
পাঁচ ফোৰণ হৈছে এক গোটা মছলা মিশ্ৰণ, ই পূব ভাৰতৰ, মুখ্যতঃ ওড়িশা, পশ্চিমবংগ, বিহাৰ আৰু উত্তৰ-পূব ভাৰতত সৃষ্টি হোৱা। এই অঞ্চলসমূহৰ ৰন্ধনপ্ৰণালীত আৰু লগতে নেপাল আৰু বাংলাদেশৰ ৰন্ধনপ্ৰণালীতো ইয়াক ব্যৱহাৰ কৰা হয়। নামটোৰ আক্ষৰিক অৰ্থ হৈছে "পাঁচ বিধ মছলা"; বঙালী ভাষা (পাঁচ ফোড়ন), ওড়িয়া ভাষা (ପଞ୍ଚୁ ଫୁଟଣ, পাঞ্চু ফুৰাণ), নেপালী (পাদকাউনে মছলা)।
পাঁচ ফোৰণৰ অন্তৰ্ভুক্ত আটাইকেইবিধ মছলাই একো একোবিধ বীজ। এই বীজসমূহৰ ভিতৰত আছে:
- মেথি (মেথি),
- কাল জীৰা (ক'লা জীৰা),
- জীৰা (জীৰা),
- চফ (গুৱামৰি), আৰু
- ক’লা সৰিয়হ (Black Mustard)।১ কোনো কোনো ৰান্ধনীয়ে তিতিকি সোৱাদৰ বাবে মেথি গুটিৰ পৰিমাণ কমাই দিয়ে৷ পাঁচ ফোৰণত ৰাধুনি গুটিও (Carrom Seed) ব্যৱহাৰ কৰা হয়৷ ইয়াক যনি বা আজৱাইন বুলিও জনা যায়।২
তথ্যসূত্ৰ
- ↑ Panch Phoron Seeds Glossary | Recipes with Panch Phoron Seeds. Tarladalal.com
- ↑ Deepika Sahu. (10 May 2012). The power of five seeds
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাঁচ ফোৰণ” প্ৰবন্ধৰ সংশোধন ৫০৮০৪৬ (১২ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।