বিহাৰৰ সংগ্ৰহালয়
৭ প্ৰবন্ধ
-
বিহাৰ সংগ্ৰহালয়
বিহাৰ সংগ্ৰহালয় (Bihar Museum) পাটনাত অৱস্থিত এটা ৰাজ্যিক সংগ্ৰহালয়।}} ২০১৫ চনৰ আগষ্ট মাহত ইয়াক আংশিকভাৱে মুকলি কৰা হয়। 'শিশুৰ সংগ্ৰহালয়', মূল প্ৰৱেশদ্বাৰ আৰু এটা অৰিয়েণ্টেচন থিয়েটাৰ ২০১৫ চনৰ আগষ্ট মাহত জনসাধাৰণৰ বাবে মুকলি কৰা একমাত্ৰ অংশ আছিল।
-
গান্ধী সংগ্ৰহালয়, পাটনা
গান্ধী স্মাৰক সংগ্ৰহালয় (Gandhi Smarak Sangrahalaya) মহাত্মা গান্ধীৰ জীৱন আৰু নীতি, আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সময়ত বিহাৰত তেওঁৰ ভূমিকা প্ৰদৰ্শন কৰা এক সংগ্ৰহালয় আৰু সাৰ্বজনিক সেৱা প্ৰতিষ্ঠান। ই দেশৰ এঘাৰটা গান্ধী সংগ্ৰহালয়ৰ অন্যতম।
-
চন্দ্ৰধাৰী সংগ্ৰহালয়
চন্দ্ৰধাৰী সংগ্ৰহালয় ( Chandradhari Museum ) ১৯৫৭ চনত ৰাজ্য চৰকাৰে স্থাপন কৰে। বিহাৰৰ দাৰভংগাত অৱস্থিত সংগ্ৰহালয়টো ১৯৭৪ চনত বৰ্তমানৰ দুমহলীয়া ভৱনলৈ স্থানান্তৰ কৰা হয়।
-
জালান সংগ্ৰহালয়, পাটনা
জালান সংগ্ৰহালয় (বাকিল্লা হাউচ; Jalan Museum) বিহাৰৰ পাটনাত অৱস্থিত এটা ব্যক্তিগত সংগ্ৰহালয়। বিহাৰ ৰাজ্যৰ একমাত্ৰ দুটা ব্যক্তিগত সংগ্ৰহালয়ৰ ভিতৰত ই অন্যতম।
-
পাটনা সংগ্ৰহালয়
পাটনা সংগ্ৰহালয় (Patna Museum) ভাৰতৰ বিহাৰ ৰাজ্যৰ এটা ৰাজ্যিক সংগ্ৰহালয়। ১৯১৭ চনৰ ৩ এপ্ৰিলত ব্ৰিটিছ ৰাজৰ সময়ত পাটনাৰ আশে-পাশে পোৱা ঐতিহাসিক সামগ্ৰীসমূহ ৰখাৰ বাবে এই সংগ্ৰহালয় প্ৰতিষ্ঠা কৰা হৈছিল।
-
বুদ্ধ সম্যক দৰ্শন সংগ্ৰহালয় আৰু স্মৃতি স্তুপ
বুদ্ধ সম্যক দৰ্শন সংগ্ৰহালয় আৰু স্মৃতি স্তুপ ( Buddha Samyak Darshan Museum and Memorial Stupa ) বৈশালীৰ পুৰাতাত্ত্বিক খননত আৱিষ্কাৰ হোৱা বুদ্ধৰ ধ্বংসাৱশেষ ৰখাৰ বাবে এটা প্ৰস্তাৱিত সংগ্ৰহালয় আৰু স্তুপ।
-
ভাৰতীয় নৃত্য কলা মন্দিৰ
ভাৰতীয় নৃত্য কলা মন্দিৰ (Bharatiya Nritya Kala Mandir) বিহাৰৰ ৰাজধানী পাটনাত অৱস্থিত কলা আৰু শিল্প সংগ্ৰহালয় আৰু বহুমুখী সাংস্কৃতিক কেন্দ্ৰ।