পদাৰ্থৰ অৱস্থা
৪ প্ৰবন্ধ
-
প্লাজমা
প্লাজমা পদাৰ্থৰ তথাকথিত চতুৰ্থ অৱস্থা (কঠিন, তৰল আৰু গেছীয়ৰ পিছৰ অৱস্থা )। ১৯২০ চনত ৰসায়নবিদ আৰভিং লেংমুৰিৰে পোনপ্ৰথমে প্লাজমা শব্দটো আগবঢ়াইছিল। প্লাজমা হৈছে আয়নিত গেছ যত মুক্ত ইলেক্ট্ৰন আৰু ধনাত্মক আয়নৰ সংখ্যা প্ৰায় সমান।
-
গেছ
গেছ বা গেছীয় অৱস্থা হৈছে পদাৰ্থৰ চাৰিটা মৌলিক অৱস্থাৰ ভিতৰত এটা (আন তিনিটা অৱস্থা হৈছে কঠিন, তৰল আৰু প্লাজমা)। এটা বিশুদ্ধ গেছ এটা পদাৰ্থৰ পৰমাণু (যেনে নিয়নৰ দৰে সম্ভ্ৰান্ত গেছ), এবিধ পৰমাণুৰ দ্বাৰা গঠিত মৌল (যেনে অক্সিজেন), বা বিভিন্ন পৰমাণুৰ দ্বাৰা যৌগ (যেনে কাৰ্বন ডাই অক্সাইড)ৰে গঠিত হ'ব পাৰে।
-
তৰল পদাৰ্থ
জুলীয়া বা তৰল হৈছে পদাৰ্থৰ চাৰিবিধ ধ্ৰুপদী অৱস্থাৰ এটা (আন তিনিটা হৈছে প্লাজমা, কঠিন আৰু গেছীয়)। ইয়াৰ নিৰ্দিষ্ট আয়তন থাকিলেও কোনো নিৰ্দিষ্ট আকাৰ নাথাকে। ই ৰাসায়নিক বান্ধনীৰে সংযুক্ত অণু বা পৰমাণুৰে গঠিত। পানী পৃথিৱীৰ এক সহজলভ্য জুলীয়া পদাৰ্থ।
-
পদাৰ্থৰ অৱস্থা
পদাৰ্থৰ অৱস্থা বুলি ক’লে সম্পূৰ্ণ সুকীয়াকৈ পদাৰ্থৰ ভিন্ন দশাৰ উপস্থিতিকে বুজা যায়। দৈনন্দিন অভিজ্ঞতাৰ পৰা পদাৰ্থৰ: কঠিন, জুলীয়া, আৰু গেছীয় এই তিনিটা অৱস্থাৰ বিষয়ে জনা যায়। পদাৰ্থৰ আন অৱস্থাবোৰ যেনে প্লাজমা বৈজ্ঞানিক কাম-কাজতহে গুৰুত্বপূৰ্ণ।