অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পদ্মিনী দেবী

পদ্মিনী দেবী (: Padmini Devi জন্ম: ২১ ছেপ্তেম্বৰ ১৯৪৩), যি গৰাকীক জন্মৰ সময়ত ছিৰমুৰৰ ৰাজকুমাৰী পদ্মিনী দেবী হিচাপে জনা গৈছিল, তেওঁ বৰ্তমান জয়পুৰৰ উপাধিসূচক ৰাজমাতা।

হালনাগাদ: ৬ ছেপ্তেম্বৰ ২০২৫ ১৮৯ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

পদ্মিনী দেবী ১ (: Padmini Devi জন্ম: ২১ ছেপ্তেম্বৰ ১৯৪৩), যি গৰাকীক জন্মৰ সময়ত ছিৰমুৰৰ ৰাজকুমাৰী পদ্মিনী দেবী হিচাপে জনা গৈছিল, তেওঁ বৰ্তমান জয়পুৰৰ উপাধিসূচক ৰাজমাতা।

প্ৰাৰম্ভিক জীৱন

জাতিগতভাৱে ছিৰমুৰৰ ৰাজ পৰিয়ালত জন্মগ্ৰহণ কৰা তেওঁৰ পিতৃ বৰ্তমান হিমাচল প্ৰদেশত থকা ছিৰমুৰৰ মহাৰাজা ৰাজেন্দ্ৰ প্ৰকাশ ১৯৩৩–১৯৬৪ চনলৈকে ছিৰমুৰৰ শাসক আছিল।২ তেওঁৰ মাতৃ আছিল পালিতানাৰ মহাৰাজা ঠাকোৰ বাহাদুৰসিংহজী মানসিংহজীৰ কন্যা ইন্দিৰা দেৱী।২ মুছুৰীত কনভেণ্টৰ শিক্ষা লাভ কৰে আৰু তাৰ পিছত লণ্ডন আৰু চুইজাৰলেণ্ডৰ ফিনিচিং স্কুলত সময় কটায়।২৩

তেওঁ অধ্যক্ষ হিচাপে মহাৰাজা ছাৱাই মান সিং দ্বিতীয় সংগ্ৰহালয়ৰ মুৰব্বী।৪ ৰাজস্থানৰ জয়পুৰৰ জনসাধাৰণৰ সামাজিক কাৰ্যকলাপ আৰু কল্যাণৰ প্ৰতি তেওঁ তীব্ৰ আগ্ৰহ প্ৰকাশ কৰে।৪

ব্যক্তিগত জীৱন

জয়পুৰৰ মহাৰাজ আৰু মহাৰাণী
জয়পুৰৰ মহাৰাজ আৰু মহাৰাণীছবি: Iamdaniyalakram · CC0

বিবাহ

পদ্মিনী দেবীয়ে ১৯৬৬ চনৰ ১০ মাৰ্চত দিল্লীত অনুষ্ঠিত এক অনুষ্ঠানত ভৱানী সিংক বিয়া কৰায়। ভৱানী সিং, জয়পুৰৰ মহাৰাজা ছাৱাই মান সিং দ্বিতীয় আৰু তেওঁৰ প্ৰথম পত্নী মহাৰাণী মাৰুধৰ কানোৱাৰৰ জ্যেষ্ঠ পুত্ৰ।৩

সন্তান

তেওঁলোকৰ একমাত্ৰ সন্তান গৰাকী হ’ল কন্যা দিয়া কুমাৰী।৫৬ দিয়া কুমাৰী বিদ্যাধৰ নগৰ সংসদীয় আসনৰ পৰা ভাৰতীয় সংসদৰ সদস্য আৰু তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ সদস্য।২৭ সম্প্ৰতি ৰাজস্থানৰ ষষ্ঠ উপ-মুখ্যমন্ত্ৰী।

নাতি-নাতিনী

পদ্মিনী দেবী আৰু ভৱানী সিংৰ একমাত্ৰ সন্তান ৰাজকুমাৰী দিয়া কুমাৰীয়ে সাধাৰণ পৰিয়ালৰ ব্যক্তি মহাৰাজা নৰেন্দ্ৰ সিঙৰ লগত বিবাহপাশত আবদ্ধ হয় আৰু তেওঁলোকৰ তিনিজন সন্তান জন্ম হয়। এই সন্তান তিনিজন যথাক্ৰমে; জয়পুৰৰ মহাৰাজা পদ্মনাভ সিং, তেওঁ বৰ্তমান জয়পুৰৰ উপাধি ৰজা আৰু এজন প্ৰতিষ্ঠিত প'লো খেলুৱৈ, দ্বিতীয় গৰাকী হ’ল জয়পুৰৰ ৰাজকুমাৰী গৌৰৱী কুমাৰী, যি এগৰাকী নাৰীবাদী লগতে পিডিকেএফৰ সাধাৰণ সম্পাদক আৰু তৃতীয় জন হ’ল মহাৰাজা লক্ষ্যৰাজ প্ৰকাশ সিং, তেওঁ ছিৰমুৰৰ উপাধি ৰজা। সেই ছিৰমুৰ য'ৰ পৰা ৰাজমাতা পদ্মিনী দেৱীৰ জন্ম হৈছিল। ৰাজমাতা পদ্মিনী দেৱী এই তিনিতা সন্তানৰ ল’ৰা-ছোৱালীবোৰৰ আইতা হৈ পৰিল।

তথ্যসূত্ৰ

  1. ↑ Inside Maharani Padmini Devi of Jaipur's 75th birthday celebrations. Vogue India
  2. ↑ Brentnall, Mark. (2004). The Princely and Noble Families of the Former Indian Empire: Himachal Pradesh. Indus Publishing. পৃ. 49. ISBN 9788173871634
  3. ↑ (2009-01-23). Durga Diya Enterprises - Padmani Devi
  4. ↑ The Royal Family: Present – Royal Jaipur- Explore the Royal Landmarks in Jaipur. royaljaipur.in
  5. ↑ Our Leadership · Princess Diya Kumari Foundation. princessdiyakumarifoundation.org
  6. ↑ Members: Lok Sabha. loksabhaph.nic.in
  7. ↑ (2019-05-23). Royal family member Diya Kumari wins Rajsamand seat by over 5 lakh votes. Zee News

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পদ্মিনী দেবী” প্ৰবন্ধৰ সংশোধন ৫৩৭৫৫৪ (৬ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।