অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ফালু ৰেড্

ফালু ৰেড্ বা ফালুন ৰেড্ (;, ) হৈছে ফালুন তাম খনিৰ উপজাত হিচাপে পোৱা ৰঙা আইৰণ অক্সাইডৰ ৰং। ইয়াক পৰম্পৰাগতভাৱে প্ৰস্তুত কৰা আটা ভিত্তিক ৰং হিচাপে ব্যৱহাৰ কৰা হয়। ছুইডেন, ফিনলেণ্ড আৰু নৰৱেত কাঠৰ পৃষ্ঠ ভাগত এই ৰং প্ৰয়োগ কৰা হয়।

হালনাগাদ: ১০ এপ্ৰিল ২০২৫ ৩৫৯ শব্দ · ২ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

ফালু ৰেড্ বা ফালুন ৰেড্ (;, ) হৈছে ফালুন তাম খনিৰ উপজাত হিচাপে পোৱা ৰঙা আইৰণ অক্সাইডৰ ৰং। ইয়াক পৰম্পৰাগতভাৱে প্ৰস্তুত কৰা আটা ভিত্তিক ৰং হিচাপে ব্যৱহাৰ কৰা হয়। ছুইডেন, ফিনলেণ্ড আৰু নৰৱেত কাঠৰ পৃষ্ঠ ভাগত এই ৰং প্ৰয়োগ কৰা হয়।

Falu Rödfärg হৈছে এটা সুৰক্ষিত ট্ৰেডমাৰ্ক, যিটো কেৱল ফালুন খনিৰ পৰা আহৰণ কৰা ৰঙা ৰং থকা সামগ্ৰীৰ বাবেহে ব্যৱহাৰ কৰিব পাৰি। Rödfärg ( ছুইডিছ ), rödmylla ( ফিনলেণ্ড চুইডিছ ) বা punamulta ( ফিনিছ )ই প্ৰাকৃতিক ৰঙা অ'কাৰ বা ঔদ্যোগীক আইৰণ অক্সাইড ৰং যুক্ত যিকোনো আটা ভিত্তিক ৰঙক বুজাব পাৰে.

ইতিহাস

শতিকাজুৰি ফালুনত চলা তাম খননৰ পিছত খনিবোৰৰ ওচৰত মাটিৰ ওপৰত অৱশিষ্ট সামগ্ৰীৰ বৃহৎ স্তূপ জমা হৈছিল।

ষোড়শ শতিকাৰ ভিতৰত খনিটোৰ টেইলিং আৰু স্লেগৰ খনিজ পদাৰ্থই বিগলিত ৰূপত যোগ হোৱা তাম, লিমোনাইট, চিলিচিক এচিড আৰু জিংকেৰে সমৃদ্ধ ৰঙা ৰঙৰ বোকা সদৃশ উপাদান উৎপন্ন কৰিবলৈ আৰম্ভ কৰে। এই বোকাখিনি কেইবাঘণ্টা ধৰি গৰম কৰি লিনচিড অইল আৰু ৰাইৰ আটাৰ সৈতে মিহলি কৰিলে ইয়াৰ পৰা বতৰ বিৰোধী এক উৎকৃষ্ট ৰং সৃষ্টি হোৱা দেখা গ’ল। ১৭ শতিকাত উচ্চ শ্ৰেণীৰ লোকে সাধাৰণতে ব্যৱহাৰ কৰা ৰঙা ইটাৰ অৱয়ব অনুকৰণ কৰিবলৈ কাঠৰ অট্টালিকাত ফালু ৰেড্ প্ৰয়োগ কৰিবলৈ আৰম্ভ কৰে।

ছুইডেনৰ চহৰ অঞ্চলত ১৯ শতিকাৰ আৰম্ভণিলৈকে কাঠৰ অট্টালিকাবোৰত প্ৰায়ে ফালু ৰেড্ ৰং কৰা হৈছিল, তেতিয়া কৰ্তৃপক্ষই ইয়াৰ ব্যৱহাৰৰ বিৰোধিতা কৰিবলৈ আৰম্ভ কৰিছিল।

পুনৰুত্থান

ফিনলেণ্ডৰ পৰ্ভু পুৰণি চহৰত নদীৰ পাৰৰ গুদাম
ফিনলেণ্ডৰ পৰ্ভু পুৰণি চহৰত নদীৰ পাৰৰ গুদামছবি: FrDr · CC BY-SA 4.0

১৯ শতিকাৰ সময়ছোৱাত ছুইডেনৰ গ্ৰাম্য অঞ্চলত যেতিয়া দৰিদ্ৰ কৃষক আৰু খেতিয়কসকলে নিজৰ ঘৰত ৰং সানিবলৈ আৰম্ভ কৰিছিল তেতিয়াৰে পৰা ফালু ৰেডৰ জনপ্ৰিয়তাৰ পুনৰোত্থান ঘটিছিল। গ্ৰাম্য অঞ্চলত এতিয়াও ব্যাপকভাৱে এই ৰং ব্যৱহাৰ কৰা হয়। ফিনিছ ভাষাৰ অভিব্যক্তি " punainen tupa ja perunamaa " ('এটা ৰঙা কটেজ আৰু এটা আলুৰ পেচ')ই ইডিলিক ঘৰ আৰু জীৱনক বুজাইছে, ই ফালু ৰেড্ ৰঙেৰে ৰং কৰা এখন দেশৰ ঘৰৰ প্ৰত্যক্ষ ইংগিত।

মিহলাই ৰং কৰি সিজোৱাৰ পিছত প্ৰস্তুত হোৱা ফালু ৰেড্
মিহলাই ৰং কৰি সিজোৱাৰ পিছত প্ৰস্তুত হোৱা ফালু ৰেড্ছবি: Moralist · Public domain

আটাৰ ৰঙৰ গঠন

ৰংটোত পানী, ৰাইৰ আটা, লিনচিড অইল, চিলিকেট, আইৰণ অক্সাইড, তামৰ যৌগ, আৰু জিংক থাকে। ফালু ৰেডৰ বয়স বৃদ্ধিৰ লগে লগে বাইণ্ডাৰৰ অৱনতি ঘটে, যাৰ ফলত ৰঙৰ দানাবোৰ ঢিলা হৈ পৰে, কিন্তু পুনৰ ৰং কৰাৰ আগতে পৃষ্ঠভাগ ব্ৰাছ কৰি পুনৰাই ৰং কৰিবৰ উপযোগী হৈ পৰে আৰু এনেকৈয়ে নতুনত্বক পুনৰুদ্ধাৰ কৰাটো সহজ। ১

অক্সাইড জ্বলোৱাৰ মাত্ৰাৰ ওপৰত নিৰ্ভৰ কৰি প্ৰকৃত ৰং বেলেগ হ’ব পাৰে, প্ৰায় ক’লাৰ পৰা উজ্জ্বল, পাতল ৰঙালৈকে এই ভিন্নতা পৰিলক্ষিত হয়। বিভিন্ন সময়ত ৰঙা ৰঙৰ বিভিন্ন টোন জনপ্ৰিয় হৈ আহিছে। ২

বাহ্যিক সংযোগসমূহ

তথ্যসূত্ৰ

  1. ↑ Sweden's most tried and tested house paint
  2. ↑ http://falurodfarg.com/farger/falu-rodfarg-original/

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফালু ৰেড্” প্ৰবন্ধৰ সংশোধন ৫০৩০১০ (১০ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।