পূবৰ ক'লা জঁ-যুক্ত হলৌ বান্দৰ বা ইষ্টাৰ্ণ ব্লেক ক্ৰেষ্টেড গিবন (Eastern black crested gibbon; বৈজ্ঞানিক নামঃ Nomascus nasutus)ক কাও-ভিট ব্লেক ক্ৰেষ্টেড গিবন বা কাও-ভিট ক্ৰেষ্টেড গিবন বুলিও কোৱা হয়। ই হৈছে দক্ষিণ-পূব চীন আৰু উত্তৰ ভিয়েটনামৰ এক ঘোৰ সংকটাপন্ন প্ৰজাতিৰ হলৌ বান্দৰ। "কাও-ভিট" শব্দটো এইবিধ হলৌ বান্দৰৰ মাত বা গীতৰ পৰা উদ্ভৱ হোৱা; ভিয়েটনামৰ কাও বাং প্ৰদেশৰ ট্ৰুং খান জিলাৰ নগ'চ খে, ফঙ নাম আৰু নগ'চ কন কমিউনৰ গাওঁবাসীয়ে এইবিধ হলৌ বান্দৰৰ নাম ৰাখিবলৈ সিহঁতৰ মাত বা গীতৰ পৰা উদ্ভৱ হোৱা শব্দকে ব্যৱহাৰ কৰিছে।
বিশেষজ্ঞসকলে এইবিধ হলৌ বান্দৰ পুনৰ আৱিষ্কাৰৰ পিছৰে পৰাই এই নামটো আনুষ্ঠানিকভাৱে ব্যৱহাৰ কৰিছলি।১ ১৯৬০ চনৰ পৰা ২০০০ চনলৈকে ইষ্টাৰ্ণ ব্লেক ক্ৰেষ্টেড গিবন বা পূবৰ ক'লা জঁযুক্ত হলৌ বান্দৰ কোনোৱেই নিশ্চিতভাৱে দেখা পোৱা নাছিল আৰু ইয়াক সম্ভৱতঃ বিলুপ্ত বুলি ভবা হৈছিল। ২০০২ চনত উত্তৰ-পূব ভিয়েটনামৰ কাও বাং প্ৰদেশৰ ট্ৰুং খান জিলাৰ কাৰ্ষ্ট অৰণ্যত দুজন এফ. এফ. আই.ৰ জীৱবিজ্ঞানীয়ে কেইটামান এই প্ৰজাতিৰ হলৌ পুনৰ আৱিষ্কাৰ কৰিছিল।২৩ ২০০৬ চনলৈকে এই প্ৰজাতিটো ভিয়েটনামৰ স্থানীয় প্ৰাণী আছিল, কিন্তু ইহঁতক চীনৰ গুৱাংছি প্ৰদেশৰ এখন সৰু অৰণ্যতো পোৱা গৈছে, যিখন ট্ৰুং খান অৰণ্যৰ সমীপতে আছে।৪ ২০০৫ চনত ভিয়েটনামৰ ফালে ইয়াৰ সংখ্যা প্ৰায় ৩৫-৩৭টা মান বুলি অনুমান কৰা হৈছিল।
ইষ্টাৰ্ণ ব্লেক ক্ৰেষ্টেড গিবন বা পূবৰ ক'লা জঁ-যুক্ত হলৌ বান্দৰ হৈছে বিশ্বৰ আটাইতকৈ বিৰল আৰু আটাইতকৈ গুৰুতৰভাৱে বিপন্ন প্ৰাইমেট বা বান্দৰ প্ৰজাতি। ইয়াৰ এই অৱস্থা ইয়াৰ বাসস্থান থকা বনাঞ্চল ধ্বংস, বেদখল, চোৰাং চিকাৰৰ ফলত হৈছে।
আণৱিক তথ্য, নোমৰ ৰং, আৰু যোগাযোগত ব্যৱহাৰ কৰা কণ্ঠস্বৰৰ পাৰ্থক্যৰ ওপৰত ভিত্তি কৰি ইষ্টাৰ্ণ ব্লেক ক্ৰেষ্টেড গিবন বা পূবৰ ক'লা জঁ-যুক্ত হলৌ বান্দৰক অন্যান্য ক্ৰেষ্টেড গিবনৰ পৰা পৃথক হিচাপে শ্ৰেণীৱদ্ধ কৰা হয়। পূৰ্বতে ইয়াক হাইনান ব্লেক ক্ৰেষ্টেড গিবন সৈতে বা ব্লেক ক্ৰিষ্টেড গিবণৰ উপ-প্ৰজাতি হিচাপে বিবেচনা কৰা হৈছিল। মাইট'কণ্ড্ৰিয়েল চাইট'ক্ৰ'ম বি জিনৰ ক্ৰমবিন্যাসৰ আগলৈকে হাইনান ব্লেক ক্ৰেষ্টেড গিবনক ইষ্টাৰ্ণ ব্লেক ক্ৰেষ্টেড গিবন বা পূবৰ ক'লা জঁ-যুক্ত হলৌ বান্দৰৰ এটা উপ-প্ৰজাতি নোমাস্কাছ নাছুটছ হাইনাছ বুলি ভবা হৈছিল। গৱেষকসকলে প্ৰস্তাৱ আগ বঢ়াইছে যে জিনীয় পৃথকীকৰণে ইয়াক এক সুকীয়া প্ৰজাতি বুলি দেখুৱাইছে।৫
নৃত্য
গৱেষকসকলৰ মতে মাইকী ইষ্টাৰ্ণ ব্লেক ক্ৰেষ্টেড গিবন বা পূবৰ ক'লা জঁ-যুক্ত হলৌ বান্দৰবোৰে ছন্দময় নৃত্য প্ৰদৰ্শন কৰা দেখা যায়।৬ এইবোৰক মাইকী ইষ্টাৰ্ণ ব্লেক ক্ৰেষ্টেড গিবন বা পূবৰ ক'লা জঁ-যুক্ত হলৌ বান্দৰবোৰৰ মাজৰ এক প্ৰকাৰৰ অ-আক্ৰমণাত্মক প্ৰতিযোগিতা বুলি কোৱা হৈছে। প্ৰজননকাৰী মতাটোৰ সৈতে দুৰ্বল সম্পৰ্ক থকা মাইকীবোৰে এই নৃত্য প্ৰদৰ্শনৰ কম্পাঙ্ক বৃদ্ধি কৰি ইহঁতৰ লগত সামাজিক আৰু যৌন সম্পৰ্ক বৃদ্ধি কৰে। গৱেষকসকলে এনে ছন্দময় প্ৰদৰ্শনে "মানৱ নৃত্য আৰু ভাষাৰ উৎপত্তিৰ বিষয়ে আমাৰ বোধগম্যতাক নতুন অন্তৰ্দৃষ্টি প্ৰদান কৰিব পাৰে" বুলি মত প্ৰকাশ কৰিছে।৬
তথ্যসূত্ৰ
- ↑ Geissmann; La, Quang Trung; Trinh, Dinh Hoang. (2003-01-01). Rarest ape rediscovered in Vietnam. Asian Primates
- ↑ La Quang Trung; Trinh Dinh Hoang. (2002). Report on survey of eastern black crested gibbon (Nomascus sp. cf. nasutus) in Trung Khanh District, Cao Bang Province.. Fauna & Flora International Indochina Programme.
- ↑ Rarest ape species rediscovered in Vietnam. www.gibbons.de
- ↑ Chan; Tan, X.F.; Tan, W.J. (2008). Rediscovery of the critically endangered eastern black-crested gibbon Nomascus nasutus (Hylobatidae) in China, with preliminary notes on population size, ecology and conservation status. Asian Primates Journal. পৃ. 17–25
- ↑ Roos; Thanh, V. N.; Walter, L. (2007). Molecular systematics of Indochinese primates. Vietnamese Journal of Primatology. পৃ. 41–53
- ↑ Fan; Ma, Chang-Yong; Garber, Paul A. (2016-09-30). Rhythmic displays of female gibbons offer insight into the origin of dance. Scientific Reports
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পূবৰ ক'লা জঁ-যুক্ত হলৌ বান্দৰ” প্ৰবন্ধৰ সংশোধন ৪৫৪৪৬৫ (১২ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।