নীলম কোঠাৰী চোনি এগৰাকী ভাৰতীয় গহনা নক্সাকাৰ আৰু অভিনেত্ৰী, যাক নীলম বুলি জনা যায়। তেওঁ নৱাগত কৰণ শ্বাহৰ বিপৰীতে জৱানী (১৯৮৪)ৰ জৰিয়তে অভিনয়ৰ আৰম্ভণি কৰিছিল। ইয়াৰ পিছত নীলমে গোবিন্দাৰ বিপৰীতে লাভ ৮৬ (১৯৮৬), ইলজাম (১৯৮৬), সিন্দুৰ (১৯৮৬), খুদগাৰ্জ (১৯৮৭), হাত্যা (১৯৮৮), ফৰ্জ কি জং (১৯৮৯), তাকতৱাৰ (১৯৮৯) আৰু দো কয়দি (১৯৮৯)ত অভিনয় কৰিছিল। তেওঁ চান্কী পাণ্ডেৰ বিপৰীতে আগ হি আগ (১৯৮৭), পাপ কি দুনিয়া (১৯৮৮), খতৰো কে খিলাড়ী (১৯৮৮), বিল্লু বাদশ্বাহ (১৯৮৯), ঘৰ কা চিৰাগ (১৯৮৯), আৰু মিট্টি ঔৰ সোণা (১৯৮৯) চলচ্চিত্ৰত অভিনয় কৰিছিল।
প্ৰাৰম্ভিক জীৱন
নীলম কোঠাৰীৰ জন্ম হংকঙত হৈছিল। তেওঁ এগৰাকী গুজৰাটী-ইৰানী।১ সৰুতে তেওঁ কীবৰ্ড বজাবলৈ শিকিছিল আৰু জেজ বেলে নাচিছিল। তেওঁৰ পৰিয়ালৰ পৰম্পৰাগত গহনা নিৰ্মাণৰ ব্যৱসায় আছে য’ত তেওঁলোকে উচ্চ শ্ৰেণীৰ গহনা তৈয়াৰ কৰে। নীলম আইলেণ্ড স্কুলত শিক্ষা লাভ কৰিছিল, য'ত তেওঁ ৰাডাৰফৰ্ডৰ ঘৰৰ সদস্য আছিল। হংকঙত তেওঁৰ শৈশৱৰ পিছত, তেওঁৰ পৰিয়াল বেংককলৈ স্থানান্তৰিত হয়। নীলমে মুম্বাইত ফুৰিবলৈ আহোঁতে পৰিচালক ৰমেশ বেহল অভিনয়ৰ প্ৰস্তাব লৈ তেওঁৰ কাষ চাপিছিল।২ তেওঁ তেতিয়া অভিনয় কৰিবলৈ সিদ্ধান্ত লয় আৰু টিনা আম্বানীৰ ভতিজা কৰণ শ্বাহৰ সৈতে জৱানী (১৯৮৪) চলচ্চিত্ৰখনৰ বাবে চুক্তিবদ্ধ হয়। ৩ কিন্তু ছবিখন বাণিজ্যিকভাৱে অসফল হৈছিল।৩
কৰ্মজীবন
অভিনয়
নীলমে প্ৰথম চলচ্চিত্ৰখনত তেওঁ যথেষ্ট প্ৰশংসা লাভ কৰিছিল আৰু ফলস্বৰূপে তেওঁ একাধিক চলচ্চিত্ৰৰ প্ৰস্তাৱো লাভ কৰিছিল। পিছলৈ তেওঁ ১৯৮৬ চনত আন এজন নৱাগত অভিনেতা গোবিন্দৰ বিপৰীতে ʼইলজামʼ নামৰ চলচ্চিত্ৰখনত তেওঁৰ চৰিত্ৰৰ বাবে বিখ্যাত হয়। তেওঁ গোবিন্দাৰ সৈতে এক জনপ্ৰিয় যুটি তৈয়াৰ কৰিছিল আৰু তেওঁৰ সৈতে ১৪খন চলচ্চিত্ৰত অভিনয় কৰিছিল আৰু তেওঁলোকৰ কেইখনমান চলচ্চিত্ৰৰ ভিতৰত আছে লাভ ৮৬ (১৯৮৬), খুদগাৰ্জ (১৯৮৭), হাতিয়া (১৯৮৮) আৰু তাকতৱাৰ (১৯৮৯)। চুনকী পাণ্ডেৰ বিপৰীতে তেওঁৰ ৫টা হিট আছিল, যেনে আগ হি আগ (১৯৮৭), পাপ কি দুনিয়া (১৯৮৮), খতৰো কে খিলাড়ী (১৯৮৮), মিট্টি ঔৰ সোণা (১৯৮৯) আৰু ঘৰ কা চিৰাগ (১৯৮৯)। তেওঁ প্ৰসেনজিত চেটাৰ্জীৰ সৈতে বঙালী চলচ্চিত্ৰ বদনাম (১৯৯০)ত কাম কৰিছিল।
তেওঁ ১৯৯৮ চনৰ "কুছ কুছ হোতা হে" চলচ্চিত্ৰত তেওঁৰ বিশেষ উপস্থিতিও দৰ্শকে লক্ষ্য কৰিছিল, য'ত তেওঁ ভিডিও জকি হিচাপে অভিনয় কৰিছিল। ১৯৯৯ চনৰ এখন পাৰিবাৰিক নাটক 'হাম সাথ সাথ হে'ত তেওঁ সহায়ক চৰিত্ৰত অভিনয় কৰিছিল। তেওঁৰ অন্তিমখন ছবি আছিল ২০০১ চনত বিলম্বিত মুক্তি প্ৰাপ্ত "কাচম", যʼত তেওঁ চাঙ্কি পাণ্ডেৰ বিপৰীতে অভিনয় কৰিছিল। ৪ ২০২০ চনত, তেওঁ নেটফ্লিক্সত প্ৰচাৰিত হোৱা এটা ৰিয়েলিটি টেলিভিছন শৃংখলা ফেবুলাস লাইভছ অফ বলিউড ৱাইভছত অভিনয় কৰিছিল।৫৬
গহনা নক্সাকাৰ
অভিনয়ত কৰ্মজীৱন গঢ়ি থাকোঁতে, তেওঁ গহনা নক্সাকাৰী কামতো আগ্ৰহী আছিল আৰু লগতে পাৰিবাৰিক ব্যৱসায়তো জড়িত আছিল। তেওঁ মুম্বাইত গহনা নক্সাকাৰৰ এক পাঠ্যক্ৰমো সম্পূৰ্ণ কৰিছিল।৭ ২০০১ চনত তেওঁ অস্থায়ীভাৱে চলচ্চিত্ৰ ত্যাগ কৰাৰ পিছত ২০০৪ চনত ʼনীলম জুৱেলছʼ নামেৰে বাণিজ্যিকভাৱে এক শ্ব'ৰুম বা প্ৰদৰ্শনাগাৰ আৰম্ভ কৰিছিল।৮ তাৰ পিছত তেওঁ ২০১১ চনৰ ২৫ আগষ্টত ʼনীলম কোঠাৰী ফাইন জুৱেলছʼ নামেৰে মুম্বাইত তেওঁৰ গহনা দোকান মুকলি কৰে।
ব্যক্তিগত জীৱন
২০০০চনৰ অক্টোবৰ মাহত নীলমে যুক্তৰাজ্যৰ এজন ব্যৱসায়ীৰ পুত্ৰ ঋষি চেঠিয়াক বিয়া কৰায়।৯ তাৰ পিছতে তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়।১০ অভিনেতা সমীৰ চোনিৰ সৈতে চমু সম্পৰ্কৰ পিছত,[১১ নীলমৰ ২০১১ চনত তেওঁৰ সতে বিবাহ হয়।১২ বিবাহৰ ২ বছৰৰ পাছত ২০১৩ চনত তেওঁলোকে এজনী ছোৱালী তুলি লয় আৰু তাইৰ নাম আহানা ৰাখে।১৩
১৯৯৮ চনত নীলমক ʼহাম সাথ সাথ হেʼৰ চিত্ৰগ্ৰহণৰ সময়ত কংকনিত দুটা ক'লা হৰিণৰ চোৰাং চিকাৰৰ বাবে বন্যপ্ৰাণী আইন আৰু আই পি চিৰ ফালৰ পৰা তেওঁক সহ-অভিনেতা চলমান খান, চেইফ আলী খান, সোনালী বেন্দ্ৰে আৰু তবুৰ সৈতে অভিযুক্ত কৰা হৈছিল। তেওঁক যোধপুৰৰ চি জে এম আদালতে ৫ এপ্ৰিল ২০১৮ ত নিৰ্দোষ সাব্যস্ত কৰিছিল।১৪
তথ্যসূত্ৰ
- ↑ Tahseen, Ismat. (10 January 2011). Neelam Kothari and Samir Soni get candid about their upcoming wedding. DNA India
- ↑ NRI beauties making it big in Bollywood. window2india.com
- ↑ Archived copy
- ↑ We had loads to sort out before marriage: Neelam. The Times of India
- ↑ (2020-11-28). Fabulous Lives of Bollywood Wives review: All bark no bite, this desi Netflix show fails to get even trash TV right. Hindustan Times
- ↑ Bureau, ABP News. (2021-03-03). 'Fabulous Lives of Bollywood Wives' To Return With Second Season On Netflix, Fans Wish To See SRK-Gauri Again On Show. ABP Live
- ↑ (11 July 2017). Top 15 Jewellery Designers In India You Must Know. Jewellery Craze
- ↑ Spotlight - Neelam Jewels. verveonline.com
- ↑ Vetticad, Anna M M. (November 6, 2000). Actor Neelam Kothari and beau Rishi Sethia get married in Bangkok. India Today
- ↑ (6 November 2009). Neelam Kothari splits with beau. www.hindustantimes.com
- ↑ Khera, Japleen. (2020-11-26). Neelam Kothari and Samir Soni: Marriage, Family, Kids, How Did They Meet?. The Cinemaholic
- ↑ (24 January 2011). Samir Soni weds Neelam. Rediff
- ↑ Maheshwri, Neha. (2 September 2013). Neelam and Samir Soni adopt a baby girl. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Blackbuck case: Jodhpur HC adjourns hearing against Saif, Sonali, Tabu, Neelam after issuing fresh notice in May. The Economic Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নীলম কোঠাৰী” প্ৰবন্ধৰ সংশোধন ৪৪৬০১৯ (১৮ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।