কেৰালাৰ নৃত্য
৪ প্ৰবন্ধ
-
ইৰুলা নৃত্যম
ইৰুলা নৃত্যম (Irula Nritham), যাক ইৰুলাৰ নৃত্যম বুলিও কোৱা হয়। এই নৃত্য দক্ষিণ ভাৰতৰ ইৰুলা জনগোষ্ঠীৰ এক পৰম্পৰাগত জনজাতীয় নৃত্য। এই নৃত্য বিশেষকৈ কেৰালাৰ পালাক্কাড জিলাৰ আট্টাপ্পাডি অঞ্চলত ইৰুলা সম্প্ৰদায়ৰ লোকসকলে পৰিৱেশন কৰে।
-
কুথিয়োট্টম
কুথিয়োট্টম দক্ষিণ ভাৰতৰ কেৰালা ৰাজ্যত প্ৰচলিত এক পৰম্পৰাগত ধৰ্মীয় লোককলা আৰু আধ্যাত্মিক নৃত্য শৈলী। এই ধৰ্মীয় অনুষ্ঠানটো মূলতঃ কেৰালাৰ বিভিন্ন দেৱী মন্দিৰত উদযাপিত বাৰ্ষিক পোংগল উৎসৱৰ এক অপৰিহাৰ্য অংগ হিচাপে পৰিৱেশন কৰা হয়।
-
কোলকালি
কোলকালি হৈছে দক্ষিণ ভাৰতৰ কেৰালা ৰাজ্যৰ উত্তৰ মালাবাৰ অঞ্চলত প্ৰচলিত এবিধ অত্যন্ত জনপ্ৰিয় পৰম্পৰাগত লোকনৃত্য আৰু ছন্দময় পৰিৱেশ্য কলা। এই নৃত্য শৈলীত নৰ্তকসকলে হাতত চুটি কাঠৰ লাঠী লৈ এটা বৃত্তাকাৰ পৰিৱেশত ঘূৰি ঘূৰি ইজনে সিজনৰ লাঠীত আঘাত কৰি এক সুকীয়া ছন্দময় পৰিৱেশৰ সৃষ্টি কৰে।
-
পুৰক্কালি
পুৰক্কালি কেৰালাৰ এক পৰম্পৰাগত ধৰ্মীয় লোকনৃত্য। দক্ষিণ ভাৰতৰ কেৰালা ৰাজ্যৰ উত্তৰ মালাবাৰ অঞ্চলত থকা দেৱী ভগৱতীৰ মন্দিৰসমূহত এই নৃত্য পৰিৱেশন কৰা হয়। ৯ দিনীয়া পূৰম উৎসৱৰ সময়ত কেৱল পুৰুষসকলেহে এই নৃত্য ভাগ প্ৰদৰ্শন কৰে। মালয়ালাম ভাষাত পুৰক্কালি শব্দৰ অৰ্থ উৎসৱৰ প্ৰদৰ্শন।