১৯৬৭ বৰ্ষৰ চলচ্চিত্ৰ
৪ প্ৰবন্ধ
-
আৰোগ্য নিকেতন
আৰোগ্য নিকেতন (Arogya Niketan) বিজয় বসু পৰিচালিত ১৯৬৭ চনৰ বঙালী ভাষাৰ এখনৰ ভাৰতীয় নাট্যধৰ্মী ছবি। এইখন তাৰাশংকৰ বন্দোপাধ্যায় ৰচিত একেই নামৰ উপন্যাসৰ আধাৰত নিৰ্মাণ কৰা হৈছে। ছবিখন আৰোৰা ফিল্ম কৰ্পোৰেচনে প্ৰযোজন কৰিছে।
-
নূৰ জাহান (চলচ্চিত্ৰ)
নূৰ জাহান ১৯৬৭ চনৰ শ্বেখ মুখতাৰৰ প্ৰযোজনা আৰু মহম্মদ ছাদিকৰ পৰিচালনাত নিৰ্মিত এখন বলীউড ছবি। ইয়াত মীনা কুমাৰী, প্ৰদীপ কুমাৰ, হেলেন আৰু ললিতা পাৱাৰে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। ছবিখনত মোগল সম্ৰাট জাহাংগীৰৰ বিংশতম আৰু শেষ পত্নী নূৰজাহানৰ জীৱনৰ কাল্পনিক চিত্ৰণ।
-
বহু বেগম
বহু বেগম ( Bahu Begum ) ১৯৬৭ চনৰ এম ছাদিকৰ পৰিচালনাত নিৰ্মিত এখন হিন্দী ছবি আৰু ইয়াত প্ৰদীপ কুমাৰ , মীনা কুমাৰী আৰু অশোক কুমাৰে অভিনয় কৰিছে। ছবিখনৰ সংগীত ৰোশনৰ আৰু গীতৰ কথা ছাহিৰ লুধিয়ানৱীৰ।
-
হৰে কাঁচ কি চুড়ীয়াঁ
হৰে কাঁচ কি চুড়ীয়াঁ (Hare Kanch Ki Chooriyan) ১৯৬৭ চনৰ এখন হিন্দী, সামাজিক, পাৰিবাৰিক নাট্যধৰ্মী ছবি। পৰিচালনা আৰু প্ৰযোজনা কৰিছে কিশোৰ সাহুৱে। কিশোৰ সাহু কাহিনী, চিত্ৰনাট্য আৰু সংলাপ ৰচনাও কিশোৰ সাহুৰ। কিশোৰ সাহু শংকৰ জয়কিষাণে সংগীত ৰচনা কৰাৰ বিপৰীতে গীতৰ কথা লিখিছিল হছৰৎ জয়পুৰী আৰু শৈলেন্দ্ৰই।