বিহাৰ সংগ্ৰহালয় (Bihar Museum) পাটনাত অৱস্থিত এটা ৰাজ্যিক সংগ্ৰহালয়।}}১২ ২০১৫ চনৰ আগষ্ট মাহত ইয়াক আংশিকভাৱে মুকলি কৰা হয়।৩ 'শিশুৰ সংগ্ৰহালয়', মূল প্ৰৱেশদ্বাৰ আৰু এটা অৰিয়েণ্টেচন থিয়েটাৰ ২০১৫ চনৰ আগষ্ট মাহত জনসাধাৰণৰ বাবে মুকলি কৰা একমাত্ৰ অংশ আছিল।৪৫ পিছলৈ ২০১৭ চনৰ অক্টোবৰ মাহত বাকী থকা গেলেৰীও মুকলি কৰা হয়। পাটনা সংগ্ৰহালয়ৰ পৰা ইয়ালৈ ১০০ৰো অধিক শিল্পকৰ্ম স্থানান্তৰ কৰা হৈছিল।৬
ইয়াক বিহাৰ ৰাজ্যৰ ইতিহাস সংগ্ৰহালয় হিচাপে পৰিকল্পনা কৰা হৈছিল,৭ আৰু ২০১৩ চনৰ অক্টোবৰ মাহত পাটনাৰ বেইলী ৰোডত আনুমানিক ৪৯৮ কোটি টকা (৫৮ মিলিয়ন মাৰ্কিন ডলাৰ) বাজেটেৰে নিৰ্মাণ আৰম্ভ কৰা হৈছিল।৮
প্ৰদৰ্শন
বিহাৰ সংগ্ৰহালয়ত কেইবাটাও গেলেৰী আছে। ইয়াৰ ভিতৰত অৰিয়েণ্টেচন গেলেৰী, শিশুৰ গেলেৰী, আঞ্চলিক গেলেৰী, সমকালীন গেলেৰী, ঐতিহাসিক কলা গেলেৰী, বিহাৰী ডায়স্পোৰা গেলেৰী আৰু ভিজিৱ’ল ষ্ট’ৰেজ গেলেৰী। বিভিন্ন বিষয়ৰ প্ৰদৰ্শনীসমূহ পৃথক পৃথক গেলেৰীত প্ৰদৰ্শন কৰা হয়। প্ৰতিখন গেলেৰী বিশাল আৰু ইয়াত চতুৰ্থ শতিকাৰ সামগ্ৰীকে ধৰি বহুতো শিল্পকৰ্ম প্ৰদৰ্শিত কৰা হৈছে।[20]
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ 'Kohbar' painting at Bihar Museum wows PM - Times of India. The Times of India
- ↑ (14 September 2015). 'Who says museum's incomplete?'. Telegraphindia.com
- ↑ Bihar Museum a big draw for children, youngsters | Patna News - Times of India. The Times of India
- ↑ Museum galleries in bihar: Opening of 4 Bihar Museum galleries deferred to October | Patna News - Times of India. The Times of India
- ↑ (8 August 2015). Nitish Kumar inaugurates 'Bihar Museum'. Jagran Post
- ↑ Now, Bihar Museum to reopen on October 2 | Patna News - Times of India. The Times of India
- ↑ BIHAR MUSEUM — Lord Cultural Resources. lord.ca
- ↑ Our Correspondent. (10 July 2013). First brick for heritage home. Telegraphindia.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিহাৰ সংগ্ৰহালয়” প্ৰবন্ধৰ সংশোধন ৫৭৪৫৫১ (৬ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।