প্ৰেম মন্দিৰ হৈছে ভাৰতৰ উত্তৰ প্ৰদেশৰ মথুৰা জিলাৰ বৃন্দাবনত অৱস্থিত এটা হিন্দু মন্দিৰ। জগদগুৰু শ্ৰী কৃপালু জী মহাৰাজে (পঞ্চম মূল জগদগুৰু) এই মন্দিৰটি প্ৰতিষ্ঠা কৰিছিল।১ জগদগুৰু কৃপালু পৰিষদ নামৰ আন্তঃৰাষ্ট্ৰীয় অলাভজনক, শৈক্ষিক, আধ্যাত্মিক তথা দাতব্য ট্ৰাষ্টে ইয়াৰ ৰক্ষণাবেক্ষণ কৰে। এই মন্দিৰ চৌহদটি বৃন্দাবনৰ উপকণ্ঠ অঞ্চলত, ২২ হেক্টৰ (৫৫ একৰ) ভূমিত অৱস্থিত। ৰাধা কৃষ্ণ আৰু সীতা ৰামৰ নামত মন্দিৰটি উৎসৰ্গা কৰা হৈছে। প্ৰথম স্তৰত ৰাধা কৃষ্ণ আৰু দ্বিতীয় স্তৰত সীতা ৰাম আছে। মূল মন্দিৰৰ গোটেই দেৱালত শ্ৰী কৃষ্ণ আৰু ৰসিক সন্তসকলৰ বিভিন্ন লীলা চিত্ৰিত কৰা হৈছে।২
২০০১ চনৰ জানুৱাৰী মাহৰ পৰা মন্দিৰটিৰ নিৰ্মাণ আৰম্ভ হয়।৩ ২০১২ চনৰ ১৫ ফেব্ৰুৱাৰীৰ পৰা ১৭ ফেব্ৰুৱাৰীলৈ ইয়াৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হৈছিল।৪ ১৭ ফেব্ৰুৱাৰীত মন্দিৰটো জনসাধাৰণৰ বাবে মুকলি কৰা হয়। মন্দিৰটিৰ নিৰ্মাণকাৰ্যত খৰচ হৈছিল মুঠ ১৫০ কোটি টকা (২৩ মিলিয়ন ডলাৰ)।৫ মন্দিৰটিৰ মূল দেৱতা হৈছে শ্ৰী ৰাধা গোবিন্দ (ৰাধা কৃষ্ণ) আৰু শ্ৰী সীতা ৰাম। প্ৰেম মন্দিৰৰ কাষতে ৬,৮০০ বৰ্গমিটাৰ (৭৩,০০০ বৰ্গফুট), খুঁটাবিহীন, গম্বুজ আকৃতিৰ সৎসংগ হল নিৰ্মাণ কৰা হৈছে, য’ত একে সময়ত ২৫,০০০ মানুহ থাকিব পৰা ব্যৱস্থা আছে।৬ সুন্দৰ বাগিচা আৰু ফোঁৱাৰাৰে আগুৰি থকা এই মন্দিৰ চৌহদত শ্ৰী কৃষ্ণৰ চাৰিটা লীলাৰ জীৱন্ত আকাৰৰ চিত্ৰ আছে – ঝুলন লীলা, গোবৰ্ধন লীলা, ৰাস লীলা আৰু কালিয়া নাগ লীলা।
২০০৫ চনত মুকলি হোৱা ভক্তি মন্দিৰৰ ই ভগ্নী মন্দিৰ। ২০১৯ চনত ইয়াৰ আন এটা ভগ্নী মন্দিৰ মুকলি কৰা হৈছিল যিটো কীৰ্তি মন্দিৰ, বৰছানা নামেৰে জনাজাত।৭
ইতিহাস স্থাপত্য আৰু নক্সা


২০০১ চনৰ ১৪ জানুৱাৰীত সহস্ৰাধিক ভক্তৰ উপস্থিতিত জগদগুৰু শ্ৰী কৃপালু জী মহাৰাজে এই মন্দিৰটিৰ আধাৰশিলা স্থাপন কৰে। এই মন্দিৰটিৰ নিৰ্মাণকাৰ্যত প্ৰায় ১২ বছৰ সময় লাগিছিল, য'ত প্ৰায় ১০০০জন শিল্পকৰ্মী জড়িত আছিল।
বৃন্দাবনত মন্দিৰটিৰ বাবে সঠিক স্থান নিৰ্ধাৰণৰ কাম কৃপালু জী মহাৰাজে কৰিছিল। বৃন্দাবনতে তেওঁৰ মূল আশ্ৰম আছিল।৮ এই মন্দিৰটি তেখেতে শ্ৰী বৃন্দাবন ধামলৈ মৰমৰ উপহাৰস্বৰূপে উৎসৰ্গা কৰে।
প্ৰেম মন্দিৰ সম্পূৰ্ণৰূপে ইটালীয় মাৰ্বলৰ দ্বাৰা নিৰ্মিত। ইয়াৰ পতাকাকে ধৰি মন্দিৰৰ মুঠ মাত্ৰা ৩৮ মিটাৰ (১২৫ ফুট) উচ্চতা, ৫৮ মিটাৰ (১৯০ ফুট) দীঘল আৰু ৩৯ মিটাৰ (১২৮ ফুট) বহল উচ্চ মঞ্চখনে দুমহলীয়া বগা কীৰ্তিচিহ্নটোৰ আসন হিচাপে কাম কৰে।
মন্দিৰৰ মঞ্চ মন্দিৰ প্ৰাংগণত এটা প্ৰদক্ষিণ পথ নিৰ্মাণ কৰা হৈছে, যাৰ ফলত দৰ্শকে মন্দিৰৰ বাহিৰৰ দেৱালত খোদিত কৰা শ্ৰী ৰাধা কৃষ্ণৰ খেলা-ধূলাৰ ছবি অংকন কৰা ৪৮টা পেনেল চাব পাৰে। দেৱালবোৰ কঠিন ইটালীয় মাৰ্বলৰ, ০.৯৯ মিটাৰ (৩.২৫ ফুট) ডাঠ। প্ৰকাণ্ড শিখৰ, স্বৰ্ণ কলশ আৰু পতাকাৰ ওজন বহন কৰিবলৈ গৰ্ভ-গৃহৰ বেৰৰ বেধ ২.৪ মিটাৰ (৮ ফুট)। মন্দিৰৰ বাহিৰৰ অংশতো ৮৪টা পেনেল স্থাপন কৰা হৈছে। তাত শ্ৰী ৰাধা কৃষ্ণৰ প্ৰেমময় লীলা প্ৰদৰ্শন কৰা হৈছে। ইয়াৰ বাহিৰেও মন্দিৰৰ ভিতৰত ৰাধা কৃষ্ণৰ লীলাৰ অসংখ্য প্ৰতিকৃতি বা ভগৱান শ্ৰীকৃষ্ণৰ অলৌকিকতাও পোৱা যায়।
অনুষ্ঠান
- জগদ্গুৰুত্তম দিৱস মহোৎসৱ
- জন্মাষ্টমী৯
- ৰাধাষ্টমী
লগতে চাওঁক
- বৃন্দাবন চন্দ্ৰোদয় মন্দিৰ
- বাঁকে বিহাৰী মন্দিৰ
- ৰাধা ৰাণী মন্দিৰ
- ৰাধা ৰমন মন্দিৰ
- ৰঙিলী মহল বৰছানা
- কৃষ্ণ বলৰাম মন্দিৰ
- ভক্তি মন্দিৰ মানগড়
- ৰাধা দামোদৰ মন্দিৰ, বৃন্দাবন
- ৰাধা মদন মোহন মন্দিৰ, বৃন্দাবন
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Famous Krishna Temples in India: Prem Mandir
- ↑ News/Region/Kripaluji-Maharaj-s-Prem-Mandir-will-be-inaugurated-on-17th-February/690284.html Kripaluji Maharaj's Prem Mandir will be inaugurated on 17 February-Aaj Ki Khabar 404
- ↑ 1000 कारीगरों ने 11 साल में बनाया 'प्रेम मंदिर'! 404. [Dainik Bhaskar]. Retrieved 6 April 2014
- ↑ Prem Mandir Inauguration (Vrindavan) | Jagadguru Kripaluji Yog 404
- ↑ Dream Of "एक झोंपड़ी हो कृष्ण के बृज में" Now Becomes A Reality
- ↑ ब्रज का आकर्षण प्रेम मंदिर. [Dainik Jagran]. Retrieved 6 April 2014
- ↑ (2019-01-30). Grand Opening of Unique Temple in India. Business Standard India. Press Trust of India
- ↑ Sahara Samay Kripaluji Maharaj's 'Prem Mandir' inauguration on Friday FEBRUARY 13, 2012 "The much long awaited temple of Kripaluji Maharaj's 'Prem Mandir' will be inaugurated on Friday 16th for public in Vrindaban district of উত্তৰ প্ৰদেশ."
- ↑ Janmashtami 2015 LIVE Celebration at prem mandir vrindavan mathura 2015 - Latest results,Reet Online, job,news, education, SMS, wallpaper
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰেম মন্দিৰ, বৃন্দাবন” প্ৰবন্ধৰ সংশোধন ৫৩০৩৫৭ (৫ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।