অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ধনীৰাম বৰুৱা (চিকিৎসক)

ডাঃ ধনীৰাম বৰুৱা এগৰাকী হৃদশল্য চিকিৎসক। তেওঁ জেনোট্ৰেন্সপ্লাণ্টেচনৰ ক্ষেত্ৰত তেওঁৰ অগ্ৰণী ভূমিকাৰ বাবে বিখ্যাত। তেওঁক ভাৰতৰ পিগ হাৰ্ট ডাক্তৰ বুলি জনা যায়। ১৯৯৭ চনৰ ১ জানুৱাৰী তাৰিখে তেওঁ মানুহৰ শৰীৰত গাহৰিৰ হৃদযন্ত্ৰ সংৰোপণ কৰা বিশ্বৰ প্ৰথম গৰাকী হৃদশল্য চিকিৎসক।

হালনাগাদ: ১৮ নৱেম্বৰ ২০২৪ ২৩৪ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

ডাঃ ধনীৰাম বৰুৱা এগৰাকী হৃদশল্য চিকিৎসক। তেওঁ জেনোট্ৰেন্সপ্লাণ্টেচনৰ ক্ষেত্ৰত তেওঁৰ অগ্ৰণী ভূমিকাৰ বাবে বিখ্যাত। তেওঁক ভাৰতৰ পিগ হাৰ্ট ডাক্তৰ বুলি জনা যায়।১ ১৯৯৭ চনৰ ১ জানুৱাৰী তাৰিখে তেওঁ মানুহৰ শৰীৰত গাহৰিৰ হৃদযন্ত্ৰ সংৰোপণ কৰা বিশ্বৰ প্ৰথম গৰাকী হৃদশল্য চিকিৎসক।২ অৱশ্যে পৰৱৰ্তী সময়ত ৰোগী গৰাকীৰ মৃত্যু হৈছিল। ২৫ বছৰ পিছত জানুৱাৰী ২০২২-ত গাহৰিৰ পৰা মানুহলৈ হৃদযন্ত্ৰৰ সফল সংৰোপক বাৰ্টলী পি. গ্ৰিফিথৰ তেওঁ পূৰ্বসূৰী আছিল।৩ গ্ৰিফিথে আনুবংশিকভাৱে পৰিৱৰ্তিত গাহৰিৰ হৃদযন্ত্ৰ ব্যৱহাৰ কৰাৰ বিপৰীতে, বৰুৱাই এটা সাধাৰণ গাহৰিৰ হৃদযন্ত্ৰ সংৰোপণ কৰিছিল।৪ তেওঁ ধনীৰাম বৰুৱা হৃদযন্ত্ৰ প্ৰতিষ্ঠান আৰু গৱেষণা কেন্দ্ৰৰ প্ৰতিষ্ঠাপক।৫

গৱেষণা, দাবী আৰু বিতৰ্ক

সমগ্ৰ কেৰিয়াৰত ডাঃ বৰুৱাই তেওঁৰ ভৌতিক ধাৰণা আৰু অগতানুগতিক পদ্ধতিৰে বিতৰ্কৰ সূত্ৰপাত কৰে।৬ ডাঃ বৰুৱাই তেওঁৰ ৰোগী পূৰ্ণ শইকীয়াৰ দেহত সংৰোপণ কৰা গাহৰিৰ হৃদযন্ত্ৰটোৱে সাত দিন কাম কৰিছিল, পৰৱৰ্তী সময়ত ৰোগীৰ শৰীৰে এই সংৰোপণ প্ৰত্যাখ্যান কৰিছিল। অৱহেলা আৰু চিকিৎসাৰ নৈতিকতা উলংঘনৰ দোষত ডাঃ বৰুৱাক ৪০ দিনৰ বাবে কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল। তেওঁৰ ক্লিনিক আৰু গৱেষণা কেন্দ্ৰটো ক্ৰোধিত জনতাই জ্বলাই দিছিল। তেওঁক এজন উন্মাদ ব্যক্তি বুলি আখ্যা দিয়া হৈছিল আৰু স্থানীয় লোকে সামাজিকভাৱে বহিষ্কাৰ কৰিছিল। এইক্ষেত্ৰত নিৰুৎসাহিত হৈয়ো তেওঁ নিজৰ পৰীক্ষা-নিৰীক্ষা অব্যাহত ৰাখিছিল, আৰু দাবী কৰিছিল যে মানুহৰ শৰীৰত গাহৰিৰ হৃদযন্ত্ৰৰ সফল সংৰোপণ সম্ভৱ। পিছত তেওঁ তেওঁৰ অপমান আৰু অন্যায় আচৰণৰ বাবে চৰকাৰৰ পৰা ক্ষতিপূৰণ দাবী কৰিছিল।৭ তেওঁ এইচআইভি/এইডছৰ নিৰাময় পোৱা বুলিও দাবী কৰিছিল।৮ ৯

উত্তৰাধিকাৰী

বৰুৱাই দাবী কৰে যে এইচআইভি/এইডছত ভুগি থকা ৮৬জন ৰোগী তেওঁৰ দ্বাৰা আৰোগ্য হৈছে যাৰ বাবে কোনো পৰম্পৰাগত ঔষধ উপলব্ধ নহয়।১০ তেওঁ "এইডছ ৰিচিভ দ্য ৰিচিভেবল উইথ বৰুৱা কমবেট জিনছ" শীৰ্ষক এখন কিতাপ লিখি উলিয়াইছে।১১

তথ্যসূত্ৰ

  1. ↑ (2022-01-13). Dr Barua, India's Own Pig Heart Doctor. The Federal.com
  2. ↑ (2022-01-15). Pig Heart Transplanted in Human. The Hindu
  3. ↑ (2022-01-15). Man Gets Genetically Modified Pig Heart. BBC
  4. ↑ (2022-01-12). 25 Years Before US Heart Transplant Assam Doctor Had Tragic Outcome. Deccan Herald
  5. ↑ Dr Dhani Ram Baruah Heart Institute
  6. ↑ (2021-10-23). The Infamous Cardiac Surgeon Dr Dhaniram Baruah. The Sentinel
  7. ↑ (1999-01-02). Indian Xeonotransplant Surgeon Seeks Damages from Government. The Lancet Journal
  8. ↑ (2016-02-29). Assam Cardiac Surgeon Claims Cure for HIV-AIDS. Business Standard
  9. ↑ (2015-07-15). Assam Doctor Claims Cure for HIV-AIDS. The Indian Expressl
  10. ↑ (2022-01-17). Doctor in India Claims He Cured 86 Patients with HIV-AIDS. MedIndia
  11. ↑ (2018-07-20). Full Story of Dhaniram Baruah

সম্পৰ্কিত শ্ৰেণী

অসমৰ চিকিৎসকঅসমৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ধনীৰাম বৰুৱা (চিকিৎসক)” প্ৰবন্ধৰ সংশোধন ৪৪৬০১৫ (১৮ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।