অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ফাল্গুনী নায়াৰ

ফাল্গুনী নায়াৰ (Falguni Nayar; জন্ম:১৯ ফেব্ৰুৱাৰী,১৯৬৩) এগৰাকী ভাৰতীয় কোটিপতি ব্যৱসায়ী। তেওঁ নাইকা নামৰ সৌন্দৰ্য আৰু জীৱনশৈলী নিৰ্মাতা খুচুৰা বিক্ৰেতা কোম্পানীটোৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া। নায়াৰ আছিল নিজক নিজে প্ৰতিষ্ঠা কৰা দুগৰাকী ভাৰতীয় মহিলা ধনকুবেৰৰ এগৰাকী।

হালনাগাদ: ৭ ছেপ্তেম্বৰ ২০২৫ ২৮৬ শব্দ · ২ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

ফাল্গুনী নায়াৰ (Falguni Nayar; জন্ম:১৯ ফেব্ৰুৱাৰী,১৯৬৩) এগৰাকী ভাৰতীয় কোটিপতি ব্যৱসায়ী।১২ তেওঁ নাইকা নামৰ সৌন্দৰ্য আৰু জীৱনশৈলী নিৰ্মাতা খুচুৰা বিক্ৰেতা কোম্পানীটোৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া।৩৪ নায়াৰ আছিল নিজক নিজে প্ৰতিষ্ঠা কৰা দুগৰাকী ভাৰতীয় মহিলা ধনকুবেৰৰ এগৰাকী। নাইকা ৰাজহুৱা হোৱাৰ পিছতে, নায়াৰ আটাইতকৈ ধনী মহিলা ভাৰতীয় কোটিপতি হৈ পৰে, যাৰ মুঠ মূল্য ছয় দশমিক পাঁচ বিলিয়ন ডলাৰলৈ বৃদ্ধি হয়, আৰু ভাৰতৰ শীৰ্ষ বিশ জন ধনী ব্যক্তিৰ তালিকাত তেওঁ স্থান লাভ কৰে।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

মুম্বাই নিবাসী এটা গুজৰাটী পৰিয়ালত ফাল্গুনী নায়াৰে জন্ম গ্ৰহণ কৰিছিল আৰু মহাৰাষ্ট্ৰতে তেওঁ ডাঙৰ-দীঘল হৈছিল।৫৬ তেওঁ চাইডেনহাম কলেজ অৱ কমাৰ্চ এণ্ড ইকনমিক্স, মুম্বাইৰ পৰা স্নাতক আৰু ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট, আহমেদাবাদৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে।৭

কৰ্মজীৱন

১৯৯৩ চনৰ পৰা মুঠ ঊনৈছ বছৰ নায়াৰে কটক মহিন্দ্ৰ বেংকত কাম কৰিছিল। ২০০৯ চনত তেওঁ বেংকৰ পৰিচালন সঞ্চালক পদত অধিষ্ঠিত হয় আৰু ২০১১ চন মানৰ পৰা ফাল্গুনীৰ মনত নিজাকৈ কিবা এটা কৰাৰ সপোনে পোখা মেলে।৮ তেওঁৰ সৌন্দৰ্য খণ্ডত নিজাকৈ এটা মাল্টি বেণ্ড খুচুৰা বিক্ৰীৰ কোম্পানী আৰম্ভ কৰাৰ কথা ভাবে আৰু বেংকৰ চাকৰিৰ পৰা স্বেচ্ছাই অব্যাহতি লয়।৯১০

২০১২ চনত, নাইকা আৰম্ভ কৰাৰ সময়ত ফাল্গুনী নায়াৰৰ বয়স আছিল ৪৯ বছৰ।৮১১ দেউতাকৰ সৰু অফিচ কোঠাৰপৰা মাত্ৰ তিনিজন কৰ্মচাৰীৰে নাইকাৰ প্ৰথম কাম-কাজ আৰম্ভ হৈছিল।৮ সম্পূৰ্ণ ২ নিযুত ডলাৰ নিজা মূলধনেৰে ফাল্গুনীয়ে নাইকা প্ৰতিষ্ঠা কৰিছিল।১২ ২০২১ চনলৈকে নাইকাৰ মূল্য আছিল ২.৩ বিলিয়ন ডলাৰ যাৰ ফলত নায়াৰৰ সম্পত্তি আনুমানিক ১.১ বিলিয়ন ডলাৰ লৈ আহিছিল। নায়াৰ হৈছে দুগৰাকী স্ব-নিৰ্মিত মহিলা ভাৰতীয় বিলিয়নেয়াৰৰ ভিতৰত এগৰাকী, আনগৰাকী ধনকুবেৰ হৈছে কিৰণ মজুমদাৰ-শ্ব।১৩১৪ নাইকাই ২০২১ চনৰ ১০ নৱেম্বৰৰ ভিতৰত তেৰ বিলিয়ন ডলাৰ অৰ্জন কৰে আৰু লগে লগে নায়াৰ ভাৰতৰ আটাইতকৈ ধনী স্ব-নিৰ্মিত মহিলা হিচাপে পৰিগণিত হয় আৰু এতিয়া ভাৰতৰ শীৰ্ষ বিশ জন ধনী ব্যক্তিৰ তালিকাত তেওঁ স্থান লাভ কৰিছে।১২১৫

ব্যক্তিগত জীৱন

ফাল্গুনী গুজৰাটী বংশোদ্ভৱ, কিন্তু তেওঁ জন্ম আৰু ডাঙৰ-দীঘল হৈছে মুম্বাইত। তেওঁৰ দেউতাকো এগৰাকী ব্যৱসায়ী, যি ফাল্গুনীৰ মাকৰ সহযোগত এটি সৰু বিয়েৰিং কোম্পানী চলায়।৬ ১৯৮৭ত তেওঁ সঞ্জয় নায়াৰৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়। আহমেদাবাদত পঢ়ি থাকোঁতে সঞ্জয়ৰ সৈতে তেওঁৰ প্ৰথম দেখা।১৬১৭৬ তেওঁলোকৰ সন্তানদ্বয়ৰ নাম হৈছে আদ্বেতা নায়াৰ আৰু অঞ্চিত নায়াৰ।

তথ্যসূত্ৰ

  1. ↑ (2017-06-08). Nykaa clocks Rs 214 cr revenue in 2016-17. The Financial Express
  2. ↑ Bhandari, Shashwat. (2020-03-08). International Women's Day: Top 5 women ruling world of business. www.indiatvnews.com
  3. ↑ Suneera Tandon, qz com. How online retailer Nykaa became the byword for top-end beauty products in India. Scroll.in
  4. ↑ An; J; Jun 27, Shalina Pillai · TNN ·. For any business, the first year is a honeymoon period: Nykaa founder Falguni Nayar - Times of India. The Times of India
  5. ↑ Success story of Falguni Nayar – Glow & Lovely Careers
  6. ↑ Kapur, Mallika. (2017-03-24). Falguni Nayar: The beauty entrepreneur. mint
  7. ↑ Kapur, Mallika. (2017-03-24). Falguni Nayar: The beauty entrepreneur. mint
  8. ↑ (Nov 30, 2021). Entrepreneur at 49, billionaire at 58: How Falguni Nayar built success with Nykaa. www.forbesindia.com/
  9. ↑ (2015-11-06). Giving advice on beauty is best way to sell beauty products, says Falguni Nayar, Nykaa-Business News, Firstpost. Firstpost
  10. ↑ Kazi, Zainab S. (2016-11-02). E-beauty space leader Nykaa to open 30 stores by 2020. Indiaretailing.com
  11. ↑ (2017-03-08). Get A Glimpse Into The Mind Of Falguni Nayar, The Woman Behind The Force That Is Nykaa. iDiva
  12. ↑ Raghunathan, Anu. Beauty Retailer Nykaa Lists At $13 Billion, Making Founder Falguni Nayar India's Richest Self-Made Woman. Forbes
  13. ↑ (2021-10-28). Nykaa owner billionaire Falguni Nayar is all set to triple her net worth to an estimated Rs 28,000 crore. GQ India
  14. ↑ (10 November 2021). Nykaa founder Falguni Nayar's beauty startup jolts her into the ranks of the world's richest. Bizz Buzz News
  15. ↑ Singh, Tushar Deep. Who is Falguni Nayar, India's richest self-made woman?. The Economic Times
  16. ↑ Chowdhry, Tamal Bandyopadhyay and Seema. (2008-02-09). The power of 2. mint
  17. ↑ crazibrains. Falguni Nayar: The Woman Behind Nykaa. thenewsmen

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফাল্গুনী নায়াৰ” প্ৰবন্ধৰ সংশোধন ৫৩৭৫৬২ (৭ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।