ভাৰতৰ কলা সংগ্ৰহালয় আৰু গেলাৰী
১১ প্ৰবন্ধ
-
একাডেমী অফ ফাইন আৰ্টচ
একাডেমী অফ ফাইন আৰ্টচ ( Academy of Fine Arts ) কলকাতা (পূৰ্বৰ কলিকতা)ৰ পুৰণি ললিত কলা একাডেমীবোৰৰ অন্যতম। একাডেমীৰ গেলেৰীসমূহে ৬,৩০০ বৰ্গফুটৰ বিশাল ঠাই আগুৰি আছে আৰু ইয়াত এটা প্ৰেক্ষাগৃহ, এটা সন্মিলন কেন্দ্ৰ আৰু কেইবাটাও গুৰুত্বপূৰ্ণ আৰু অমূল্য চিত্ৰকলা, বস্ত্ৰশিল্প আদিৰ সংগ্ৰহ আছে।
-
এলবাৰ্ট হল সংগ্ৰহালয়
এলবাৰ্ট হল সংগ্ৰহালয় ৰাজস্থানৰ আটাইতকৈ পুৰণি সংগ্ৰহালয় আৰু এইটো ৰাজস্থানৰ ৰাজ্যিক সংগ্ৰহালয়। নিউ গেটৰ বিপৰীতে জয়পুৰৰ চিটি ৱালৰ বাহিৰত ৰাম নিবাস বাগিচাত অৱস্থিত এই ভৱনটো ভাৰত-ছাৰাচেনিক স্থাপত্যৰ এক সুন্দৰ উদাহৰণ। ইয়াক চৰকাৰী কেন্দ্ৰীয় সংগ্ৰহালয় বুলিও কোৱা হয়।
-
কালিদাস ৰংগালয়
কালিদাস ৰংগালয় ( Kalidas Rangalaya ) বিহাৰৰ অন্যতম সুপৰিচিত থিয়েটাৰ আৰু ৰাজ্যখনৰ ৰাজধানী পাটনাৰ এটা সাংস্কৃতিক পৰিবেশন কেন্দ্ৰ। ই গান্ধী মৈদানৰ দক্ষিণ-পূব কোণত অৱস্থিত। বিহাৰ আৰ্ট থিয়েটাৰে ৰংগালয় পৰিচালনা কৰে, যি আন্তৰ্জাতিক নাট্য প্ৰতিষ্ঠান, ইউনেস্কো, পেৰিছৰ এটা আঞ্চলিক কেন্দ্ৰ।
-
ভিক্টোৰিয়া মেম’ৰিয়েল, কলকাতা
ভিক্টোৰিয়া মেম’ৰিয়েল (The Victoria Memorial) মধ্য কলকাতাৰ মৈদানত অৱস্থিত মাৰ্বলৰ এটা বৃহৎ কীৰ্তিচিহ্ন, যাৰ প্ৰৱেশদ্বাৰ কুইনছ ৱে’ত আছে। ব্ৰিটিছ ৰাজৰ দ্বাৰা ইয়াক ১৯০৬ চনৰ পৰা ১৯২১ চনৰ ভিতৰত নিৰ্মাণ কৰা হৈছিল।
-
ৰাষ্ট্ৰীয় গান্ধী সংগ্ৰহালয়
ৰাষ্ট্ৰীয় গান্ধী সংগ্ৰহালয় বা গান্ধী স্মাৰক সংগ্ৰহালয় ( National Gandhi Museum) ভাৰতৰ নতুন দিল্লীত অৱস্থিত এটা সংগ্ৰহালয়, যিয়ে মহাত্মা গান্ধীৰ জীৱন আৰু সিদ্ধান্তক প্ৰদৰ্শন কৰে। ১৯৪৮ চনত গান্ধীৰ হত্যাৰ পিছতে প্ৰথমবাৰৰ বাবে মুম্বাইত মুকলি কৰা হয়।
-
কলকাতা মিউজিয়াম অফ মডাৰ্ণ আৰ্ট
কলকাতা মিউজিয়াম অফ মডাৰ্ণ আৰ্ট (Kolkata Museum of Modern Art; সংক্ষিপ্ত ৰূপ:KMOMA) হৈছে কলকাতাৰ নিউ টাউনত নিৰ্মাণ হ'বলগীয়া এটা প্ৰস্তাৱিত চিত্ৰকলা সংগ্ৰহালয়।
-
কিৰণ নাদৰ কলা সংগ্ৰহালয়
কিৰণ নাদৰ কলা সংগ্ৰহালয় (Kiran Nadar Museum of Art (KNMA)) কিৰণ নাদৰ কলা সংগ্ৰহালয় নতুন দিল্লী আৰু নয়ডাত অৱস্থিত এটা ব্যক্তিগত আধুনিক আৰু সমকালীন কলা সংগ্ৰহালয়। ২০১০ চনত স্থাপিত এইটো ভাৰতৰ প্ৰথম আধুনিক আৰু সমসাময়িক শিল্পকলাৰ প্ৰতি সমৰ্পিত ব্যক্তিগত সংগ্ৰহালয়।
-
জালান সংগ্ৰহালয়, পাটনা
জালান সংগ্ৰহালয় (বাকিল্লা হাউচ; Jalan Museum) বিহাৰৰ পাটনাত অৱস্থিত এটা ব্যক্তিগত সংগ্ৰহালয়। বিহাৰ ৰাজ্যৰ একমাত্ৰ দুটা ব্যক্তিগত সংগ্ৰহালয়ৰ ভিতৰত ই অন্যতম।
-
পাটনা সংগ্ৰহালয়
পাটনা সংগ্ৰহালয় (Patna Museum) ভাৰতৰ বিহাৰ ৰাজ্যৰ এটা ৰাজ্যিক সংগ্ৰহালয়। ১৯১৭ চনৰ ৩ এপ্ৰিলত ব্ৰিটিছ ৰাজৰ সময়ত পাটনাৰ আশে-পাশে পোৱা ঐতিহাসিক সামগ্ৰীসমূহ ৰখাৰ বাবে এই সংগ্ৰহালয় প্ৰতিষ্ঠা কৰা হৈছিল।
-
ভাৰতীয় নৃত্য কলা মন্দিৰ
ভাৰতীয় নৃত্য কলা মন্দিৰ (Bharatiya Nritya Kala Mandir) বিহাৰৰ ৰাজধানী পাটনাত অৱস্থিত কলা আৰু শিল্প সংগ্ৰহালয় আৰু বহুমুখী সাংস্কৃতিক কেন্দ্ৰ।
-
যামিনী ৰায় সংগ্ৰহালয়
যামিনী ৰায় সংগ্ৰহালয় ( The Jamini Roy Museum) শিল্পী যামিনী ৰায়ৰ পূৰ্বৰ বাসগৃহত অৱস্থিত এটা পৰিকল্পিত সংগ্ৰহালয়। ২০২৩ চনৰ আৰম্ভণিতে DAG-এ (পূৰ্বতে দিল্লী আৰ্ট গেলেৰী) ৰায়ৰ কলকাতাৰ বালিগঞ্জত অৱস্থিত, ৭৫ বছৰ পুৰণি বাসগৃহ অধিগ্ৰহণ কৰে।