সাঁতোৰবিদ
৫ প্ৰবন্ধ
-
মিহিৰ সেন
মিহিৰ সেন (১৬ নৱেম্বৰ ১৯৩০ – ১১ জুন ১৯৯৭) এজন বিখ্যাত ভাৰতীয় দীৰ্ঘ দূৰত্বৰ সাঁতোৰবিদ আৰু উকীল আছিল। তেওঁ ১৯৫৮ চনত ডোভাৰৰপৰা কেলাইছলৈ ইংলিছ চেনেল জয় কৰা প্ৰথমজন এছিয়াৰ লোক আছিল আৰু দ্ৰুততম সময়ত (১৪ ঘণ্টা ৪৫ মিনিট) সাঁতুৰি পাৰ হৈছিল।
-
টম ডেলি
টম ডেলি (Tom Daley; সম্পূৰ্ণ নাম: থমাছ ৰবাৰ্ট ডেলি; Thomas Robert Daley; জন্ম ২১ মে ১৯৯৪) এজন ব্ৰিটিছ ডাইভাৰ আৰু টেলিভিছন ব্যক্তিত্ব। ডেলি এজন অলিম্পিক স্বৰ্ণ পদক বিজয়ী ব্যক্তিত্ব।
-
নিশা মিলেট
নিশা মিলেট ( Nisha Millet; জন্ম: ২০ মাৰ্চ ১৯৮২) ভাৰতৰ কৰ্ণাটকৰ বেংগালুৰুৰ এগৰাকী সাঁতোৰবিদ। অৰ্জুন বঁটা বিজয়ী তেওঁ ২০০০ চনৰ ছিডনী অলিম্পিকৰ সাঁতোৰ দলত ভাৰতৰ বাবে একমাত্ৰ মহিলা আছিল।
-
বুলা চৌধুৰী
বুলা চৌধুৰী ( Bula Choudhury; জন্ম: ২ জানুৱাৰী ১৯৭০ চনত) এগৰাকী ভাৰতীয় প্ৰাক্তন সাঁতোৰবিদ। তেওঁ অৰ্জুন বঁটা বিজয়ী, পদ্মশ্ৰী বঁটা বিজয়ী, ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰীয় মহিলা সাঁতোৰ চেম্পিয়ন আৰু ২০০৬ চনৰ পৰা ২০১১ চনলৈকে ভাৰতৰ পশ্চিম বংগ ৰাজ্যৰ নন্দনপুৰক প্ৰতিনিধিত্ব কৰি বিধায়ক হিচাপে নিৰ্বাচিত হয়।
-
শিখা টেণ্ডন
শিখা টেণ্ডন ( Shikha Tandon; জন্ম: ২০ জানুৱাৰী ১৯৮৫) ভাৰতৰ বাংগালুৰুৰ এগৰাকী ভাৰতীয় প্ৰাক্তন সাঁতোৰবিদ। টেণ্ডনে ১৪৬টা ৰাষ্ট্ৰীয় পদক লাভ কৰিছে, আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ৩৬টা পদক লাভ কৰিছে, য'ত পাঁচটা সোণৰ পদক আছে।