ফাতেহা-ইয়াজ-দাহম( ইংৰাজী: Fateha-i-Yajdaham) ইছলামিক চন্দ্ৰ মাহৰ জুমাদা-আল-থানীৰ ১১ তাৰিখে ফাতেহা দোআজ দহাম নামেৰেও পৰিচিত ফাতেহা-ই-য়াজদাহাম উদযাপন কৰা হয়। ফাতেহা-ইয়াজ-দাহাম হৈছে কাদিৰিয়া চুফী মুজাহাবৰ প্ৰতিষ্ঠাপক হজৰত আব্দুল কাদিৰ জিলানী (ৰঃ)জন্মৰ স্মৃতিত উদযাপনৰ দিন।১
ইয়াক ফাতেহা দোআজ দহাম বুলিও কোৱা হয়।২ ইছলামিক নবী মুহাম্মদৰ জন্মদিনৰ ওচৰত ফাতেহা-ই-যজদাহাম পালন কৰা হয়। ইছলামত ই এক উল্লেখযোগ্য পালন, য’ত পৰিয়ালসমূহে নিজৰ মৃত আপোনজনক নামাজ আৰু সন্মান জনোৱাৰ বাবে একত্ৰিত হয়। তেওঁলোকে ফাতেহা, এটা প্ৰাৰ্থনা আগবঢ়ায় আৰু কোৰআনৰ আয়াত পাঠ কৰে।৩
ইতিহাস
হজৰত আব্দুল কাদিৰ জিলানী (ৰঃ) পিতৃ আবু ছালে ইছলাম ধৰ্মৰ প্ৰবৰ্তক। আব্দুল কাদিৰ জিলানী সকলো পীৰৰ মুৰব্বী তথা প্ৰধান। ফাতেহা পালনৰ ভিতৰত পবিত্ৰ কোৰআন পঢ়া, মিলাদ অনুষ্ঠিত কৰা, হজৰত আব্দুল কাদিৰ জিলানী (ৰঃ)ৰ জীৱনৰ বিষয়ে আলোচনা কৰা, দুআ-মুনাজাত বা মিনতি (ব্যক্তিগত আৰু সামূহিক)ৰ জৰিয়তে ঈশ্বৰৰ আশীৰ্বাদ বিচৰা, আৰু বিশেষভাৱে প্ৰস্তুত কৰা তবৰুক (পবিত্ৰ খাদ্য) বিতৰণ কৰা আদি উপলক্ষ্যৰ বাবে। এই উপলক্ষে পুৰণি ঢাকাৰ কিছুমান বিশেষ অঞ্চলত কাৱালীৰ অধিবেশন অনুষ্ঠিত হয়। শিক্ষানুষ্ঠানত ঐচ্ছিক বন্ধৰ দিন।
তথ্যসূত্ৰ
- ↑ Levi, André; Weingrod, Alex. (2005). Homelands and Diasporas: Holy Lands and Other Places. Stanford University Press. ISBN 978-0-8047-5079-0
- ↑ (2017-12-30). Fatiha-i-Yazdaham today. thedailystar.net
- ↑ Desk, Sentinel Digital. (2015-02-19). Fateha-E-Doaz Daham concludes- Sentinelassam. www.sentinelassam.com You can check all Holiday-list also
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফাতেহা-ইয়াজ-দাহম” প্ৰবন্ধৰ সংশোধন ৪৬৭৪৬৮ (৩১ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।