অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

পৰমা

পৰমা ( The Ultimate Woman ) অপৰ্ণা সেনৰ পৰিচালনাত নিৰ্মিত এখন ভাৰতীয় বাংলা পূৰ্ণদৈৰ্ঘ্য ছবি। ১৯৮৫ চনত উষা এণ্টাৰপ্ৰাইজৰ বেনাৰত ছবিখন মুক্তি পায়।

হালনাগাদ: ৪ এপ্ৰিল ২০২৫ ২০৩ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

পৰমা ( The Ultimate Woman )১ অপৰ্ণা সেনৰ পৰিচালনাত নিৰ্মিত এখন ভাৰতীয় বাংলা পূৰ্ণদৈৰ্ঘ্য ছবি।২৩ ১৯৮৫ চনত উষা এণ্টাৰপ্ৰাইজৰ বেনাৰত ছবিখন মুক্তি পায়।৪

কাহিনীৰ সাৰাংশ

ছবিখনত এগৰাকী ৪০ বছৰীয়া বিবাহিতা মহিলা পৰমাৰ বিষয়ে কোৱা হৈছে যাৰ "বৌমা" (বোৱাৰী), "কাকী মা" (খুৰী) আৰু "বৌদী" (নবৌ) আদি দুটামান পৰিচয় নিহিত হৈ আছে। তেওঁৰ সুনিশ্চিত, অতি স্বাভাৱিক আৰু পূৰ্বানুমানিত জীৱনটো ওলট-পালট হৈ পৰে, যেতিয়া এখন আলোচনীত কাম কৰা প্ৰবাসী ফটো-সাংবাদিক ৰাহুলে তেওঁক "এগৰাকী ভাৰতীয় গৃহিণী" নামৰ ফটো ৰচনা এখনৰ বাবে প’জ দিবলৈ বাছি লয়। এয়া এক সাধাৰণ প্ৰশ্নৰে আৰম্ভ হয়, "আপুনি কি ভাবে, পৰমা?"। ৰাহুলৰ জৰিয়তে পৰমাই নিজকে পুনৰ আৱিষ্কাৰ কৰে। তেওঁৰ ফটোবোৰে তেওঁক গ্লেমাৰাছ কৰি তোলে। কিন্তু তেওঁৰ প্ৰেম বা আত্মানুসন্ধান তেতিয়াই এক সমস্যা হৈ পৰে, যেতিয়া তেওঁৰ কিছুমান অৰ্ধনগ্ন ফটো এখন জাৰ্নেলত প্ৰকাশ পায়, ৰাহুলে তেওঁৰ সন্মতি অবিহনে সেই ফটোবোৰ প্ৰকাশ কৰি তেওঁক প্ৰতাৰণা কৰিছিল। পাৰমাক স্বামীয়ে প্ৰত্যাখ্যান কৰে। মানসিক বিকৰাগ্ৰস্থতাত ভূগা পৰমাই আত্মহত্যা কৰিবলৈ চেষ্টা কৰে যদিও শেষত বাথৰুমত মূৰত খুন্দা খায়। তেওঁৰ অস্ত্ৰোপচাৰ হয় আৰু তাৰবাবে চুলি কাটিবলগীয়া হয়। পৰিয়ালৰ লোকে নিযুক্তি দিয়া এগৰাকী নাৰ্চে তেওঁৰ যত্ন লয়। যদিও পৰিয়ালৰ লোকে তেওঁক ক্ষমা কৰাৰ সিদ্ধান্ত লয়, তেওঁ পুৰণি জীৱনলৈ ঘূৰি যাবলৈ অনিচ্ছুক। শেষত এজন চিকিৎসকে মানসিক চিকিৎসা কৰোঁৱাৰ পৰামৰ্শ দিয়ে।

বঁটা

১৯৮৬ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা

  • শ্ৰেষ্ঠ সহযোগী অভিনেতা- দীপাংকৰ দে
  • বঙালী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবি

তথ্যসূত্ৰ

  1. ↑ Chatterjee, Shoma A. Paroma. Upperstall.com
  2. ↑ Parama: A Journey With Aparna Sen Review - Overdue Documentary Should Be Essential Viewing. NDTV.com
  3. ↑ Paroma/Parama (1985). Indiancine.ma
  4. ↑ (2014-01-14). Aparna Sen's Paroma is a complex symphony of sex and womanhood. India Today

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ নাৰী সম্পৰ্কীয় চলচ্চিত্ৰবঙালী চলচ্চিত্ৰহিন্দী চলচ্চিত্ৰ১৯৮৫ বৰ্ষৰ চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পৰমা” প্ৰবন্ধৰ সংশোধন ৫০২১৮৩ (৪ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।