অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

ময়ূৰাসন

ময়ূৰাসন বা ময়ূৰ ভংগিমা হৈছে হাতৰ ওপৰত শৰীৰক আনুভূমিকভাৱে ধৰি ব্যায়াম হিচাপে হঠযোগ আৰু আধুনিক যোগত হাতেৰে শৰীৰৰ ভাৰসাম্য ৰক্ষা কৰা আসন। ই দশম শতিকাত বৰ্ণনা কৰা আটাইতকৈ পুৰণি আসনসমূহৰ ভিতৰত অন্যতম।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ১২৩ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

ময়ূৰাসন বা ময়ূৰ ভংগিমা১ হৈছে হাতৰ ওপৰত শৰীৰক আনুভূমিকভাৱে ধৰি ব্যায়াম হিচাপে হঠযোগ আৰু আধুনিক যোগত হাতেৰে শৰীৰৰ ভাৰসাম্য ৰক্ষা কৰা আসন। ই দশম শতিকাত বৰ্ণনা কৰা আটাইতকৈ পুৰণি আসনসমূহৰ ভিতৰত অন্যতম।

ব্যুৎপত্তি আৰু উৎপত্তি

যোগ-প্ৰদীপিকাৰ এখন সচিত্ৰ পাণ্ডুলিপিত ময়ূৰাসন, ১৮৩০
যোগ-প্ৰদীপিকাৰ এখন সচিত্ৰ পাণ্ডুলিপিত ময়ূৰাসন, ১৮৩০ছবি: Jogapradipika manuscript illustrator, probably from the Punjab, India, 1830 · Public domain

এই নামটো সংস্কৃত শব্দ ময়ূৰ (मयूर) অৰ্থাৎ "ময়ূৰ চৰাই"২ আৰু আসনা (আসন) অৰ্থাৎ "ভংগিমা"ৰপৰা গঠিত হৈছে।৩

ময়ূৰাসন হঠযোগত ব্যৱহৃত নবহাকৈ কৰা আসনসমূহৰ ভিতৰত অন্যতম; ইয়াৰ প্ৰথম বৰ্ণনা দশম শতিকাৰ বিমানাৰ্চনাকল্পত কৰা হৈছে। বশিষ্ঠ সংহিতা ১.৭৬-৭ত কোৱা হৈছে যে, ই সকলো পাপ ধ্বংস কৰে।৪

যোধপুৰ ভাৰতৰ মহামন্দিৰ মন্দিৰত ময়ূৰাসনত নাথ যোগীক চিত্ৰিত কৰা মিউৰেল, আনুমানিক ১৮১০ চনত
যোধপুৰ ভাৰতৰ মহামন্দিৰ মন্দিৰত ময়ূৰাসনত নাথ যোগীক চিত্ৰিত কৰা মিউৰেল, আনুমানিক ১৮১০ চনতছবি: Unknown Indian artist, c. 1810 · Public domain

বিৱৰণ

এই আসনত শৰীৰটোক দুয়োখন হাতৰ তলুৱাৰে মজিয়া ধৰি ৰখা আনুভূমিক লাঠিৰ দৰে ওপৰলৈ তুলি লোৱা হয় আৰু শৰীৰটো কিলাকুটিৰদ্বাৰা ভৰসাম্য ৰক্ষা কৰা হয়।৫

তাৰতম্য

হাত দুখন আগলৈ আঙুলিয়াই ৰখাৰ বাহিৰে হংসাসন (হাঁহৰ ভংগিমা) ময়ূৰাসনৰ সৈতে একে।৬

পদ্ম ময়ূৰাসন
পদ্ম ময়ূৰাসনছবি: Mohan Yoga India · CC BY-SA 4.0

পদ্ম ময়ূৰাসন (ময়ূৰ ভংগিমাত পদুম)ৰ ভৰি দুখন পদ্মৰ অৱস্থানৰ দৰেই ক্ৰছ কৰা হৈছে।৭

তথ্যসূত্ৰ

  1. ↑ Yoga Journal - Peacock Pose
  2. ↑ Mayurasana - AshtangaYoga.info
  3. ↑ Sinha, S. C. (1 June 1996). Dictionary of Philosophy. Anmol Publications. পৃ. 18. ISBN 978-81-7041-293-9
  4. ↑ Mallinson, James; Singleton, Mark. (2017). ((Roots of Yoga)). Penguin Books. পৃ. 100–101, 105. ISBN 978-0-241-25304-5
  5. ↑ Iyengar 1979, পৃ. 282–284
  6. ↑ Iyengar 1979, পৃ. 284–285
  7. ↑ Ramaswami, Srivatsa; Krishnamacharya, T. (3 June 2005). The complete book of vinyasa yoga: an authoritative presentation, based on 30 years of direct study under the legendary yoga teacher Krishnamacharya. Da Capo Press. পৃ. 208. ISBN 978-1-56924-402-9

সম্পৰ্কিত শ্ৰেণী

যোগাসনস্বাস্থ্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ময়ূৰাসন” প্ৰবন্ধৰ সংশোধন ৬৩১১০৩ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।