প'লিঅ'মায়েলাইটিছ, (প'লিঅ বা শিশুৰ পক্ষাঘাত) প'লিঅ'ভাইৰাছে কৰা এবিধ সংক্ৰমণ। প্ৰায় ৯০%ৰ পৰা ৯৫% সংক্ৰমণৰ কোনো লক্ষণ নাথাকে।১ আন ৫ ৰ পৰা ১০% মানুহৰ সাধাৰণ লক্ষণ যেনে জ্বৰ, মূৰৰ বিষ, বমি, পনীয়া শৌচ, ডিঙি টানি ধৰা আৰু হাত-ভৰিৰ বিষ হ'ব পাৰে।১২ এইসকল ৰোগী এসপ্তাহ বা দুসপ্তাহৰ ভিতৰত ভাল হৈ উঠে। প্ৰায় ০.৫% মানুহৰ পেশীৰ দুৰ্বলতাই দেখা দিয়ে যি খোজ কাঢ়িব নোৱাৰা অৱস্থা কৰি তোলে।১ এনে অৱস্থা কেইঘণ্টামানৰ পৰা কেইবা দিনৰ ভিতৰত হ'ব পাৰে।১২ দুৰ্বলতা সাধাৰণতে ভৰিত হয় কিন্তু কাচিৎ মূৰ, ডিঙি আৰু ডায়েফ্ৰামৰো হ'ব পাৰে। সকলো মানুহ সম্পূৰ্ণ আৰোগ্য লাভ নকৰে। পেশীৰ দুৰ্বলতা থকাসকলৰ ভিতৰত ২%ৰ পৰা ৫% শিশু আৰু ১৫%ৰ পৰা ৩০% প্ৰাপ্তবয়স্কৰ মৃত্যু ঘটে।১ আৰোগ্যৰ কেইবা বছৰ পাছতো post-polio syndrome হ'ব পাৰে য'ত আৰম্ভণিৰ বেমাৰৰ দৰেই পেশী ধীৰে ধীৰে দুৰ্বল হৈ পৰে।৩
সাধাৰণতে সংক্ৰমিত বিষ্ঠা মুখত প্ৰৱেশৰ ফলত প'লিঅ'ভাইৰাছ এজনৰ পৰা আন এজন ব্যক্তিলৈ বিয়পে।১ খাদ্য বা পানী মানৱ বিষ্ঠাৰে দূষিত হ'লে বা কেতিয়াবা সংক্ৰমিত লেলাৱটিৰ পৰাও ই বিয়পে।১২ সংক্ৰমিত ব্যক্তিয়ে কোনো লক্ষণ নেদেখুৱালেও ছয় সপ্তাহলৈকে এই ৰোগ বিয়পাব পাৰে। বিষ্ঠাত ভাইৰাছৰ উপস্থিতি বা তেজত ইয়াৰ বিৰুদ্ধে প্ৰতিদেহ ধৰা পেলাই এই ৰোগ নিৰূপণ কৰা হয়।১
প'লিঅ' প্ৰতিষেধক ব্যৱহাৰেৰে এই ৰোগ প্ৰতিৰোধ কৰিব পাৰি, কিন্তু কেইবাপালিৰো প্ৰয়োজন হয়।২ ভাৰতত শিশুৰ জন্মতে, ৬ মাহ, ৯ মান আৰু ৪-৬ বছৰত চাৰি পালি মৌখিক ঔষধ দিয়া হয়।৪ এবাৰ সংক্ৰমণ হ'লে কোনো নিৰ্দিষ্ট চিকিৎসা নাই।২ ১৯৮৮ চনত ৩৫০,০০০ জন ৰোগীৰ পৰা এই সংখ্যা ২০১৩ চনত ৪১৬ জনলৈ কমি আহিছে।২ ২০১৪ চনত এই ৰোগ কেৱল আফগানিস্তান, নাইজেৰিয়া আৰু পাকিস্তানত পোৱা গৈছিল।২ ২০১৪ চনৰ মাৰ্চত বিশ্ব স্বাস্থ্য সংস্থাই ভাৰতক "প'লিঅ' মুক্ত" বুলি ঘোষণা কৰে।৫
প্ৰাচীন শিল্পত কেইবাহাজাৰ বছৰৰ পৰা প'লিঅ' ৰোগৰ উপস্থিতি গম পাব পাৰি।১ ১৭৮৯ চনত মাইকেল আণ্ডাৰউড নামৰ চিকিৎসকজনে ইয়াক নিৰ্দিষ্ট ৰোগ হিচাপে গণ্য কৰে১ আৰু ১৯০৮ চনত কাৰ্ল লেণ্ডষ্টেইনাৰে প'লিঅ'ভাইৰাছ ধৰা পেলায়।৬ ১৯শ শতিকাৰ শেষৰফালে ইউৰোপ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত মহামাৰীয়ে দেখা দিয়ে।১ বিংশ শতিকাত এই অঞ্চলসমূহত ই এটা প্ৰধান শিশু ৰোগ হিচাপে স্বীকৃতি পায়।৭ ১৯৫০ চনত জ'নাছ চকে প্ৰথম প'লিঅ' প্ৰতিষেধক বিকাশ কৰে।৮ আশা কৰা হয় যে ছিটাকৰণ প্ৰচেষ্টা আৰু ৰোগৰ আগতীয়া নিৰূপণে ২০১৮ চনৰ ভিতৰত প'লিঅ' নিৰ্মূল কৰিব।৯ অৱশ্যে ২০১৩ চনত ছিৰিয়াত নতুন ৰোগী ধৰা পৰে১০ আৰু ২০১৪ চনৰ মে' মাহত বিশ্ব স্বাস্থ্য সংস্থাই এছিয়া, আফ্ৰিকা আৰু মধ্য প্ৰাচ্যত ৰোগৰ উত্থানৰ বাবে ইয়াক public health emergency of international concern ঘোষণা কৰে।১১ আন কোনো জন্তুতে এই ৰোগ প্ৰাকৃতিকভাৱে নহয়।১
অতিৰিক্ত পঠন
- Kluger Jefferey. (2004). Splendid Solution - Jonas Salk and the Conquest of Polio. G. P. Putnam's Sons. ISBN 0-399-15216-4
- Oshinsky, David M. (2005). Polio: an American story. Oxford University Press. ISBN 0-19-515294-8
- Shaffer, Mary M.; Bernard Seytre. (2005). The death of a disease: a history of the eradication of poliomyelitis. Rutgers University Press. ISBN 0-8135-3677-4
- Shell, Marc. (2005). Polio and its aftermath: the paralysis of culture. Harvard University Press. ISBN 0-674-01315-8
- Wilson, Daniel J. (2005). Living with polio: the epidemic and its survivors. University of Chicago Press. ISBN 0-226-90103-3
- Wilson, Daniel J.; Julie Silver. (2007). Polio voices: an oral history from the American polio epidemics and worldwide eradication efforts. Praeger. ISBN 0-275-99492-9
তথ্যসূত্ৰ
- ↑ Atkinson W, Hamborsky J, McIntyre L, Wolfe S (eds.). (2009). Epidemiology and Prevention of Vaccine-Preventable Diseases (The Pink Book). Public Health Foundation. পৃ. 231–44
- ↑ (October 2014). Poliomyelitis Fact sheet N°114. who.int
- ↑ (April 16, 2014). Post-Polio Syndrome Fact Sheet. http://www.ninds.nih.gov/
- ↑ (June 2, 2014). IAP recommended immunization shedule. IAP
- ↑ (March 27, 2014). Polio-free certification: WHO South-East Asia. SEARO
- ↑ Daniel, edited by Thomas M.; Robbins, Frederick C. (1999). Polio. University of Rochester Press. পৃ. 11. ISBN 9781580460668
- ↑ Wheeler, Derek S.; Wong,, Hector R.; (eds.), Thomas P. Shanley,. (2009). Science and practice of pediatric critical care medicine. Springer. পৃ. 10–11. ISBN 9781848009219
- ↑ Aylward R. (2006). Eradicating polio: today's challenges and tomorrow's legacy. Ann Trop Med Parasitol. পৃ. 401–13
- ↑ (25 April 2013). Global leaders support new six-year plan to deliver a polio-free world by 2018. who.int
- ↑ (26 November 2013). Polio in the Syrian Arab Republic - update. who.int
- ↑ (5 May 2014). WHO statement on the meeting of the International Health Regulations Emergency Committee concerning the international spread of wild poliovirus. who.int
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প'লিঅ'মায়েলাইটিছ” প্ৰবন্ধৰ সংশোধন ৩৮১৬৪৮ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।