বজালী জিলা
৯ প্ৰবন্ধ
-
পাঠশালা
পাঠশালা অসমৰ বজালী জিলাৰ সদৰ নগৰ আৰু নামনি অসমৰ এক পৰিচিত শিক্ষাকেন্দ্ৰ। ই অসমীয়া ভ্ৰাম্যমান থিয়েটাৰৰ জন্মস্থান হিচাপে সাংস্কৃতিক ইতিহাসতো বিশেষভাৱে উল্লেখযোগ্য।
-
বজালী জিলা
বজালী জিলা অসমৰ ৩৪খন জিলাৰ মাজৰ এখন, যাৰ সদৰ পাঠশালাৰ মদন-ৰাউতা নগৰত অৱস্থিত। বৰপেটা জিলাৰ বজালী মহকুমাক পুনৰ্গঠন কৰি ২০২১ চনৰ ১২ জানুৱাৰীত ইয়াক চৰকাৰীভাৱে জিলা হিচাপে গঠন কৰা হয়।
-
সৰ্থেবাৰী
সৰ্থেবাৰী- হস্ত-নিৰ্মিত কাঁহ শিল্পৰ বাবে বিখ্যাত নগৰ সৰ্থেবাৰী বৰপেটা জিলাৰ পূৱ প্ৰান্তত অৱস্থিত এখন নগৰ৷ ই অসম তথা উত্তৰ-পূৱ ভাৰতৰ হস্ত-নিৰ্মিত কাঁহৰ বাচন-বৰ্তনৰ বাবে বিখ্যাত।
-
ভট্টদেৱ বিশ্ববিদ্যালয়
ভট্টদেৱ বিশ্ববিদ্যালয় অসমৰ বজালী জিলাৰ পাঠশালাত অৱস্থিত এখন ৰাজ্যিক বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয়খন অসম চৰকাৰে ২০১৭ চনৰ ৭ ছেপ্টেম্বৰত গৃহীত কৰা ভট্টদেৱ বিশ্ববিদ্যালয় বিধেয়ক, ২০১৭ৰ অধীনত স্থাপন কৰিছে। বৰপেটাৰ পাঠশালাত অৱস্থিত বজালী মহাবিদ্যালয়ক উন্নীত কৰি এই বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছে।
-
ভৱানীপুৰ হস্তিনাপুৰ বিজনী মহাবিদ্যালয়
ভৱানীপূৰ হস্তিনাপুৰ বিজনী মহাবিদ্যালয় (Bhawanipur Hastinapur Bijni College) বজালী জিলাৰ সৰুপেটা ৰাজহ চক্ৰৰ অন্তৰ্গত সৰুপেটাত অৱস্থিত এখন অন্যতম মহাবিদ্যালয়। মহাবিদ্যালয়খন ১৯৭১ চনত স্থাপন কৰা হয়। মহাবিদ্যালয়খন ভট্টদেৱ বিশ্ববিদ্যালয়ৰদ্বাৰা ডিগ্ৰী প্ৰদান কৰা হয়।
-
কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়
কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয় Krishnaguru Adhyatmik Vishvavidyalaya) অসমৰ বৰপেটা জিলাৰ সৰ্থেবাৰীৰ ন-সত্ৰত অৱস্থিত এখন ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়।
-
নিৰ্মল হালৈ মহাবিদ্যালয় পাটাছাৰকুছি
নিৰ্মল হালৈ মহাবিদ্যালয় (Nirmal Haloi College) অসমৰ বজালী জিলাৰ পাটাছাৰকুছিত অৱস্থিত এখন উচ্চশিক্ষা শিক্ষানুষ্ঠান। এই মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত ডিগ্ৰী প্ৰদান কৰা হয়।
-
নৰ্থ কামৰূপ মহাবিদ্যালয় বাঘমাৰা
নৰ্থ কামৰূপ মহাবিদ্যালয় (North Kamrup College) অসমৰ বজালী জিলাৰ বাঘমৰাত অৱস্থিত এখন অন্যতম উচ্চশিক্ষা শিক্ষানুষ্ঠান। এই মহাবিদ্যালয়খন ভট্টদেৱ বিশ্ববিদ্যালয়ৰ অধীনত ডিগ্ৰী প্ৰদান কৰা হয়।
-
সৰুপেটা
সৰুপেটা (Sorupeta) বজালী জিলাৰ এখন সৰু চহৰ। সৰুপেটা নগৰখন জিলা সদৰৰ পৰা প্ৰায় ১৮ কি.মি. আৰু গুৱাহাটীৰ পৰা প্ৰায় ১১৬ কি.মি.দূৰত্ব অৱস্থিত। ১৮ ফেব্ৰুৱাৰী, ২০২১ তাৰিখে অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে বৈদ্যুতিক ইঞ্জিন অসমৰ মাটিত বঙাইগাঁৱৰ পৰা সৰুপেটা ষ্টেচনলৈ সফল পৰীক্ষামূলকভাৱে চলিছিল।