অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বাঘ হাজৰিকা

বাঘ হাজৰিকা বা ইছমাইল ছিদ্দিক (Bagh Hazarika) অসমীয়া কবি আৰু সাহিত্যিক মফিজুদ্দিন আহমেদ হাজৰিকাৰ নৱমজন পূৰ্বপুৰুষ আছিল। তেখেতে শৰাইঘাটৰ ৰণত মোগলৰ বিৰুদ্ধে যুঁজিছিল বুলি মফিজুদ্দিন আহমেদ হাজৰিকা আৰু কিছু বুৰঞ্জীবিদে দাবী কৰে যদিওবা আহোম বুৰঞ্জীত উল্লেখ থকা ২০ জন হাজৰিকাৰ ভিতৰত এজনো হাজৰিকাৰ নাম বাঘ…

হালনাগাদ: ২৯ আগষ্ট ২০২৫ ১১১ শব্দ · ১ মিনিট সংগৃহীত ৯২
সংশোধনৰ পৰামৰ্শ

বাঘ হাজৰিকা বা ইছমাইল ছিদ্দিক (Bagh Hazarika) অসমীয়া কবি আৰু সাহিত্যিক মফিজুদ্দিন আহমদ হাজৰিকাৰ নৱমজন পূৰ্বপুৰুষ আছিল।১ তেখেতে শৰাইঘাটৰ ৰণত মোগলৰ বিৰুদ্ধে যুঁজিছিল বুলি মফিজুদ্দিন আহমদ হাজৰিকা আৰু কিছু বুৰঞ্জীবিদে দাবী কৰে যদিওবা আহোম বুৰঞ্জীত উল্লেখ থকা ২০ জন হাজৰিকাৰ ভিতৰত এজনো হাজৰিকাৰ নাম বাঘ হাজৰিকা বা ইছমাইল ছিদ্দিক নহয়।২ তেওঁৰ জন্ম অসমৰ গড়গাঁৱৰ ওচৰৰ ঢেকেৰীগাঁওত হৈছিল বুলি কোৱা হয়।

চাওফা চুচেংফাৰ ৰাজত্বকালত একাধিক বাৰ মোগলে অসম আক্ৰমণ কৰিছিল। ১৬৪২ চনত তৃতীয় বাৰৰ কাৰণে হোৱা মোগলৰ আক্ৰমণত আহোম সৈন্যৰ হাতত পৰাজিত হৈ কিছু মোগল সৈনিক অসমত বন্দী হৈ ৰৈ গৈছিল। তেওঁলোকে জনা কামৰ ওপৰত ভিত্তি কৰি, সেইসময়ত তেওঁলোকক অসমত বসবাস কৰিবলৈ ব্যৱস্থা কৰি দিয়া হৈছিল।১ তেওঁলোকে মোগলৰ বিৰুদ্ধে যুঁজিছিল, আৰু ইয়াতে সন্তুষ্ট হৈ আহোম স্বৰ্গদেউসকলে বৰা, হাজৰিকা, ইত্যাদি উপাধি প্ৰদান কৰিছিল। কালক্ৰমত তেওঁলোকক ন-অসমীয়া মুছলমান বুলি কোৱা হৈছিল।১ ইছমাইল ছিদ্দিক ওৰফে বাঘ হাজৰিকা এই সকল ন-অসমীয়াৰে বংশধৰ আছিল।১

উল্লেখ

আহোম বুৰঞ্জী

আহোম বুৰঞ্জীত বাঘ হাজৰিকা বা ইছমাইল ছিদ্দিক বুলি কোনো হাজৰিকাৰ কথা উল্লেখ নাই।২ শৰাইঘাটৰ ৰণৰ ২০ জন হাজৰিকাৰ ভিতৰত এজনো হাজৰিকাৰ নাম বাঘ হাজৰিকা বা ইছমাইল ছিদ্দিক বুলি উল্লেখ নাই।২ আহোম বুৰঞ্জীত বাঘচুৱাল বৰপাত্ৰ গোহাঁই বুলি এজন আহোম মূলীয় ব্যক্তি আছিল যি কুৰুৱা অঞ্চলৰ পালি সেনাপতি আছিল যদিও তেখত বাঘ হাজৰিকা বা ইছমাইল ছিদ্দিক নহয়।২

মফিজুদ্দিন আহমেদ হাজৰিকা

মফিজুদ্দিন আহমদ হাজৰিকাৰ পৰিয়ালৰ বংশাৱলিত তেওঁৰ নাম উল্লেখ আছে।

আধুনিক গ্ৰন্থ

ড° সূৰ্যকুমাৰ ভূঞা

মফিজুদ্দিন আহমদ হাজৰিকাৰ দাবী অনুসৰি তেওঁৰ বিষয়ে প্ৰথম ড° সূৰ্য্যকুমাৰ ভূঞাই তেওঁৰ গ্ৰন্থ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহত ঊল্লেখ কৰিছিল যদিও তেওঁ কোনো উৎস বুৰঞ্জীৰ তথ্য দিয়া নাছিল।২

বিতৰ্ক

কিছুসংখ্যক লোকৰ মতে বাঘ হাজৰিকা এক কাল্পনিক চৰিত্ৰ হে আছিল, যদিওবা সেয়া বিতৰ্কৰ বিষয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বাঘ হাজৰিকা কাল্পনিক চৰিত্ৰ বুলি মন্তব্য কৰিছিল৩৪৫ যদিও যথেষ্ট বুৰঞ্জীবিদে ইয়াৰ বিৰোধিতা কৰিছিল।

তথ্যসূত্ৰ

  1. ↑ দত্ত, গোলক চন্দ্ৰ. (২০২০). বাঘ হাজৰিকা,বাঘধৰা পুখুৰী,কলঞ্চু পাৰ. as.vikashpedia.in
  2. ↑ বৰুৱা, মাধুৰ্যমণ্ডিত. (ডিচেম্বৰ, ২০২২). অসম বুৰঞ্জী – প্ৰথম খণ্ড, ছহেজাৰ বছৰৰ সম্পূৰ্ণ ইতিহাস. ৰেখা প্ৰকাশন. পৃ. ৩০. ISBN 978-93-92029-05-9
  3. ↑ শৰাইঘাটৰ ৰণত আছিল নৰ হাজৰিকা, বাঘ হাজৰিকা এক কাল্পনিক চৰিত্ৰহে: মুখ্যমন্ত্ৰী. অসমীয়া প্ৰতিদিন
  4. ↑ বাঘ হাজৰিকা কাল্পনিক চৰিত্ৰ, নৰ হাজৰিকা আছিল লাচিত বৰফুকনৰ সংগী; মুখ্যমন্ত্ৰীৰ নতুন ব্যাখ্যা. প্ৰাগ নিউজ
  5. ↑ Barman, Gautam. Bagh Hazarika Controversy: হিন্দু জাগৰণ মঞ্চৰ নেতাৰ মতে বাঘ হাজৰিকা কাল্পনিক চৰিত্ৰ, লুৰিণজ্যোতি গগৈৰ সাৱধানবাণী. News18 Assam Northeast

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাঘ হাজৰিকা” প্ৰবন্ধৰ সংশোধন ৫৩৫৬৫৯ (২৯ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।