পাৰ্ছা ৰাষ্ট্ৰীয় উদ্যান (Parsa National Park) হৈছে দক্ষিণ-মধ্য নেপালৰ তেৰাই অঞ্চলত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান। এই ৰাষ্ট্ৰীয় উদ্যানখনে পাৰ্ছা, মকৱানপুৰ আৰু বাৰা জিলাৰ ৬২৭.৩৯ বৰ্গকিলোমিটাৰ (২৪২.২৪ বৰ্গ মাইল) এলেকা আৱৰি আছে। ই শিৱালিক পাহাৰত ৪৩৫-ৰ পৰা ৯৫০ মিটাৰ (১,৪২৭ - ৩,১১৭ ফুট ) উচ্চতাৰে বিস্তৃত। ১৯৮৪ চনত ইয়াক বন্যপ্ৰাণী সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল আৰু ২০১৭ চনত ইয়াক ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা দিয়া হৈছিল। ২০০৫ চনৰ পৰা ইয়াক এক বাফাৰ জ'নে আগুৰি আছে। এই বাফাৰ জ'ন ২৮৫.৩ বৰ্গকিলোমিটাৰ (১১০.২ বৰ্গ মাইল)ৰ।১ ২০১৫ চনত সংৰক্ষিত এলেকাটোৰ মাটিকালি আৰু ৪৯ বৰ্গ মাইল (১২৮ বৰ্গ কিলোমিটাৰ) বৃদ্ধি কৰা হৈছিল।২
পাৰ্ছা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰে পূব ৰপ্তি নদী আৰু শিৱালিক পাহাৰৰ প্ৰাকৃতিক সীমাৰ পৰা মানৱ বসতিৰ এক অঞ্চল সামৰি লৈছে। পূব দিশত ইয়াৰ সীমা হেটাউদা-বিৰগঞ্জ ঘাইপথলৈকে বিস্তৃত, দক্ষিণত এটা বন পথে উদ্যানখনৰ সীমা নিৰ্ধাৰণ কৰিছে। পশ্চিম দিশত আছে চিতৱান ৰাষ্ট্ৰীয় উদ্যান, যিখন ভাৰতৰ বাঘ্ৰ সংৰক্ষিত বনাঞ্চল বাল্মীকি ৰাষ্ট্ৰীয় উদ্যানৰ ঠিক উত্তৰ দিশত অৱস্থিত। এইদৰে ২,০৭৫ বৰ্গ কিলোমিটাৰ (৮০১ বৰ্গ মাইল) অঞ্চলৰ এই আন্তঃৰাষ্ট্ৰীয় সংৰক্ষিত এলেকাটোৱে বাঘ্ৰ সংৰক্ষণ গোট (টিচিইউ) - চিটৱান-পাৰ্ছা-বাল্মীকিক প্ৰতিনিধিত্ব কৰে, যিটোৱে তেৰাই-ডুৱাৰ চাভানা আৰু ঘাঁহনি অঞ্চলৰ মুঠ ৩,৫৪৯ বৰ্গ কিলোমিটাৰ (১,৩৭০ বৰ্গ মাইল) আৱৰি আছে।৩
সংৰক্ষিত অঞ্চললৈ ৰূপান্তৰিত হোৱাৰ পূৰ্বে এই অঞ্চলটো অভিজাত ইংৰাজ আৰু নেপালী উভয়ৰ চিকাৰৰ বাবে এক ব্যক্তিগত সংৰক্ষিত আৰু চিকাৰ উদ্যান আছিল।১৪
গছ-গছনি
উদ্যানখনৰ সাধাৰণ গছ-গছনিৰ ভিতৰত আছে শাল বনাঞ্চল, যিয়ে বনাঞ্চলখনৰ প্ৰায় ৯০% এলেকা সামৰি আছে। চুৰিয়া পাহাৰখন পাইন গছৰে আৱৰা, জলধাৰাৰ কাষত চিছু আৰু কপাহ গছ পোৱা যায়। চুৰিয়া পাহাৰৰ দক্ষিণৰ ফালে চাবাই ঘাঁহৰ সুন্দৰ শ্ৰীবৃদ্ধি দেখিবলৈ পোৱা যায়। আনুমানিক ৯১৯বিধ ফুলৰ প্ৰজাতি এই উদ্যানৰ পৰা লিপিৱদ্ধ কৰা হৈছে। ইয়াৰ ভিতৰত আছে ২৯৮বিধ ভাস্কুলাৰ উদ্ভিদ, ২৩৪বিধ ডাইকোট, ৫৮বিধ মনোকোট, পাঁচবিধ টেৰিডোফাইট, আৰু এবিধ জিমনোস্পাৰ্ম৷১
জীৱ-জন্তু
২০০৮ চনৰ মে' মাহত অনুষ্ঠিত এক গণনাত ৩৭টা গৌড়ৰ উপস্থিতি নিশ্চিত কৰা হৈছিল।৫ ২০০৮ চনত পাৰ্ছা ৰাষ্ট্ৰীয় উদ্যানত চাৰিটা প্ৰাপ্তবয়স্ক ঢেকীয়াপতীয়া বাঘ থকা বুলি অনুমান কৰা হৈছিল।৬ ২০১৭ চনৰ ফেব্ৰুৱাৰী মাহত তিনি মাহ ধৰি কৰা কেমেৰা ট্ৰেপিং জৰীপত ১৯টা ঢেকীয়াপতীয়া বাঘৰ উপস্থিতি ধৰা পৰিছে, ই ঢেকীয়াপতীয়া বাঘৰ সংখ্যা যথেষ্ট বৃদ্ধিৰ ইংগিত দিয়ে।৭ ২০১৫ চনলৈকে ৰাষ্ট্ৰীয় উদ্যানখনত তিনিটা ভাৰতীয় গঁড় নথিভুক্ত কৰা হৈছে।৮
উপস্থিত সৰীসৃপসমূহৰ ভিতৰত আছে মগৰ ঘঁৰিয়াল, কিং কোব্ৰা, মনোক্লেড কোব্ৰা, ৰাছেলছ ভাইপাৰ, দীঘল কাছ, ভাৰতীয় চফ্টশ্বেল কাছ, ভাৰতীয় ক'লা কাছ, ভাৰতীয় ফ্লাপশ্বেল কাছ, অৰিয়েণ্টেল গাৰ্ডেন লিজাৰ্ড আৰু অৰিয়েণ্টেল ৰেট স্নেক।৯
বাহ্যিক সংযোগসমূহ
- BirdLife International. Important Bird Areas factsheet: Parsa Wildlife Reserve
- ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী সংৰক্ষণ বিভাগঃ পাৰ্ছা ৰাষ্ট্ৰিয় উদ্যানপাৰ্ছা ৰাষ্ট্ৰীয় উদ্যান
- আই. চি. আই. এম. অ ". ডি.-ৰ সংৰক্ষণ পৰ্টেলঃ পাৰছা বন্যপ্ৰাণী সংৰক্ষিত বনাঞ্চল তথ্য
তথ্যসূত্ৰ
- ↑ Bhuju, U. R.; Shakya, P. R.; Basnet, T. B.; Shrestha, S. (2007). Nepal Biodiversity Resource Book. Protected Areas, Ramsar Sites, and World Heritage Sites. ISBN 978-92-9115-033-5
- ↑ Anonymous. 2015. Good news for tigers as Nepal extends Parsa Wildlife . Wildlife Extra, 9 September 2015
- ↑ Wikramanayake, E.D., Dinerstein, E., Robinson, J.G., Karanth, K.U., Rabinowitz, A., Olson, D., Mathew, T., Hedao, P., Connor, M., Hemley, G., Bolze, D. (1999). Where can tigers live in the future? A framework for identifying high-priority areas for the conservation of tigers in the wild. In: Seidensticker, J., Christie, S., Jackson, P. (eds.) Riding the Tiger. Tiger Conservation in human-dominated landscapes. Cambridge University Press, Cambridge. hardback, paperback . Pages 255–272 Archived copy
- ↑ Majupuria, T.C., Kumar, R. (1998) Wildlife, National Parks and Reserves of Nepal. S. Devi, Saharanpur and Tecpress Books, Bangkok. . Pages 245–248
- ↑ WWF Nepal. (2008). Gaur count in Parsa Wildlife Reserve. EcoCircular Newsletter
- ↑ Global Tiger Initiative. (2010). National Tiger Recovery Program: T x 2 by 2022 Nepal, Draft
- ↑ (2017). The tiger population in Nepal's Parsa National Park is recovering rapidly
- ↑ (2015). Nepal achieves 21% increase in rhino numbers. WWF Nepal
- ↑ Bhattarai, S.; Pokheral, C.P.; Lamichhane, B.R. (2018). [https://amphibian-reptile-conservation.org/pdfs/Volume/Vol_12_no_1/ARC_12_1_[General_Section]_35-48_e155_low_res.pdf Amphibians and reptiles of Parsa National Park, Nepal]. Amphibian & Reptile Conservation. পৃ. 35–48
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাৰ্ছা ৰাষ্ট্ৰীয় উদ্যান” প্ৰবন্ধৰ সংশোধন ৪৪৯৮৯৭ (৩০ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।