অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পদালা ভূদেৱী

পদালা ভূদেৱী: Padala Bhudevi হৈছে সাৱৰা জনগোষ্ঠীৰ এগৰাকী ভাৰতীয় সমাজ কৰ্মী যিয়ে মানুহক উদ্যোগীকৰণ আৰু তেওঁলোকৰ পাৰিবাৰিক খাদ্যাভ্যাস উন্নত কৰাত সহায় কৰে। তেওঁৰ এই ব্যতিক্ৰমী কামৰ বাবে ২০২০ চনৰ মাৰ্চ মাহত ভাৰত চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ে আগ বঢ়োৱা নাৰী শক্তিপুৰস্কাৰ সন্মান লাভ কৰে।

হালনাগাদ: ২৬ জুলাই ২০২৫ ১৫৫ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

পদালা ভূদেৱী: Padala Bhudevi হৈছে সাৱৰা জনগোষ্ঠীৰ এগৰাকী ভাৰতীয় সমাজ কৰ্মী যিয়ে মানুহক উদ্যোগীকৰণ আৰু তেওঁলোকৰ পাৰিবাৰিক খাদ্যাভ্যাস উন্নত কৰাত সহায় কৰে। তেওঁৰ এই ব্যতিক্ৰমী কামৰ বাবে ২০২০ চনৰ মাৰ্চ মাহত ভাৰত চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ে আগ বঢ়োৱা নাৰী শক্তিপুৰস্কাৰ সন্মান লাভ কৰে।

জীৱনী

ভূদেৱী ১৯৮০ চনত জন্মগ্ৰহণ কৰিছিল। আন্ধ্ৰ প্ৰদেশৰ শ্ৰীকাকুলাম জিলাৰ সীতামপেটাৰ পৰা অহা সাৱৰা জনজাতিৰ সদস্যা।১ তেওঁৰ বিবাহ ১১ বছৰ বয়সতে হৈছিল আৰু কম দিনৰ ব্য়ৱধানত তেওঁ তিনিজনী কন্যাৰ মাতৃ হৈছিল। তেওঁৰ নতুন পৰিয়ালে তেওঁক মানসিক আৰু শাৰীৰিকভাৱে নিৰ্যাতন কৰিছিল।২ তেওঁৰ পিতৃয়ে ১৯৯৬ চনত "চিন্নায়া আদিবাসী বিকাশ চ'চাইটি" (CAVS) নামেৰে এটা দাতব্য সংস্থা আৰম্ভ কৰিছিল।২

ভূদেৱীয়ে ১৯৮৪ চনৰ পৰা তেওঁ দুৰ্দশাগ্ৰস্ত লোকসকলক সহায় কৰা আৰম্ভ কৰিছিল।৩

তেওঁ ২০১৩ চনত নেদাৰলেণ্ডছ আৰু চীনলৈ গৈ বীজৰ উৎপাদন পদ্ধতি অধ্যয়ন কৰিছিল।২ তেওঁ দুটা প্ৰতিষ্ঠানৰ পৰিচালক। এটা প্ৰতিষ্ঠান শস্যৰ সৈতে জড়িত আৰু আনটো কৃষকসকলক উৎপাদনত সহায় কৰে।৩ তেওঁ "ইন্টেগ্ৰেটেড ট্ৰাইবেল ডেভেলপমেণ্ট এজেঞ্চি" (ITDA)-ৰ সৈতে কাম কৰিছে আৰু মহিলা আৰু শিশুৰ আহাৰ উন্নত কৰিবলৈ সহায় কৰিছ।৪

তেওঁৰ এই অৱদানৰ বাবে, ২০২০ চনৰ মাৰ্চ মাহত ভাৰতৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দৰ দ্বাৰা তেওঁক ভাৰতৰ সৰ্বোচ্চ মহিলা সন্মান "নাৰী শক্তি পুৰস্কাৰ" প্ৰদান কৰা হয়।৩প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ এই প্ৰচেষ্টাক প্ৰশংসা কৰি তেওঁক মহিলা আৰু বিধৱাসকলৰ বাবে উদ্যোগপতি হিচাপে এক আদৰ্শ ৰূপে অভিহিত কৰিছিল।১

তথ্যসূত্ৰ

  1. ↑ PM Modi praises 'Nari Shakti Puraskar' awardee Padala Bhudevi for her efforts. ANI News
  2. ↑ Rao, Madhu. (2020-03-08). Who is Padala Bhudevi, helped tribal women of Andhra in developing entrepreneurship. www.indiatvnews.com
  3. ↑ (2020-03-08). Nari Shakti Puraskar for AP woman Padala Bhudevi from Srikakulam. Deccan Chronicle
  4. ↑ Padala Bhudevi receives Nari Shakti Puraskar. Devdiscourse

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পদালা ভূদেৱী” প্ৰবন্ধৰ সংশোধন ৫২৭৭৯৩ (২৬ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।