষাকাৰী হিচাপে ছেণ্টিনেলবিলাকে শত্ৰুক এটা ঠাইত প্ৰৱেশ কৰোঁতে মন্থৰ কৰিবলৈ নিজৰ ক্ষমতা ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ দ্বাৰা ইহঁতৰ দলৰ আনবোৰ আহি প্ৰতিৰক্ষামূলক সমৰ্থন আগবঢ়াবলৈ মূল্যৱান সময় লাভ কৰে।১৯
ইনিচিয়েটৰবিলাকে আক্ৰমাণৰ পৰিকল্পনা কৰে। ইনিচিয়েটৰবিলাকে ৰক্ষাকাৰী শত্ৰুৰ অৱস্থানসমূহৰ মাজেদি সোমাই যাব পাৰে। ইনিচিয়েটৰবিলাকৰ লগত ফ্লেশ্বৰ দৰে ক্ষমতাৰ লগতে শত্ৰুৰ অৱস্থান প্ৰকাশ কৰিবপৰা ক্ষমতাও থাকে। এই তথ্যই আক্ৰমণকাৰীসকলক শত্ৰু ক’ত আছে— গম পোৱা আৰু স্থলী দখল কৰাটো সহজ কৰি তোলে। ৰক্ষাকাৰী হিচাপে ইনিচিয়েটৰবিলাকে আক্ৰমণকাৰীসকল ক’লৈ গৈ আছে সেইসম্পৰ্কে তথ্য প্ৰদান কৰিবলৈ নিজৰ ক্ষমতা ব্যৱহাৰ কৰিব পাৰে, লগতে নিজৰ দলক হেৰুওৱা স্থলী পুনৰ দখল কৰাত সহায় কৰিব পাৰে।১
কণ্ট্ৰ’লাৰবিলাকে নিজৰ দলক জয় লাভ কৰাত সহায় কৰিবলৈ বিপজ্জনক ভূখণ্ডৰ বিভাজন কৰিব পাৰে।২৬ ইহঁতে নিজৰ ক্ষমতা ব্যৱহাৰ কৰি আৱৰণৰ সৃষ্টি কৰিব পাৰে বা খালী ঠাই উলিয়াব পাৰে।২৬ ইহঁতে নিজৰ দলক শত্ৰুৰ অঞ্চলত প্ৰৱেশ কৰাত সহায় কৰিব পৰাকৈ ইহঁতৰ লগত ধোঁৱা, মলটভ, ষ্টান, ফ্লেশ্ব আদি থাকে। ধোঁৱা ব্যৱহাৰ কৰি ইহঁতে মানচিত্ৰত শত্ৰুৰ দৃষ্টি অৱৰোধ কৰিব পাৰে, যাৰ দ্বাৰা শত্ৰুৰ চকুত নপৰাকৈ ইহঁত নিৰাপদে পাৰ হৈ যাব পৰে। আক্ৰমণকাৰী হিচাপে কণ্ট্ৰ’লাৰবিলাকে শত্ৰুৰ পহৰা দিয়া ঠাইবোৰত ধোঁৱাৰে দৃষ্টি অৱৰোধ কৰি শত্ৰুক ওলাই আহিবলৈ বাধ্য কৰিব পাৰে। ৰক্ষাকাৰী হিচাপে কণ্ট্ৰ’লাৰবিলাকে শত্ৰুৰ প্ৰৱেশৰ পথবোৰ অৱৰোধ কৰি সিহঁতক আগবঢ়াত বাধা দিব পাৰে।১
বিকাশ
লীগ অৱ লিজেণ্ড্ছৰ আঁৰৰ ষ্টুডিঅ’ ৰায়ট গেম্ছে ভেল’ৰেণ্টৰ বিকাশ আৰু প্ৰকাশ কৰিছিল।৫ 2014 চনত তেওঁলোকৰ গৱেষণা আৰু বিকাশ বিভাগৰ অভ্যন্তৰত বিকাশ আৰম্ভ হৈছিল।২ গে’ম পৰিচালক জ’ জীগ্লাৰক ৰায়টৰ অন্যান্য বিকাশকাৰীৰ সৈতে সম্ভাৱ্য গে’ম প্ৰস্তুত কৰি থাকোঁতে ভেল’ৰেণ্টৰ প্ৰাৰম্ভিক ধাৰণা আগবঢ়োৱাৰ বাবে কৃতিত্ব দিয়া হয়।২ ডেভিড নটিংহাম হৈছে ভেল'ৰেণ্টৰ সৃষ্টিশীল পৰিচালক।২ লীগ অৱ লিজেণ্ড্ছৰ প্ৰাক্তন ডিজাইনাৰ ট্ৰেভৰ ৰম্লেস্কি আৰু প্ৰাক্তন পেছাদাৰী খেলুৱৈ আৰু কাউণ্টাৰ-ষ্ট্ৰাইক: গ্ল’বেল অফেন্সীভৰ মেপ ডিজাইনাৰ ছাল্ভাত’ৰে গাৰজ্জ’ ইয়াৰ গে’ম ডিজাইনাৰ।২৭ হাফ-লাইফ ২ আৰু টীম ফ’ৰ্ট্ৰেছ ২-ৰ চিত্ৰকলা আৰু চৰিত্ৰ ডিজাইনাৰ হিচাপে কাম কৰা ভেল্ভৰ প্ৰাক্তন বিকাশকাৰী মবী ফ্ৰেংক হৈছে ইয়াৰ চিত্ৰকলা পৰিচালক।২৮২৯
ভেল’ৰেণ্টক দুটা মূল লক্ষ্যৰে বিকশিত কৰা হৈছিল: কৌশলগত শ্বুটাৰ আৰু বৈদ্যুতিক-ক্ৰীড়াক নতুন খেলুৱৈৰ বাবে অধিক সহজলভ্য কৰি তোলা আৰু এনে এটা গে’মৰ সৃষ্টি কৰা যি প্ৰতিযোগিতাৰ জগতত ব্যাপক সঁহাৰি লাভ কৰিব, একে সময়তে এইধৰণৰ গে’মৰ ক্ষেত্ৰত পেছাদাৰী খেলুৱৈসকলে কৰি অহা অভিযোগসমূহৰ সমাধন বিচাৰি উলিওৱা।৩০৩১৩২ বৃহৎ, সক্ৰিয় সমাজ আৰু খেলুৱৈৰ ভেটিক লক্ষ্য কৰি সৃষ্টি কৰা গে’মসমূহ—সাধাৰণতে ফৰ্টনাইট বা ৰায়টৰ নিজা "লীগ অৱ লিজেণ্ড্ছ"ৰ দৰে বিনামূলীয়াকৈ খেলিবপৰা গে’ম—নতুন প্ৰযুক্তি বা গ্ৰাফিক্সৰ পৰিৱৰ্তে ছিষ্টেম পৰিৱেশনৰ উন্নতিসাধন আৰু গে’মৰ স্থিৰতাৰ ব্যাপক শৃংখলাৰ ওপৰত গুৰুত্ব দিয়া দেখা যায়; যাতে গে’মটো অধিক লোকৰ বাবে সুলভ কৰিব পাৰি। গে’মটো মুকলি কৰাৰ পূৰ্বে হোৱা সাক্ষাৎকাৰত গে’মৰ নিৰ্দেশক জ’ জীগ্লাৰ আৰু প্ৰযোজক এনা ডনলনে কয়— "ভেল’ৰেণ্টক যিমান পৰিমাণে পেছাদাৰী খেলুৱৈৰ বাবে তৈয়াৰ কৰা হৈছে, সিমানেই নতুনকৈ কৌশলগত শ্বুটাৰ খেলা লোকৰ বাবেও তৈয়াৰ কৰা হৈছে আৰু গে’মটোৰ সহজলভ্যতাৰ ওপৰত আমি বিশেষ মনোযোগ দিছোঁ।"৩১
ভেল’ৰেণ্ট বিকশিত কৰিবলৈ ৰায়টে আনৰিয়েল ইঞ্জিন 4 বাছি লৈছিল আৰু এইক্ষেত্ৰত বিকাশকাৰী দলে কৈছিল— "ইয়াৰ জৰিয়তে আমি মূল প্ৰণালীত সময় ব্যয় কৰাৰ পৰিৱৰ্তে গে’মপ্লে’ আৰু অপ্টিমাইজেশ্যনত মনোনিৱেশ কৰিব পাৰিম।"৩৩৩৪ অধিক লোকে ভেল’ৰেণ্ট খেলিব পৰাকৈ নিম্ন পৰিৱেশনৰ প্ৰতিবন্ধকতাৰ লক্ষ্য পূৰণ কৰিবলৈ বিকাশকাৰীৰ দলে গে’মটোৰ বাবে লক্ষণীয়ভাৱে নিম্নতম পৰামৰ্শমূলক হাৰ্ডৱেৰৰ প্ৰয়োজনীয়তা নিৰ্ধাৰণ কৰৰিছিল। এই নিম্নতম প্ৰয়োজনীয়তাত প্ৰতি ছেকেণ্ডত 30 ফ্ৰেম পাবলৈ, পূৰ্বে গিয়াৰ্ছ অৱ ওৱাৰ 4-ত কাম কৰা মাৰ্কাছ ৰেইডৰ নেতৃত্বত গে’মৰ অভিযান্ত্ৰিক দলে ইঞ্জিনত কেইবাটাও পৰিৱৰ্তন কৰিবলগীয়া হৈছিল। এই পৰিৱৰ্তনসমূহৰ ভিতৰত আছিল ইঞ্জিনৰ ম’বাইল ৰেণ্ডাৰিং পথ আধাৰ হিচাপে ব্যৱহাৰ কৰি ৰেণ্ডাৰাৰ সম্পাদনা কৰা বা কৌশলগত শ্বুটাৰবিলাকত প্ৰায়ে প্ৰয়োজন হোৱা স্থিৰ পোহৰৰ সৈতে খাপ খুৱাব পৰাকৈ খেলৰ পোহৰৰ প্ৰণালীবোৰ পুনৰ্নিৰ্মাণ কৰা যাতে গে’মপ্লে’ত প্ৰভাৱ নপৰে।৩৩ আনৰিয়েলৰ আধুনিক আধাৰসমূহেও ৰায়ট-দ্বাৰা নিৰ্ধাৰিত বহুতো সমস্যা যি এইধৰণৰ অন্যান্য গে’মত দেখা যায় সেয়া সমাধান কৰাত সহায় কৰিছিল আৰু অতিৰিক্ত সাল-সলনিয়ে এক উপযুক্ত প্ৰতিযোগিতামূলক পৰিৱেশৰ সৃষ্টি কৰাৰ অন্যান্য লক্ষ্য পূৰণ কৰাত সহায় কৰিছিল, যাৰ ভিতৰত আছিল যুদ্ধশূন্য পৰিস্থিতিত চৰিত্ৰৰ এনিমেশ্যন নিষ্ক্ৰিয় কৰি ছাৰ্ভাৰৰ পৰিৱেশনৰ অনুকূল কৰা আৰু আঘাত পঞ্জীয়ন প্ৰক্ৰিয়াত অপ্ৰয়োজনীয় মূল্যায়ন আঁতৰোৱা।৩৫৩১৩৩ বিকাশৰ সময়ত, ৰায়ট গেম্ছে গে’মটোৰ কমেও 70% খেলুৱৈৰ বাবে 35 মিলিছেকেণ্ডতকৈ কম পিঙৰ ওপৰত কাম কৰাৰ প্ৰতিশ্ৰুতি দিছিল।৩৬ এইটো বাস্তৱায়িত কৰিবলৈ ৰাইটে বিশ্বৰ সৰহভাগ প্ৰধান চহৰত বা সিবোৰৰ ওচৰ-পাঁজৰে 128-টিক ছাৰ্ভাৰৰ স্থাপন কৰাৰ লগতে সেই ছাৰ্ভাৰসমূহৰ সৈতে সমৰ্পিত সংযোগ স্থাপন কৰিবলৈ ইণ্টাৰনেট সেৱা প্ৰদানকাৰীৰ সৈতে কাম কৰাৰ প্ৰতিশ্ৰুতি দিছিল।৩৭ ক’ভিড-19 মহামাৰীৰ সময়ত ইণ্টাৰনেট ট্ৰেফিক বৃদ্ধি হোৱাৰ বাবে ৰায়টে প্ৰতিশ্ৰুতি কৰা অনুসৰি সংযোগ আৰু পিং অনুকূল কৰাত তেওঁলোক অসুবিধাৰ সন্মুখীন হৈছিল।৩৮
ম’বাইল সংস্কৰণ
2021 চনৰ 2 জুনত ৰায়ট গেম্ছে ভেল’ৰেণ্টৰ ম’বাইল সংস্কৰণ বিকশিত কৰাৰ পৰিকল্পনা ঘোষণা কৰে।৩৯
মুক্তিলাভ
2019 চনৰ অক্টোবৰ মাহত প্ৰজেক্ট এ সাংকেতিক শীৰ্ষকেৰে ভেল’ৰেণ্টৰ টীজাৰ মুকলি কৰা হৈছিল।৪০ 2020 চনৰ 1 মাৰ্চত ইউটিউবত "দা ৰাউণ্ড" নামৰ এটা গে’মপ্লে’ ভিডিঅ’ৰ জৰিয়তে ইয়াৰ ঘোষণা কৰা হৈছিল।৫৪১৪২ 2020 চনৰ 7 এপ্ৰিলত সীমিত লোকৰ বাবে গে’মটোৰ বিটা সংস্কৰণ মুকলি কৰা হৈছিল।৪০ বিটা এক্সেছ কী লাভ কৰাৰ সুযোগৰ বাবে খেলুৱৈসকলে ৰায়ট গেম্ছ আৰু ষ্ট্ৰীমিং প্লেটফৰ্ম টুইচ দুয়োটাৰে একাউণ্ট খুলিবলগীয়া হৈছিল আৰু আনুষংগিক ষ্ট্ৰীম চাবলগীয়া হৈছিল।৪৩ এই বিটা 28 মে’, 2020 তাৰিখে সমাপ্ত হয় আৰু গে’মটো সম্পূৰ্ণৰূপে 2 জুন, 2020 তাৰিখে মুকলি কৰা হয়।৪৪
অভ্যৰ্থনা
অভ্যৰ্থনা
| মুঠ নম্বৰ | একত্ৰক | নম্বৰ |
| মেটাক্ৰিটিক | 80/100 |
ভেল’ৰেণ্টক ভেল্ভৰ কাউণ্টাৰ-ষ্ট্ৰাইক: গ্ল’বেল অফেন্সীভ, য’ত দুয়োটা গে’মত পাঁচজনীয়া দুটা দলে বোমা স্থাপন কৰাৰ চেষ্টা কৰে আৰু ব্লিজাৰ্ড এণ্টাৰটেইনমেণ্টৰ শ্ৰেণীভিত্তিক শ্বুটাৰ অভাৰওৱাচৰ সৈতে তুলনা কৰা হৈছে, কিয়নো দুয়োটা গে’মত বিভিন্ন শৈলীৰ খেলৰ বাবে একাধিক শ্ৰেণী আৰু চৰিত্ৰ আছে।৪৪৯
ডিছকৰ্ড ছ’চিয়েল প্লেটফৰ্মত 2023 চনৰ মে’ মাহলৈকে অফিচিয়েল ভেল’ৰেণ্ট ডিছকৰ্ড ছাৰ্ভাৰ দ্বিতীয় বৃহত্তম গে’মিং আৰু সামগ্ৰিকভাৱে পঞ্চম বৃহত্তম সমাজত পৰিণত হৈছিল।৫০৫১
বঁটা
| + | চন | অনুষ্ঠান | শ্ৰেণী | ফলাফল | Ref. |
| 2020 | 2020 চনৰ দা গে’ম এৱৰ্ড্ছ | শ্ৰেষ্ঠ বৈদ্যুতিক-ক্ৰীড়াৰ গে’ম | মনোনীত | ৫২ | |
| শ্ৰেষ্ঠ মাল্টিপ্লেয়াৰ | মনোনীত | ||||
| শ্ৰেষ্ঠ সামূহিক সাহায্য | মনোনীত | ||||
| 2022 | 2022 চনৰ দা গে’ম এৱৰ্ড্ছ | শ্ৰেষ্ঠ বৈদ্যুতিক-ক্ৰীড়াৰ গে’ম | বিজয়ী | ||
| 2023 | গ’ল্ডেন জয়ষ্টিক এৱৰ্ড্ছ | শ্ৰেষ্ঠ ষ্ট্ৰীমিং গে’ম | ৫৩ |
খেলুৱৈৰ আচৰণ
ভেল’ৰেণ্টে ইয়াৰ "বিষাক্ত", পুৰুষ-প্ৰধান কণ্ঠস্বৰ-ভিত্তিক যোগাযোগ ব্যৱস্থাৰ বাবে সমালোচনা লাভ কৰিছে। ইএছপিএন-ৰ এমিলী ৰেণ্ডে মহিলা হিচাপে কণ্ঠস্বৰ-ভিত্তিক যোগাযোগৰ সুবিধা ব্যৱহাৰ কৰি দলত খেলাৰ নেতিবাচক অভিজ্ঞতাৰ কথা প্ৰকাশ কৰে। ৰেণ্ডে নিজৰ বন্ধু-বান্ধৱীৰ সৈতে নেখেলিলে "এই সুবিধা ব্যৱহাৰ কৰাটো এৰাই চলে।"৫৪ দা গাৰ্ডিয়ানৰ জৰ্ডন অল’মেনে ব্যাখ্যা কৰিছে— "ভেল’ৰেণ্টৰ দুষ্ট খেলুৱৈবিলাকে উদ্ভটৰূপে আনে অতি নিপুণতাৰে খেলাটো বিচাৰে আৰু তাৰ ফলত ভইচ-চেটত বৰ সমালোচনা কৰে যি গঠনমূলক নহয়।"৪৮ তদুপৰি, সমীক্ষাত দেখা গৈছে যে 79–80% খেলুৱৈয়ে কেতিয়াবা নহয় কেতিয়াবা খেলৰ ভিতৰত হাৰাশাস্তিৰ সন্মুখীন হৈছে।৫৫৫৬
ঠগ-ৰোধী ছফ্টৱেৰ
গে’মটোৱে ইয়াৰ এণ্টি-চীট ছফ্টৱেৰ ভেনগাৰ্ডৰ বাবে সমালোচনা লাভ কৰিছে, কিয়নো ই কম্পিউটাৰ ছিষ্টেমত প্ৰৱেশাধিকাৰ থকা কাৰ্নেল ড্ৰাইভাৰত চলা বুলি প্ৰকাশ পাইছিল। অ’এছনিউজে উদ্বেগ প্ৰকাশ কৰিছে যে ৰায়ট গেম্ছ আৰু ইয়াৰ গৰাকী চীনা প্ৰযুক্তি-গোষ্ঠী টেনচেণ্টে খেলুৱৈসকলৰ ওপৰত চোৰাংচোৱাগিৰি কৰিব পাৰে আৰু তৃতীয় পক্ষই সম্ভৱতঃ কাৰ্নেল ড্ৰাইভাৰটো নিষ্পেষণ কৰিব পাৰে।৫৭ অৱশ্যে, ৰায়ট গেম্ছে উল্লেখ কৰে যে ড্ৰাইভাৰটোৱে তেওঁলোকলৈ কোনো তথ্য ঘূৰাই নপঠিয়ায় আৰু ছফ্টৱেৰটোত থকা দুৰ্বলতাসমূহ বিচাৰি উলিওৱাসকলক পুৰস্কৃত কৰিবলৈ বাগ বাউণ্টী প্ৰ’গ্ৰাম আৰম্ভ কৰে।৫৮৫৯ ইয়াৰ দ্বাৰা দুৰ্বলতা বিচাৰি উলিওৱা হোৱাইট হেট হেকাৰসকলে দুৰ্বলতাটোৰ তীব্ৰতাৰ ভিত্তিত 25,000ৰ পৰা 100,000 ডলাৰলৈকে লাভ কৰিব পাৰে।৬০ গে’মপ্লে’ৰ সৰু-সুৰা সমস্যা ইয়াৰ আওতাত নাহে।৬০
বিদ্যুৎ-ক্ৰীড়া

বিদ্যুৎ-ক্ৰীড়াৰ ক্ষেত্ৰত ভেল’ৰেণ্ট অতি সক্ৰিয়। ৰায়ট গেম্ছে ভেল’ৰেণ্ট ই-স্প’ৰ্ট্ছৰ সৰ্বোচ্চ পৰ্যায় পৰিচালনা কৰে।
2020 চনত ৰায়ট গেম্ছে "ফাৰ্ষ্ট ষ্ট্ৰাইক" আৰম্ভ কৰিছিল যি আছিল এক প্ৰতিযোগিতা যাৰ দ্বাৰা এই গে’মে বিদ্যুৎ-ক্ৰীড়াৰ জগতত খোজ পেলায়।৬১
অ’পেন-কুৱালিফায়াৰ এৰা (2021–22)
2020 চনৰ নৱেম্বৰ মাহত ৰায়ট গেম্ছ ভেল’ৰেণ্ট চেম্পিয়ন্স ট্যুৰ (ভিচিটি)ৰ ঘোষণা কৰে, যি হৈছে বছৰজোৰা টুৰ্নামেণ্ট চাৰ্কিট য’ত তিনিটা স্তৰ থাকে— চেম্পিয়ন্স, মাষ্টাৰ্ছ আৰু চেলেঞ্জাৰ্ছ।
পাৰ্টনাৰশ্বিপ এৰা (2023-বৰ্তমান)
2023 চনত ৰায়ট গেম্ছ তেওঁলোকৰ ভেল’ৰেণ্ট চেম্পিয়ন্স ট্যুৰৰ বাবে পাৰ্টনাৰ টীম মডেলৰ কথা ঘোষণা কৰে।৬২
বাহ্যিক সংযোগসমূহ
- (বৈদ্যুতিক-ক্ৰীড়া)
তথ্যসূত্ৰ
- ↑ VALORANT: Riot Games' competitive 5v5 character-based tactical shooter. playvalorant.com
- ↑ Goslin, Austen. (March 2, 2020). Valorant: How Riot finally made something new. Polygon. Vox Media
- ↑ Goslin, Austen. (March 2, 2020). Valorant: Everything we know about Riot Games' new shooter. Polygon. Vox Media
- ↑ Goslin, Austen. (March 2, 2020). Riot's Valorant mashes up Rainbow Six with CS:GO for a speedy new tactical shooter. Polygon. Vox Media
- ↑ Kim, Matt. (March 2, 2020). New Riot Shooter, Valorant Announced: Screenshots, Release Window, PC Specs. IGN. Ziff Davis
- ↑ Geddes, George; Heath, Jerome. (April 9, 2020). All weapons in Valorant. Dot Esports. Gamurs
- ↑ Toms, Ollie. (April 7, 2020). Valorant weapons guide: all stats and recoil patterns. Rock, Paper, Shotgun. Gamer Network
- ↑ All Valorant characters and abilities guide. PCGamesN
- ↑ Stubbs, Mike. New 'Valorant' Agent Deadlock Can Trap Enemies In A Cocoon. Forbes
- ↑ VALORANT Store and Cosmetic Content. playvalorant.com
- ↑ Shea, Brian. (March 2, 2020). Valorant Preview: A Deep Dive On The New Hero-Based Tactical Shooter From Riot Games. Game Informer. GameStop
- ↑ (2022-12-17). What is Valorant Swift Play and how is it different from Spike Rush?. Esports.gg
- ↑ VALORANT Patch Notes 1.14. playvalorant.com
- ↑ VALORANT Patch Notes 3.05. PlayValorant.com
- ↑ How Valorant Ranking System Works – Rankings Explained. Alphr
- ↑ Geddes, George. (2022-10-26). Riot gears up to launch alpha of new competitive VALORANT game mode. Dot Esports
- ↑ VALORANT Patch Notes 1.05. playvalorant.com
- ↑ VALORANT Patch Notes 1.10. playvalorant.com
- ↑ VALORANT Team Deathmatch 101. playvalorant.com
- ↑ VALORANT Patch Notes 2.03. playvalorant.com
- ↑ (February 16, 2021). https://www.polygon.com/2021/2/16/22285590/valorant-escalation-game-mode-gun-game
- ↑ NEW VALORANT MODE: ESCALATION. playvalorant.com
- ↑ VALORANT Patch Notes 2.09. playvalorant.com
- ↑ NEW VALORANT MODE: REPLICATION. playvalorant.com
- ↑ Kelly, Michael. (2021-12-13). Snowball Fight returns to VALORANT. Dot Esports
- ↑ Heath, Jerome. (2021-08-02). All VALORANT classes, Explained. Dot Esports
- ↑ Rubio, Minna. (April 21, 2020). Valorant devs explain how they balance abilities and tactical gameplay. Daily Esports
- ↑ Pack, Takyun; Jang, David. (March 2, 2020). (Valorant) Interview with the developers - Part 1: "If we didn't think it'll succeed, we wouldn't have even developed it.". InvenGlobal. Inven Communications
- ↑ Petitte, Omri. (February 13, 2013). Valve lays off several employees in hardware, mobile teams (Updated). PC Gamer
- ↑ VALORANT Esports and Community Competition. playvalorant.com
- ↑ Interview with Riot: Valorant Q&A - YouTube. www.youtube.com
- ↑ Statt, Nick. (April 8, 2020). Riot's Valorant isn't even out yet, but it's already looking like an esports sensation. The Verge
- ↑ Reid, Marcus. (June 17, 2020). VALORANT's foundation is Unreal Engine. Unreal Engine
- ↑ (June 18, 2020). The tech behind the hit tactical shooter: @RiotGames Principal Software Engineer, Marcus Reid, talks about @PlayVALORANT and how the team utilized #UE4 for lightning-fast multiplayer gameplay and performance.
- ↑ Shipping amid COVID-19 // Dev Diaries - VALORANT - YouTube. www.youtube.com
- ↑ (April 14, 2020). https://www.washingtonpost.com/video-games/esports/2020/04/14/valorant-tick-rate-servers-pros-streamers/
- ↑ Davison, Ethan. (April 14, 2020). Valorant's super-fast servers are attracting streamers and pros in droves. Here's why.. Washington Post
- ↑ Wilde, Tyler. (May 6, 2020). Riot confirms that increased internet usage due to COVID-19 is affecting pings. PC Gamer. Future US
- ↑ Stubbs, Mike. (June 2, 2021). 'Valorant Mobile' Game Announced As PC Version Hits 14 Million Monthly Players. Forbes
- ↑ Webster, Andrew. (March 30, 2020). Riot's shooter Valorant goes into beta on April 7th. The Verge. Vox Media
- ↑ Jones, Alistair. (March 2, 2020). Riot's Next Game is Valorant, A First-Person Shooter. Kotaku. G/O Media
- ↑ Cropley, Stephen. (March 2, 2020). Valorant's first eight agents & abilities revealed. VPEsports
- ↑ Rad, Chloi. (May 29, 2020). How To Get A Valorant Beta Key Before Beta Ends (Update). GameSpot
- ↑ Erzberger, Tyler. (May 21, 2020). Riot Games announces June 2 release date for VALORANT. ESPN
- ↑ Tack, Daniel. (June 10, 2020). Valorant. Game Informer
- ↑ Higham, Michael. (June 16, 2020). Valorant Review - A Valiant Effort. GameSpot
- ↑ Campbell, Kyle. (June 6, 2020). Valorant Review. IGN
- ↑ Oloman, Jordan. (June 20, 2020). Valorant review – mind games and strategy meet competitive shooting. The Guardian
- ↑ Machkovech, Sam. (April 8, 2020). Valorant closed beta: The tactical hero shooter I never knew I wanted. Ars Technica. Condé Nast
- ↑ (4 May 2023). Leading Discord servers among users worldwide as of May 2023, by number of members. Statista
- ↑ (5 May 2023). Leading Discord gaming servers among users worldwide as of May 2023, by number of members. Statista
- ↑ Tassi, Paul. (December 11, 2020). Here's The Game Awards 2020 Winners List With A Near-Total 'Last Of Us' Sweep. Forbes
- ↑ Loveridge, Sam. (2023-11-10). Here are all the Golden Joystick Awards 2023 winners. GamesRadar+
- ↑ (2020-05-28). What we thought of VALORANT's beta. ESPN
- ↑ Free to Play? Hate, Harassment and Positive Social Experience in Online Games 2020 · ADL. www.adl.org
- ↑ Leston, Ryan. (2021-09-16). 'Valorant' has the most toxic community in gaming. NME
- ↑ Holwerda, Thom. (April 15, 2020). Riot Games, maker of League of Legends, installs rootkit with their new hit game Valorant. OSNews
- ↑ Orland, Kyle. (April 14, 2020). Ring 0 of fire: Does Riot Games' new anti-cheat measure go too far?. Ars Technica. Condé Nast
- ↑ Orland, Kyle. (April 20, 2020). Riot addresses "kernel-level driver" concerns with expanded bug bounties. Ars Technica. Condé Nast
- ↑ HackerOne. HackerOne
- ↑ Announcing VALORANT First Strike. playvalorant.com
- ↑ Sengupta, Suryadeepto. (2022-09-21). VCT 2023: All 30 franchise teams selected across Americas, EMEA, and Pacific. www.sportskeeda.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভেল’ৰেণ্ট” প্ৰবন্ধৰ সংশোধন ৫৯৬২৫২ (২৮ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।