ফাইলষ্টৰ্চ (Pfeilstorch) (জাৰ্মান ) বা ফাইলষ্টৰ্ক হৈছে শীতকালত আফ্ৰিকালৈ প্ৰব্ৰজন কৰোঁতে শৰবিদ্ধ হৈ দেহত শৰডাল সোমাই থকা অৱস্থাতে ইউৰোপলৈ ঘূৰি অহা সাৰেং। ২০০৩ চনলৈকে ২৫টা ফাইলষ্টৰ্চৰ তথ্য সন্নিৱিষ্ট কৰা গৈছে।১
ইতিহাস
প্ৰথম আৰু আটাইতকৈ বিখ্যাত ফাইলষ্টৰ্চ আছিল ১৮২২ চনত মেকলেনবাৰ্গ-ভৰ্পমাৰ্ন ৰাজ্যৰ এখন জাৰ্মান গাঁও ক্লুটজৰ ওচৰত পোৱা এটা শুকুলা ৰঙৰ সাৰেং। ইয়াৰ ডিঙিত ৩০ ইঞ্চি দীঘল মধ্য আফ্ৰিকাৰ এডাল জোং পোৱা গৈছিল।২৩ ইয়াক সংৰক্ষণ কৰি ৰষ্টক বিশ্ববিদ্যালয়ৰ প্ৰাণীবিজ্ঞান সংগ্ৰহালয়ত ৰখা হৈছে। সেয়েহে ইয়াক ৰষ্টকাৰ ফাইলষ্টৰ্চ বুলি কোৱা হয়।৪৫৬
এই ফাইলষ্টৰ্চসমূহ ইউৰোপীয় চৰাইৰ প্ৰব্ৰজনৰ বিষয়ে বুজিবলৈ গুৰুত্বপূৰ্ণ আছিল। প্ৰব্ৰজনৰ কথা বুজাৰ আগতে মানুহে সাৰেং আৰু চাতকৰ দৰে চৰাইসমূহ বছৰি হঠাতে নোহোৱা হোৱাৰ কথা বুজিব পৰা নাছিল। প্ৰব্ৰজনৰ উপৰিও সেই সময়ৰ কিছুমান তত্ত্বৰ মতে শীতকালত ইহঁত আন প্ৰকাৰৰ চৰাই বা এন্দুৰলৈ পৰিৱৰ্তিত হয় নাইবা পানীৰ তলত শীতনিদ্ৰাত থাকে। আনকি সেই সময়ৰ প্ৰাণীবিজ্ঞানীসকলেও এনে তত্ত্বৰ প্ৰচাৰ কৰিছিল।৭৮৯ ৰষ্টকাৰ ফাইলষ্টৰ্চে প্ৰমাণ কৰিলে যে চৰাইবোৰে শীতকালীন স্থানলৈ বুলি বহু দূৰলৈ প্ৰব্ৰজন কৰে।১০
তথ্যসূত্ৰ
- ↑ (2003). Der Rostocker Pfeilstorch. Der Sprössling. University of Rostock. পৃ. 9–10
- ↑ Fone, Martin. (11 January 2020). Curious Questions: How did a stork with a spear through its neck solve the mystery of the migration of birds?. countrylife.co.uk
- ↑ Baykal, Hakan. (20 May 2022). Vogelzug: Die wahre Geschichte vom Pfeilstorch. spektrum.de
- ↑ Zoologische Sammlung der Universität Rostock
- ↑ Flyer for the Rostock University Zoological Collection
- ↑ Der Sproessling 3
- ↑ Cocker, Mark; Mabey, Richard. (2005). Birds Britannica. Chatto & Windus. পৃ. 315. ISBN 0-7011-6907-9
- ↑ Pomeroy, Ross. (February 19, 2018). The Weirdest Ideas About Bird Migration. www.realclearscience.com
- ↑ (2015-05-15). https://www.nytimes.com/2015/05/17/magazine/flight-paths.html
- ↑ Kinzelbach. (2005). Das Buch vom Pfeilstorch. Basilisken-Presse. ISBN 3-925347-78-X
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফাইলষ্টৰ্চ” প্ৰবন্ধৰ সংশোধন ৬৩২৪৭৯ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।