অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

বহুৱা নাচ

বহুৱা নাচ অসমৰ সোণোৱাল কছাৰীসকলৰ এক ধৰ্মীয় অনুষ্ঠান। সোণোৱাল কছাৰীসকলৰ কলা-কৃষ্টিৰ এক প্ৰকাশ হ’ল এই বহুৱা নাচ। অসমৰ বহু ঠাইত সোণোৱাল জনগোষ্ঠীয় লোকৰ মাজত এই বহুৱা নৃত্য বা বহুৱা নাচৰ প্ৰচলন আছে।

হালনাগাদ: ৪ মে’ ২০২৫ ৫৮৮ শব্দ · ৩ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

বহুৱা নাচ অসমৰ সোণোৱাল কছাৰীসকলৰ এক ধৰ্মীয় অনুষ্ঠান। সোণোৱাল কছাৰীসকলৰ কলা-কৃষ্টিৰ এক প্ৰকাশ হ’ল এই বহুৱা নাচ। অসমৰ বহু ঠাইত সোণোৱাল জনগোষ্ঠীয় লোকৰ মাজত এই বহুৱা নৃত্য বা বহুৱা নাচৰ প্ৰচলন আছে। বিশেষকৈ ডিব্ৰুগড় জিলাৰ বৰবৰুৱাৰ জামিৰা অঞ্চলৰ ধমল গাঁৱত বসবাস কৰা সোণোৱাল কছাৰীসকলৰ মাজত অতীজৰে পৰা বহুৱা নাচ প্ৰচলন হৈ আহিছে। আনহাতে লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ মৰিছা পথাৰতো এই বহুৱা নাচৰ জনপ্ৰিয়তা দেখিবলৈ পোৱা যায়। ডিব্ৰুগড়ৰ জামিৰা ধমল গাঁৱত প্ৰতি দুবছৰৰ অন্তত তেওঁলোকে এই নাচৰ আয়োজন কৰে। এই নাচৰ আৰম্ভণি কেতিয়া হৈছিল সেই কথা তেওঁলোকে ক'ব নোৱাৰে কিন্তু তেওঁলোকৰ আজোককাকৰ দিনৰ পৰাই প্ৰচলিত আছিল বুলি বিশ্বাস কৰে।

জড়িত পৌৰাণিক আখ্যান

পৌৰাণিক উপাখ্যান মতে দক্ষৰাজৰ জী পাৰ্বতীয়ে দেউতাকৰ আদেশ অমান্য কৰি শিৱক বিবাহ কৰাৰ বাবে দক্ষৰাজ খঙত অগ্নিশৰ্মা হৈ পৰে। ইয়াৰ পোতক তুলিবৰ বাবে দক্ষ মহাৰাজে এক মহাযজ্ঞৰ আয়োজন কৰে যত তেওঁ সদাশিৱ আৰু জীয়েক সতীৰ বাহিৰে জগতৰ সকলো দেৱতা আৰু অসুৰ গণক নিমন্ত্ৰণ জনায়। কিন্তু দেউতাকে ভুলতে তেওঁলোকক যজ্ঞলৈ নিমন্ত্ৰণ জনাবলৈ পাহৰিলে বুলি ভাবি সতীয়ে সেই যজ্ঞলৈ যায়। যজ্ঞত সতীক দেখা পাই দক্ষ মহাৰাজে খঙত অগ্নিশৰ্মা হৈ তেওঁক সকলোৰে আগত ককৰ্থনা কৰে। দেউতাকৰ কৰ্কথনা শুনি সতী লাজে অপমানে ভাগি পৰে আৰু জুইত জাপ দি নিজৰ প্ৰাণ বিসৰ্জন দিয়ে। এই কথা শুনি ভগৱান সদাশিৱ অগ্নিশৰ্মা হৈ পৰে আৰু নিজৰ জঁটাৰ চুলি ছিঙি বীৰভদ্ৰ আৰু ৰুদ্ৰকালি নামৰ দুই অসুৰৰ সৃষ্টি কৰি দক্ষক বধ কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁৰ কথামতে বীৰভদ্ৰই যজ্ঞস্থলীলৈ গৈ ৰজা দক্ষৰ শিৰশ্ছেদ কৰে আৰু দক্ষৰ শিৰটো যজ্ঞৰ অগ্নিকুণ্ডত নিক্ষেপ কৰে। আনহাতে যজ্ঞ আধৰুৱা হৈ ৰোৱাত তাত উপস্থিত থকা দেৱতা সকল চিন্তিত হৈ পৰে আৰু দক্ষক পুনৰ জীৱন্ত কৰি যজ্ঞ সম্পূৰ্ণ কৰিবৰ বাবে উপায় বিচাৰি ব্ৰহ্মাৰ কাষ চাপে। ব্ৰহ্মাই তেওঁলোকৰ কথা শুনি সদাশিৱক যক্ষক পুনৰ জীৱনদান দিবৰ বাবে অনুৰোধ কৰে। ব্ৰহ্মাৰ অনুৰোধত সদাশিৱই দক্ষক পুনৰ জীৱনদান দিয়ে যদিও তেখেতৰ দেহত মানৱ শিৰৰ সলনি এটা ছাগলীৰ শিৰ উপস্থাপন কৰি দিয়ে আৰু এই কাহিনীটোকেই বহুৱা নৃত্যত প্ৰদৰ্শন কৰা হয়।

প্ৰধানকৈ উপাস্য দেৱতা শিৱক সন্তুষ্ট কৰিবৰ কাৰণেই সোণোৱাল কছাৰীসকলে এই নাচ পৰিৱেশন কৰে। তেওঁলোকৰ বিশ্বাসমতে প্ৰভু সন্তুষ্ট হ’লেই সমাজৰপৰা অপায়-অমংগল দূৰ হ’ব, বেমাৰ-আজাৰ আঁতৰিব আৰু সমাজত শান্তি স্থাপিত হ’ব।

বহুৱা নাচৰ দেৱাল অংকন
বহুৱা নাচৰ দেৱাল অংকনছবি: Homen Biswas · CC BY-SA 3.0

বি: দ্ৰ: "বহুৱা নাচ" পৰম্পৰাটো সোণোৱাল সকলৰ এক জাতীয় পৰম্পৰা বা উৎসৱ বুলি ক'ব নোৱাৰি। এই পৰম্পৰা সকলো সোণোৱালৰে জাতি-কেন্দ্ৰিক নহয়, পৰিয়াল কেন্দ্ৰিকহে। সোণোৱালসকলৰ এই পৰম্পৰা সকলো বংশ আৰু পৰিয়ালে পালন নকৰে। সেই ফালৰ পৰা ইয়াক জাতীয় উৎসৱ বোলা নেযায়। বহুতে ইয়াক নৃত্য আখ্যা দিব বিচাৰিলেও ই নৃত্য নহয়। ইয়াক নাচৰ শাৰীতহে থোৱা যায়।

বেশ-ভূষা আৰু প্ৰদৰ্শন ৰীতি

এই নাচ প্ৰদৰ্শন কৰোঁতে শিল্পীসকলে মুখা আৰু দেহটো চিৰিলি-চিৰিলিকৈ ফালি লোৱা কলপাতেৰে মেৰিয়াই লয়। এই নাচৰ প্ৰস্তুতিপৰ্বত শিল্পীসকলৰ সাজ-সজ্জা কৰা হয় এখন হাবিত। তাত কেৱল বয়সস্থ লোকৰ প্ৰৱেশৰহে অনুমতি থাকে। বহুৱা নৃত্যত অভিনয় কৰা শিল্পীসকলৰ পৰিচয়ো অতি গোপনে ৰখা হয়। একোজন বহুৱাক সাজ-সজ্জাৰে তৈয়াৰ কৰিবলৈ প্ৰায় ৩-৪ ঘণ্টা সময় লাগে। হাবিৰপৰা ওলোৱা বহুৱাই মঞ্চত প্ৰৱেশ কৰাৰ আগতে এখন ৰঙা কাপোৰ আঁৰি দিয়া হয়। এই ৰঙা কাপোৰখনক সোণোৱাল কছাৰীসকলে ধ্বংস আৰু সৃষ্টিৰ ঐশ্বৰিক লীলাৰ প্ৰতীক বুলি জ্ঞান কৰে।

বহুৱা নৃত্যত বাদ্যযন্ত্ৰ হিচাপে মেদঙ (সোণোৱাল সকলে মৃদংগ নুবুলি 'মেদঙ' বুলিহে কয়) আৰু তাল ব্যৱহাৰ কৰা হয়। মেদঙৰ তালে তালে গায়ন-বায়ন, বহুৱা, ভূত-প্ৰেত সকলোৱে একেলগে নাচে। বহুৱা দলৰ পিছতে এটা বিহুৱা দলেও মঞ্চত বিহু নাচ প্ৰদৰ্শন কৰে। এই নাচ শেষ হোৱাৰ পিছত সকলো ভাৱৰীয়াই গা-পা ধুই গাঁৱৰ এঘৰত একেলগে ভোজ-ভাত খায়।

এই নাচত গোৱা নিৰ্দিষ্ট গীত-মাতক বহুৱা নাচৰ গীত-মাত আখ‍্যা দিয়া হয়। উদাহৰণ-

আগলৈ চাবা

পিছলৈ চাবা

ঐ বহুৱা গুৰুদেৱ

আগলৈ দিবা খোজ।

বহুৱা গীতত বহুৱাৰ সৃষ্টি, সাজ-পাৰ তথা শৰীৰৰ আৱৰণৰ উল্লেখো আছে--

মনুষ‍্যৰ মূৰে শুভে ঘন কলা চুলি

বহুৱাৰ গাত শোভা কৰে কলপাতৰ জুলি

মনুষ‍্যৰ গাৱে শুভে ৰূপালী কাপোৰ

বহুৱাৰ গাৱে শুভে কলপাতবোৰ।

লগতে চাওক

সহায়ক গ্ৰন্থপঞ্জী

  1. সোণোৱাল কছাৰীসকলৰ সমাজ-সংস্কৃতি আৰু ভাষাৰ পৰিচয়, নন্দেশ্বৰ কছাৰী
  2. সোণোৱাল কছাৰীসলৰ গীত-মাত আৰু প্ৰধান নাচসমূহ, ৰবীন শইকীয়া সোণোৱাল, হাইদাং, মুখ‍্য সম্পাদক: ধৰ্মানন্দ সোণোৱাল, সম্পাদক: উচ্চকমল বড়া, (পৃষ্ঠা ৪০)

সম্পৰ্কিত শ্ৰেণী

অসমৰ নৃত্যসমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বহুৱা নাচ” প্ৰবন্ধৰ সংশোধন ৫০৫৯০৪ (৪ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।