পাৰুকুট্টি নেথিয়াৰ আম্মা (Parukutty Nethyar Amma)(৫ জুলাই ১৮৭৫ – ২৫ ফেব্ৰুৱাৰী ১৯৬৩)১ আছিল কোচি ৰাজ্যৰ শাসক মহাৰাজ ষোড়শ ৰাম বৰ্মাৰ পত্নী। তেওঁক সাধাৰণতে মাদ্ৰাছিল থীপেট্টা থাম্পুৰান নামেৰে জনা গৈছিল। ষোড়শ ৰাম বৰ্মাই ১৯১৪ চনৰপৰা ১৯৩২ চনলৈ কোচিন ৰাজ্য শাসন কৰিছিল। পাৰুকুট্টি নেথিয়াৰ আম্মা কোচিনৰ লেডী ৰাম বৰ্মা নামেৰেও পৰিচিত আছিল।২
নেথিয়াৰ আম্মা কুৰুৰ নাম্বূদিৰিপাদৰ কন্যা আছিল। তেওঁ পালাক্কাডৰ ৰজাসকলক পৰম্পৰাগতভাৱে অভিষেক কৰোৱাৰ অধিকাৰ থকা এটা পৰিয়ালৰ সদস্য আছিল। তেওঁৰ মাতৃ থ্ৰিচূৰৰ অভিজাত ভাদাক্কে কুৰুপ্পাথ মেনন পৰিয়ালৰ পাদিঞ্জাৰে শ্ৰাম্ভি শাখাৰ আছিল।৩১৮৮৮ চনত, মাত্ৰ ১৪ বছৰ বয়সতে তেওঁ সেই সময়ত সিংহাসনৰ উত্তৰাধিকাৰৰ ক্ষেত্ৰত চতুৰ্থ স্থানত থকা মহাৰাজৰ সৈতে বিবাহপাশত আবদ্ধ হয়। কোৱা হয় যে চোট্টানিক্কাৰা মন্দিৰৰ দেৱীৰপৰা তেওঁ বিশেষ আশীৰ্বাদ লাভ কৰিছিল। ভাগ্যৰ পৰিহাসত তেওঁৰ স্বামীয়ে পূৰ্বৱৰ্তী শাসক পঞ্চদশ ৰাম বৰ্মাৰ সিংহাসন ত্যাগৰ ফলত কোচিনৰ সিংহাসনত আৰোহণ কৰে। মহাৰাজ এগৰাকী পণ্ডিত আছিল আৰু সাপৰ কামোৰৰ চিকিৎসা তথা গাৱলি শাস্ত্ৰ নামেৰে পৰিচিত জেঠিৰ ভাষা বুজাৰ দৰে বিভিন্ন বিষয়তো তেওঁৰ আগ্ৰহ আছিল। সেয়েহে ৰাজ্যৰ আৰ্থিক ব্যৱস্থাপনাৰ দায়িত্ব নেথিয়াৰ আম্মাই গ্ৰহণ কৰে। তেওঁৰ নেতৃত্বত চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা চাৰিগুণলৈ বৃদ্ধি পায় আৰু ৰাজ্যৰ ৰাজহ বৃদ্ধি পোৱাত তেওঁ ১৭টা বন্দুকৰ অভিবাদন লাভ কৰে। জনকল্যাণমূলক কামৰ বাবে ১৯১৯ চনত ব্ৰিটিছ ৰজা পঞ্চম জৰ্জে পাৰুকুট্টি নেথিয়াৰ আম্মাক কাইজাৰ-ই-হিন্দ পদক প্ৰদান কৰে। ইয়াৰ পিছত তেওঁ কোচিনৰ লেডী ৰাম বৰ্মা নামেৰে পৰিচিত হৈ পৰে। ৪৫
নেথিয়াৰ আম্মা কেৱল এগৰাকী দক্ষ প্ৰশাসকেই নাছিল, তেওঁ এগৰাকী জাতীয়তাবাদীও আছিল। ব্ৰিটিছসকলৰ দৃষ্টিত এগৰাকী আদৰ্শ ৰাজহুৱা ব্যক্তিত্ব হিচাপে পৰিচিত হোৱাৰপৰা পিছলৈ মোহনদাস কৰমচান্দ গান্ধী আৰু ভাৰতীয় জাতীয়তাবাদীসকলৰ সৈতে তেওঁৰ সম্পৰ্কৰ বাবে তেওঁ ঔপনিৱেশিক চৰকাৰৰ অসন্তুষ্টিৰ কাৰণ হৈ পৰে। এটা ব্ৰিটিছ চোৰাংচোৱা প্ৰতিৱেদনত উল্লেখ কৰা হৈছিল যে “হিল পেলেচ জাতীয়তাবাদী কাৰ্যকলাপৰ কেন্দ্ৰ হৈ পৰিছে আৰু খাদী বোৱাৰ ক্ষেত্ৰত সহায় কৰিবলৈ যঁতৰত সূতা কটা প্ৰৱৰ্তন কৰা হৈছে।” এই তথ্য ভাৰতৰ ৰাষ্ট্ৰীয় আৰ্কাইভত সংৰক্ষিত Fortnightly Intelligence Reports ত পোৱা যায়। কোচি ৰাজ্যৰ ইতিহাসৰ আন এটা তুলনামূলকভাৱে কম পৰিচিত ঘটনা আছিল মহাৰাজক সিংহাসন ত্যাগ কৰিবলৈ বাধ্য কৰাৰ বাবে ব্ৰিটিছ চৰকাৰ আৰু ভাইচৰয়ে কৰা প্ৰচেষ্টা। মহাৰাজক মানসিকভাৱে অসুস্থ বুলি প্ৰমাণ কৰাৰ চেষ্টা কৰা হৈছিল। এই উদ্দেশ্যে লণ্ডনৰপৰা এজন চিকিৎসককো অনা হৈছিল। কিন্তু চিকিৎসকজনে মত প্ৰকাশ কৰিছিল যে মহাৰাজ কেৱল এগৰাকী বৃদ্ধ ব্যক্তি, যি সোনকালে ভাগৰি পৰে। মহাৰাজক সিংহাসন ত্যাগ কৰোৱাৰ এই প্ৰচেষ্টাৰ সৈতে নেথিয়াৰ আম্মাৰ ক্ৰমবৰ্ধমান ৰাজনৈতিক প্ৰভাৱৰ সম্পৰ্ক আছিল। বিশেষকৈ জাতীয়তাবাদী মহলত তেওঁৰ প্ৰভাৱ ক্ৰমে বৃদ্ধি পোৱাটোৱে ব্ৰিটিছ চৰকাৰক উদ্বিগ্ন কৰি তুলিছিল। ২
কোচিত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নেতৃত্বত আছিল কুৰুৰ নীলকান্তন নাম্বূদিৰিপাদ, যি নেথিয়াৰ আম্মাৰ সম্পৰ্কীয় ভাই আছিল। গান্ধীৰ চিঠি-পত্ৰসমূহ সন্নিৱিষ্ট কলেকটেড ৱৰ্কছ (Collected Works)ত মহাৰাজৰ কন্যা ভি. কে. বিলাসিনী আম্মা আৰু মোহনদাস কৰমচান্দ গান্ধীৰ মাজৰ চিঠি-পত্ৰৰ উল্লেখ আছে। আন এগৰাকী কন্যা ভি. কে. ৰত্নম্মাৰ বিবাহ হৈছিল আৰ. এম. পালাটৰ সৈতে।২ আৰ. এম. পালাট এগৰাকী ৰাজনীতিবিদ আছিল আৰু তেওঁ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা প্ৰখ্যাত জাতীয়তাবাদী ছাৰ চি. শংকৰন নায়াৰৰ পুত্ৰ আছিল। মহাৰাজৰ জ্যেষ্ঠ পুত্ৰ ভি. কে. ৰমন মেননে অক্সফৰ্ডত অধ্যয়ন কৰিছিল। তেওঁৰ বিবাহ তিৰুত্থিপল্লী পায়াথিল মাধৱীৰ সৈতে হৈছিল আৰু তেওঁলোকৰ এজন পুত্ৰ আছিল ভি. কে. টি. ৰমন মেনন। মহাৰাজৰ দ্বিতীয় পুত্ৰ ভি. কে. অৰবিন্দাক্ষ মেননৰ বিবাহ হৈছিল মালতীৰ সৈতে। মালতী আছিল ত্ৰিচুৰৰ এগৰাকী বিশিষ্ট ঠিকাদাৰ ভি. কে. নাৰায়ণ মেননৰ কন্যা। তেওঁৰ “পাণ্ডিয়ালা” নামৰ ঘৰত জৱাহৰলাল নেহৰু, কমলা নেহেৰু আৰু ইন্দিৰা গান্ধীয়ে শ্ৰীলংকালৈ যোৱাৰ পথত বিশ্ৰাম লৈছিল। মোহনদাস কৰমচান্দ গান্ধীয়ে যেতিয়া কোচি ভ্ৰমণ কৰিছিল, তেতিয়া তেওঁক ৰাজ্যিক অতিথি হিচাপে আদৰণি জনোৱা হৈছিল। নেথিয়াৰ আম্মাৰ পুত্ৰ অৰবিন্দাক্ষ মেননক ব্যক্তিগতভাৱে গান্ধীৰ সৈতে থাকি তেওঁক সংগ দিবলৈ দায়িত্ব দিয়া হৈছিল। অতি সোনকালেই পাৰুকুট্টি নেথিয়াৰ আম্মা বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয়। এই ঘটনাই ভাৰতত ব্ৰিটিছ স্বাৰ্থৰ বাবে এক গুৰুত্বপূৰ্ণ বাধাৰ সৃষ্টি কৰিছিল।২
মহাৰাজৰ মৃত্যুৰ পাছত নেথিয়াৰ আম্মাই প্ৰথমে নিজৰ জন্মস্থান ত্ৰিচুৰত, পৈতৃক ঘৰ পদিঞ্জাৰে শ্ৰাম্বিৰ ওচৰত নিজে নিৰ্মাণ কৰা ৰাজপ্ৰাসাদত অৱসৰ জীৱন কটাবলৈ লয়। তেওঁৰ জ্যেষ্ঠ কন্যা ৰত্নমৰ নামেৰে এই ঘৰটোৰ নাম ৰত্না বিলাস ৰখা হৈছিল। ইয়াৰ পিছত নেথিয়াৰ আম্মাই বিদেশত এক দীঘলীয়া ভ্ৰমণলৈ যায়। এই ভ্ৰমণত তেওঁ নিজৰ নাতি শংকৰন পালাটকো লগত লৈ যায়। শংকৰনক ছুইজাৰলেণ্ডৰ লে ৰোজে (Le Rosey) বিদ্যালয়ত নামভৰ্তি কৰোৱা হয় আৰু পিছত ইংলেণ্ডৰ চাৰ্টাৰহাউছ বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰে। বিদেশ ভ্ৰমণৰ পিছত নেথিয়াৰ আম্মা ভাৰতলৈ উভতি আহে আৰু ত্ৰিচুৰ আৰু কুনুৰৰ মাজত সময় কটাবলৈ ধৰে। কুনুৰত তেওঁ দুখন চাহবাগিছা আৰু এটা চাহ কাৰখানা ক্ৰয় কৰিছিল। ৬
বাহ্যিক সংযোগ
- Chinmaya Archives
archives.chinmayamission.com Parukutty Amma | Chinmaya Archives
তথ্যসূত্ৰ
- ↑ Raghu Palat & Pushpa Palat. (2022). Destiny's Child: The undefeatable reign of Cochin's Parukutty Neithyaramma. Penguin Random House India Pvt Ltd. ISBN 9780670096305
- ↑ (2007). Cochin Royal Family History – Post-1715
- ↑ (2020-04-15). Kuruppath · History
- ↑ Archives, The National. The Discovery Service. discovery.nationalarchives.gov.uk
- ↑ Parukutty Nethyar Amma Vadakke Kurupath. geni.com
- ↑ S, Priyadershini. (7 February 2019). A century in service. The Hindu
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাৰুকুট্টি নেথিয়াৰ আম্মা” প্ৰবন্ধৰ সংশোধন ৬২৭৩১৫ (১৫ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।