অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বাৰাক অ'বামা

বাৰাক হুছেইন অ'বামা (Barack Hussein Obama; জন্ম: ৪ আগষ্ট, ১৯৬১) আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৪৪ তম ৰাষ্ট্ৰপতি। ২০০৯ চনৰ ২০ জানুৱাৰীত তেখেতে কাৰ্যভাৰ গ্ৰহণ কৰে আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱা প্ৰথমজন আফ্ৰিকীয় মূলৰ লোক হিচাপে পৰিগণিত হয়।

হালনাগাদ: ১৩ নৱেম্বৰ ২০২৪ ৪৮৬ শব্দ · ৩ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

বাৰাক হুছেইন অ'বামা (Barack Hussein Obama; জন্ম: ৪ আগষ্ট, ১৯৬১) আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৪৪ তম ৰাষ্ট্ৰপতি। ২০০৯ চনৰ ২০ জানুৱাৰীত তেখেতে কাৰ্যভাৰ গ্ৰহণ কৰে আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱা প্ৰথমজন আফ্ৰিকীয় মূলৰ লোক হিচাপে পৰিগণিত হয়।১

বাল্যকাল আৰু শিক্ষা

বাৰাক অ'বামাৰ জন্ম হয় ১৯৬১ চনৰ ৮ আগষ্টত, আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাৱাইত। তেখেতৰ পিতৃ বাৰাক অ'বামা (জ্যেষ্ঠ) কেনিয়াৰ পৰা অহা এজন কৃষ্ণাংগ আমেৰিকান, আনহাতে মাতৃ এন ডানহাম কেনচাচৰ এগৰাকী শ্বেতাংগ আমেৰিকান। জ্যেষ্ঠ বাৰাক অ'বামাৰ জন্ম হৈছিল, কেনিয়াৰ নিয়ানজা প্ৰদেশত। চৰকাৰী জলপানীৰে তেওঁ হাৱাইত পঢ়িবলৈ আহে আৰু তাতে সহপাঠী এন ডাৰহামক লগ পায়। ১৯৬২ চনৰ ২ ফেব্ৰুৱাৰীত দুয়ো বিবাহপাশত আৱদ্ধ হয়। তাৰ কিছুদিনৰ পাছতে বাৰাক অ'বামাৰ জন্ম হয়।২অ'বামাৰ জন্মৰ ২ বছৰৰ পাছতে পিতৃ মাতৃৰ বিবাহ বিচ্ছেদ হয় আৰু ১৯৬৫ চনত এন ডানহামে ইণ্ডোনেচিয়াৰ ছাত্ৰ ল'ল' ছ'ৱেট'ৰ'ৰ সৈতে বিবাহ কৰে, আৰু এবছৰৰ পাছত গোটেই পৰিয়াল জাকাৰ্টালৈ যায়গৈ। তাতে অ'বামাৰ সতীয়া ভগ্নী মায়া ছ'ৱেট'ৰ'ৰ জন্ম হয়।২ বাৰাক অ'বামাই সতীয়া পিতৃ আৰু ভগ্নী লগত ইণ্ডোনেচিয়াত থাকিবলৈ লয়।১

অ'বামাৰ শিক্ষাৰ প্ৰয়োজনীয়তাত তেখতৰ মাতৃয়ে তেওক পুনৰ হাৱাইলৈ পঠিয়াই দিয়ে আৰু তেওঁ হাৱাইৰ বিখ্যাত 'পুনাহু' স্কুলত শিক্ষা লাভ কৰে। স্কুলীয়া জীৱনত তেও মধ্যমীয়া ছাত্ৰ আছিল।১ এন ডাৰহাম আৰু মায়াও কিছুদিনৰ পাছত হাৱাইত থকা অ'বামাৰ ওচৰলৈ গুচি আহে।২ তাৰ পাছত তেও লছ এঞ্জেলছৰ অক্সিডেণ্টেল কলেজত মান ভৰ্তি কৰে আৰু তাৰ পাছত কলম্বিয়া বিশ্ববিদ্যালয়লৈ যায়। তাত তেখেতে ৰাজনীতি আৰু বৈদিশিক পৰিক্ৰমাৰ বিষয়ে অধ্যয়ন কৰে। তাৰ পাছত তেওঁ চিকগোৰ দুখীয়া আৰু কৃষ্ণাংগ লোক অধ্যূসিত অঞ্চলবিলাকত 'কমিউনিটি অৰ্গেনাইজাৰ' হিচাপে কৰ্মৰত হয়।১

১৯৯০ চনত অ'বামা "হাৰ্ভাৰ্ড ল' ৰিভিউ" সম্পাদনা কৰা প্ৰথম আফ্ৰিকামূলীয় আমেৰিকান ৰূপে পৰিগণিত হয়। ১৯৯১ চনত তেও হাৰ্ভাডৰ পৰা সুখ্যাতিৰে স্নাতক ডিগ্ৰী লাভ কৰে।২

ৰাজনৈতিক জীৱন

১৯৯৬ চনত অ'বামা ইলিনয়ৰ পৰা ষ্টেট চিনেটৰ হিচাপে নিৰ্বাচিত হয় আৰু ৮ বছৰ কাৰ্যনিৰ্বাহ কৰে। ২০০৪ চনৰ ডেম'ক্ৰেটিক নেচনেল কনভেনচনত 'জন কেৰী' সমৰ্থনত এটি অতি প্ৰয়োজনীয় ভাষণেৰে অ'বামাই ৰাষ্ট্ৰীয় পৰ্যায়ত পৰিচিতি লাভ কৰে।৩

২০০৮ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচন আৰু প্ৰথম কাৰ্যকাল

অ'বামাৰ প্ৰথম কাৰ্যকালৰ চৰকাৰী চিত্ৰ (২০০৯)
অ'বামাৰ প্ৰথম কাৰ্যকালৰ চৰকাৰী চিত্ৰ (২০০৯)ছবি: Pete Souza · CC BY 3.0

২০০৭ চনত ফেব্ৰুৱাৰী মাহত আমেৰিকাৰ ডেম'ক্ৰেটিক দলে তেওঁক ৰাষ্ট্ৰপদৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰে। এই মনোনয়নৰ বাবে হোৱা ডেম'ক্ৰেটিক দলৰ অভ্যন্তৰীণ নিৰ্বাচনত তেওঁ প্ৰাক্তন ৰাষ্ট্ৰপতি বিল ক্লিণ্টনৰ পত্নী হিলাৰী ৰ'ধাম ক্লিণ্টনক পৰাজিত কৰিছিল।১ পিছত হোৱা সাধাৰণ নিৰ্বাচনত তেখেতে ৰিপব্লিকান দলৰ প্ৰাৰ্থী জন মেক-কেইনক অনায়াসে পৰাস্ত কৰে।৪

, ২০ জানুৱাৰী, ২০০৯]]

চিনেটৰ হিলাৰী ক্লিণ্টনে নিৰ্বাচনী প্ৰচাৰৰ সময়ৰ অ'বামালৈ সম্পূৰ্ণ সমৰ্থন আগবঢ়ায়২। সেই সময় আমেৰিকাৰ অৰ্থনীতি আৰু কুটনীতিৰ এক জটিল সময় আছিল। অ'বামাৰ নিৰ্বাচনী প্ৰচাৰৰ মূল এজেণ্ডা আছিল, অৰ্থনৈতিক সংষ্কাৰ, বিকল্প শক্তি, আৰু শিক্ষা আৰু স্বাস্থ্যখণ্ডৰ আমূল পৰিবৰ্তন, লগতে ৰাষ্ট্ৰীৰ ঋণ হ্ৰাস কৰা। এই নিৰ্বাচনত অ'বামাই ৫২.৯% শতাংশ ভোট লাভ কৰাৰ বিপৰীতে ৰিপাব্লিকান প্ৰাৰ্থী জন মেক-কেইনে ৪৫.৭% ভোট পায়। অ'বামাৰ সহকৰ্মী ডেলাৱেৰৰ চিনেটৰ জ' বাইডেনক উপ-ৰাষ্ট্ৰপতি মনোনীত কৰা হয়।২

২০০৯ চনৰ ২০ জানুৱাৰীত অবামাই আমেৰিকা ৮৮তম তথা প্ৰথম আফ্ৰিকীয় মূলৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে।২

প্ৰথমবাৰ ৰাষ্ট্ৰপতি হোৱাৰ সময়তে অ'বামাই কঠিন পৰীক্ষাৰ সন্মুখীন হয়। ইতিমধ্যে বিশ্বৰ আৰ্থিক মন্দাৱস্থা আৰম্ভ হৈ গৈছিল, দুখনকৈ যুদ্ধ চলি আছিল, আৰু আন্তঃৰাষ্ট্ৰীয় জনপ্ৰিয়তা মাপকত আমেৰিকাৰ স্থান ইতিহাসত সকলোতকৈ তললৈ নামিছিল। এই সম্পৰ্কে অ'বামাই আমেৰিকা জনসাধাৰণকে এইদৰে কৈছিল "Today I say to you that the challenges we face are real. They are serious and they are many. They will not be met easily or in a short span of time. But know this, America: They will be met."২

নিজৰ কাৰ্যকালৰ ১০০ দিনৰ ভিতৰতে অ'বামাই বিভিন্ন ক্ষেত্ৰত কেইবাটাও দৃঢ় পদক্ষেপ লৈছিল। শিশুৰ স্বাস্থ্য বীমাৰ পৰিসৰ বৃদ্ধি কৰা, মহিলাৰ সম-মজুৰীৰ দাবীৰ প্ৰতি সহায় আগবঢ়োৱা, অৰ্থনৈতিক প্ৰগতি হস্ৰম্যাদী পৰিকল্পনাৰ প্ৰতি সহযোগ কৰা, ইত্যাদি বিল কংগ্ৰেছত গ্ৰহণ কৰা হৈছিল। গৃহনিৰ্মাণ আৰু ক্ৰেডিট ক্ষেত্ৰই পুনৰোত্থানৰ বাবে চৰকাৰী সহায় আগবঢ়োৱা হৈছিল। বিভিন্ন কৰো কৰ্তন কৰা হৈছিল।২

এইকেইদিনতে অ'বামাই আমেৰিকাৰ পৰৰাষ্ট্ৰনীতিৰো আমূল পৰিবৰ্তন ঘটোৱাৰ প্ৰয়াস কৰিছিল। তেও, ইউৰোপ, ৰাছিয়া, আৰু চীনৰ সৈতে সম্পৰ্ক উন্নীতকৰণৰ লগতে, ইৰাণ, ভেনিজুৱেলা, আৰু কিউবাৰ সৈতে আলোচনা কৰিবলৈ আগবাঢ়িছিল। মিত্ৰদেশসমূহৰ লগত একেলগ হৈ বিশ্বৰ অৰ্থনৈতিক মন্দাৱস্থাৰ বিৰূদ্ধে সামূহিক ভাবে আগবাঢ়িছিল। আফগানিস্তানলৈ অতিৰিক্ত ২১০০০ সামৰিক গোট পথোৱাৰ লগতে, আগষ্ট ২০১০ৰ ভিতৰত ইৰাকৰ পৰা আমেৰিকীয় সেনা সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছিল।২

পুনৰনিৰ্বাচন আৰু দ্বিত্বীয় কাৰ্যকাল

২০০৮ চনৰ দৰে, এইবাৰো অ'বামাৰ নিৰ্বাচন প্ৰচাৰৰ মূলমন্ত্ৰ তৃণমূলীয় বিষয়বস্তুয়েই হয়। ২০১২ চনৰ এই নিৰ্বাচনত অ'বামা ৰিপাব্লিকান দলৰ মিট ৰমনে'ৰ মুখামুখি হয়। ২০১২ চনৰ ৬ নৱেম্বৰৰ সন্ধিয়া অ'বামাক বিজয়ী ঘোষণা কৰা হয়। যদিও প্ৰাক নিৰ্বাচন সমীক্ষাবিলাকত তেও কঠিন প্ৰত্যহ্বানৰ সন্মুখীন হব বুলি ধাৰণা কৰা হৈছিল। অ'বামাই প্ৰায় ৬০% ভোট লাভ কৰে।২ ২০১৩ চনৰ ২১ জানুৱাৰীত অ'বামাই আধিকাৰীক ভাৱে দ্বিতীয় বাৰৰ বাবে, আমেৰিকা যক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ আসন গ্ৰহণ কৰে।৩

ব্যক্তিগত জীৱন

হোৱাইট হাউছৰ অতিথিশালাত পৰিয়ালৰ সৈতে অ'বামা, ২০০৯ চনত
হোৱাইট হাউছৰ অতিথিশালাত পৰিয়ালৰ সৈতে অ'বামা, ২০০৯ চনতছবি: Annie Leibovitz / Released by White House Photo Office · Public domain

বৰাক অ'বামা ১৯৯২ চনত মিচ্ছেল অ'বামা (আগতে ৰবিনচন)-ৰ লগত বিবাহ পাশত আৱদ্ধ হয়। তেওঁলোক মালিয়া (জন্ম ১৯৯৮) আৰু ছাছা (জন্ম ২০০১) নামেৰে দুগৰাকী দুহিতা আছে।৩

ন'বেল বঁটা

"আন্তঃৰাষ্ট্ৰীয় কূটনীতি আৰু সহযোগিতা সৱলীকৰণৰ ক্ষেত্ৰৰ অসামান্য অৱদান"ৰ বাবে বাৰাক অ'বামাক ২০০৯ চনৰ শান্তিৰ ন'বেল বঁটা প্ৰদান কৰা হয়।৩৫ নৰৱেৰ ন'বেল সমিতিয়ে ২০০৯ চনৰ ৯ অক্টোবৰ এই বঁটাৰ কথা ঘোষণা কৰাৰ সময়ত পৰামাণৱিক অবিস্তাৰ (nuclear nonproliferation)-ৰ ক্ষেত্ৰত বাৰাক অ'বামাৰ যোগদানৰ কথা উল্লেখ কৰে,৬ আৰু লগতে তেখেতে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ ক্ষেত্ৰত নতুন ভাৱধাৰাৰ সূচনা কৰা বুলিও কয়।৭৮

ন'বেল সমিটিৰ এই সিদ্ধান্তত যুক্তৰাষ্ট্ৰৰ বুদ্ধিজীৱী আৰু লেখক সকলৰ লগতে সমগ্ৰ বিশ্বৰ চিন্তাবিদসকলে মিশ্ৰ প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰে।

২০০৯ চনৰ ১০ ডিচেম্বৰত, অচল'ত এটা ৩৬ মিনিটিয়া ভাষণেৰে অ'বামাই এই বটাঁ গ্ৰহণ কৰে।৯ ন'বেল বঁটা লাভ কৰা অ'বামা আমেৰিকা যুক্তৰাষ্ট্ৰৰ চতুৰ্থ জন ৰাষ্ট্ৰপতি, ইয়াৰ আগতে 'থিঅ'দ'ৰ ৰুজভেল্ট' (Theodore Roosevelt), 'উড্ৰ ৱিলচন' (Woodrow Wilson) আৰু 'জিমি কাৰ্টাৰে' (Jimmy Carter)-এ এই বঁটা লাভ কৰিছিল।

সাহিত্যকৃতি

বাৰাক অ'বামাই ১৯৯৫ চনত আত্মজীৱনীমূলক গ্ৰন্থ "Deams from My Father" (মোৰ দেউতাৰ সপোন) প্ৰকাশ কৰে। তেখেতৰ দ্বিতীয় গ্ৰন্থ হ'ল "The Audacity of Hope" (আশাৰ সাহস), যিখন ২০০৬ চনত মুকলি কৰা হয়। দুয়োখন কিতাপেই গ্ৰেমী (Grammy Award)-ৰ "বেষ্ট স্পকে'ন ৱৰ্ড এলবাম"ৰ খিতাপ লাভ কৰে।৩

অধিক পঢ়ক

বাহ্যিক সংযোগ

আধিকাৰিক

  • (Personal)
  • of President Barack Obama (White House)

অনান্য

তথ্যসূত্ৰ

  1. ↑ American President A Reference Resource |archive url= millercenter.org/president/obama/essays/biograph
  2. ↑ www.biography.com/people/barack-obama-12782369#s
  3. ↑ www.infoplease.com/biography/var/barackobama.htm
  4. ↑ www.newsmax.com/InsideCover/obama-wins-presidenc
  5. ↑ The Nobel Peace Prize 2009. Nobel Foundation
  6. ↑ (October 9, 2009). Obama wins 2009 Nobel Peace Prize. BBC News Online
  7. ↑ Erlanger, Steven. (October 9, 2009). Barack Obama Wins Nobel Peace Prize. The New York Times
  8. ↑ (October 10, 2009). Obama Wins Nobel for Peace. The Saturday Evening Post
  9. ↑ Zeleny, Jeff. (December 10, 2009). Accepting Peace Prize, Obama Evokes 'Just War'. New York Times

সম্পৰ্কিত শ্ৰেণী

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তিৰাজনীতিবিদসাহিত্যিকশান্তিৰ ন'বেল বঁটা বিজয়ীআমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাৰাক অ'বামা” প্ৰবন্ধৰ সংশোধন ৪৪৪২৯৬ (১৩ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।