অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

জালান সংগ্ৰহালয়, পাটনা

জালান সংগ্ৰহালয় (বাকিল্লা হাউচ; Jalan Museum) বিহাৰৰ পাটনাত অৱস্থিত এটা ব্যক্তিগত সংগ্ৰহালয়। বিহাৰ ৰাজ্যৰ একমাত্ৰ দুটা ব্যক্তিগত সংগ্ৰহালয়ৰ ভিতৰত ই অন্যতম।

হালনাগাদ: ২২ অক্টোবৰ ২০২৫ ১৫৮ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

জালান সংগ্ৰহালয় (বাকিল্লা হাউচ; Jalan Museum) বিহাৰৰ পাটনাত অৱস্থিত এটা ব্যক্তিগত সংগ্ৰহালয়। বিহাৰ ৰাজ্যৰ একমাত্ৰ দুটা ব্যক্তিগত সংগ্ৰহালয়ৰ ভিতৰত ই অন্যতম।১২

অৱলোকন

উত্তৰ ভাৰতৰ বিহাৰ ৰাজ্যৰ পুৰণি চহৰ পাটনাৰ গংগা নদীৰ পাৰত থকা এটা ব্যক্তিগত আৱাসিক ঘৰ কিল্লা হাউচ। ১৯১৯ চনত নিৰ্মিত এই ঘৰটো কলাকৃতি আৰু প্ৰাচীন সামগ্ৰীৰ সংগ্ৰহৰ বাবে জনাজাত; আৰু এইটো আছিল ব্যৱসায়ী আৰু শিল্প সংগ্ৰাহক দিৱান বাহাদুৰ ৰাধাকৃষ্ণ জালানৰ (১৮৮২–১৯৫৪) ব্যক্তিগত কৃতিত্ব।৩ এই ভৱনটো ইংৰাজী আৰু ডাচ্চ শৈলীৰে নিৰ্মিত আৰু স্থানীয়ভাৱে ইয়াক কিল্লা হাউচ বুলি জনা যায়।৪

ইয়াত পাথৰ, ধাতু, টেৰাকোটা, হাতীদাঁত, কাঁচ, চীনামাটি আদিৰ প্ৰায় ১০,০০০ টা বস্তুৰ সংগ্ৰহ আছে আৰু বেছিভাগেই আধুনিক যুগৰ সৈতে সম্পৰ্কিত। কলাত্মক সামগ্ৰীবোৰৰ ভিতৰত বহুতো ইউৰোপীয় আৰু কেইটামান এছিয় দেশৰ।৫

অট্টালিকাটোৰ এটা অংশ জালান পৰিয়ালৰ ব্যক্তিগত আৱাসিক অঞ্চল হৈয়েই আছে। সংগ্ৰহালয়টো পুৱা ৯-১১ বজালৈ, সোমবাৰৰ পৰা শনিবাৰলৈ ৯টাৰ পৰা ১১টালৈ আৰু দেওবাৰে পুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজালৈ খোলা থাকে যদিও ভ্ৰমণৰ ৪৮ ঘণ্টা আগত, আগতীয়া নিযুক্তি লোৱাৰ প্ৰয়োজন হয়।৬

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Museums run by the Private Individuals. Directorate of Museum, Govt. of Birhar. পৃ. 5
  2. ↑ Pranava K Chaudhary. (2011-09-20). Quake damages Jalan Museum. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  3. ↑ (1985-01-01). Bihar, past & present: souvenir, 13th Annual Congress of Epigraphical .. – P. N. Ojha, Kashi Prasad Jayaswal Research Institute — Google Books
  4. ↑ Opening hours. Qila House (Jalan Museum). Lonely Planet
  5. ↑ Jalan Museum. Patna4u.com
  6. ↑ Contact Quila House. Quila House

সম্পৰ্কিত শ্ৰেণী

বিহাৰৰ সংগ্ৰহালয়ভাৰতভিত্তিক সাংস্কৃতিক সংগঠনভাৰতৰ পুৰাতাত্বিক সংগ্ৰহালয়ভাৰতৰ কলা সংগ্ৰহালয় আৰু গেলাৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জালান সংগ্ৰহালয়, পাটনা” প্ৰবন্ধৰ সংশোধন ৫৪৪৮৭১ (২২ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।