
পুৰক্কালি কেৰালাৰ এক পৰম্পৰাগত ধৰ্মীয় লোকনৃত্য। দক্ষিণ ভাৰতৰ কেৰালা ৰাজ্যৰ উত্তৰ মালাবাৰ অঞ্চলত থকা দেৱী ভগৱতীৰ মন্দিৰসমূহত এই নৃত্য পৰিৱেশন কৰা হয়। ৯ দিনীয়া পূৰম উৎসৱৰ সময়ত কেৱল পুৰুষসকলেহে এই নৃত্য ভাগ প্ৰদৰ্শন কৰে।১ মালয়ালাম ভাষাত পুৰক্কালি শব্দৰ অৰ্থ উৎসৱৰ প্ৰদৰ্শন।
মালায়ালম বৰ্ষপঞ্জীৰ 'মীনম' মাহৰ কাৰ্তিক নক্ষত্ৰৰ পৰা এই পূৰম উৎসৱ আৰম্ভ হয় আৰু পূৰম নক্ষত্ৰত ইয়াৰ সামৰণি পৰে। প্ৰেমৰ দেৱতা কামদেৱৰ সন্মানৰ্থে এই উৎসৱ উদযাপন কৰা হয়।
এই নৃত্যত থিয়া, মণিয়ানী আৰু নাম্বিয়াৰ আদি বিভিন্ন সম্প্ৰদায়ৰ লোকে অংশগ্ৰহণ কৰে। পুৰক্কালি নৃত্যৰ মূল আধাৰ হৈছে স্বৰ্গ আৰু মৰ্ত্যৰ বাসিন্দা সকলে কৰা 'বসন্ত পূজা'ৰ পৌৰাণিক স্মৃতি। পুৰক্কালিয়ে মানুহক জ্ঞান দিয়াৰ লগতে মনোৰঞ্জনো যোগায়। ইয়াৰ সুমধুৰ গীত আৰু সুন্দৰ শাৰীৰিক ভংগীমাই দৰ্শকৰ মন মুহি ৰাখে। এই কলাবিধক জীয়াই ৰাখিবলৈ আৰু ইয়াৰ প্ৰসাৰ কৰাত 'পনিকৰ' উপাধিৰ গুৰুসকলৰ যথেষ্ট অৱদান আছে।২
পৌৰাণিক কাহিনী
পৌৰাণিক কাহিনী অনুসৰি, প্ৰেমৰ দেৱতা কামদেৱ দেৱী পাৰ্বতীৰ প্ৰতি শিৱক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰিছিল। ইয়াৰ ফলত খঙতে শিৱৰ তৃতীয় চকুৰ পৰা ওলোৱা জুইত কামদেৱ ভস্মীভূত হয়। কামদেৱৰ মৃত্যুৰ পিছত পৃথিৱী প্ৰেমহীন আৰু উকা হৈ পৰে। পৃথিৱীলৈ পুনৰ আনন্দ ঘূৰাই আনিবলৈ ভগৱান বিষ্ণুৱে স্বৰ্গৰ অপ্সৰা ৰম্ভাক ফুলৰ সহায়ত কামদেৱৰ এটা আকৃতি সাজিবলৈ কয়। লগতে তেওঁক গীত-নৃত্য কৰিবলৈ নিৰ্দেশ দিয়ে। পৰৱৰ্তী সময়ত মৰ্ত্যৰ নাৰীসকলেও কামদেৱৰ পুনৰ্জন্মৰ বাবে এই গীত-নৃত্যৰ পৰম্পৰা ধৰি ৰাখে। কালক্ৰমত এই উৎসৱৰ পৰিচালনাৰ দায়িত্ব পুৰুষসকলৰ হাতলৈ যায়। অৱশ্যে এতিয়াও ধৰ্মীয় নিয়মবোৰত কম বয়সীয়া ছোৱালীবোৰে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।৩
প্ৰদৰ্শন শৈলী
পুৰক্কালি নৃত্য পৰিৱেশনৰ বাবে যুৱকসকলে এক বিশেষ ধৰণৰ সিংহৰ সাজ পিন্ধে। তেওঁলোকে পোহৰাই থোৱা এটা ডাঙৰ পিতলৰ চাকি বা 'নীলাভিলাক্কু'ৰ চাৰিওফালে বৃত্তাকাৰে থিয় হয়। এই নৃত্যত পুৰুষসুলভ আৰু খেলুৱৈসুলভ সামৰিক কছৰতৰ খোজ ব্যৱহাৰ কৰা হয়। এই নৃত্যৰ সৈতে কোনো সুকীয়া গায়ক বা বাদ্যকৰ নাথাকে। তাৰ সলনি নৰ্তকসকলে নিজেই গান গাই, চাপৰি বজাই আৰু ভৰিৰে শব্দ কৰি তাল মিলায়। শিল্পীসকলে প্ৰদৰ্শনৰ এক মাহ আগৰে পৰা কঠোৰ ব্ৰত পালন কৰে আৰু কঠিন প্ৰশিক্ষণ লয়। নৃত্যৰ সময়ত গোৱা বেছিভাগ গীতেই ৰামায়ণ, মহাভাৰত বা পুৰাণৰ পৰা লোৱা হয়। দলটোৰ মূল নেতাজনক 'পনিকৰ' বুলি কোৱা হয়। তেওঁ প্ৰথমে গানৰ শাৰীবোৰ গায় আৰু বাকী নৰ্তকসকলে একেলগে সেইবোৰ দোহাৰে। নৃত্য আৰম্ভ কৰাৰ আগতে কিছুমান ধৰ্মীয় নিয়ম পালন কৰাটো বাধ্যতামূলক।৪
প্ৰকাৰভেদ
'মাৰাথুকলি' হৈছে পুৰক্কালিৰে এটা অন্যতম ভাগ। এই খেল বা প্ৰতিযোগিতাত দুটা দলে অংশ লয়। সাধাৰণ পুৰক্কালিত এনে কোনো প্ৰতিযোগিতামূলক ভাৱ নাথাকে। মাৰাথুকলি প্ৰদৰ্শনৰ সময়ত দুয়োটা দলৰ মাজত ডাঙৰ তৰ্ক-বিতৰ্কৰ সৃষ্টি হয়। শেষত বিদ্বান লোকসকলে আহি দুয়োটা দলকে বুজাই-বঢ়াই শান্ত কৰিবলগীয়া হয়।৩
বহিঃসংযোগ
তথ্যসূত্ৰ
- ↑ Poorakkali. কেৰালা চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ
- ↑ Poorakkali.. the unique art form of Payyanur..
- ↑ (2020-08-26). Poorakkali: Festival of North Kerala. sahapedia.org
- ↑ Poorakkali - A folk dance from North Malabar region. কেৰালা চৰকাৰৰ পৰ্যটন বিভাগ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পুৰক্কালি” প্ৰবন্ধৰ সংশোধন ৬২৭৩১৬ (১৫ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।