অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নিমিশা প্ৰিয়া

নিমিশা প্ৰিয়া (Nimisha Priya; জন্ম ১৯৮৮ বা ১৯৮৯) এগৰাকী ভাৰতীয় নাৰ্ছ। ২০১৭ চনত য়েমেনৰ এজন নাগৰিকক হত্যা কৰাৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছত ২০১৮ চনৰ পৰাই য়েমেনৰ কেন্দ্ৰীয় কাৰাগাৰত মৃত্যুদণ্ডৰ গোচৰত অভিযুক্ত হৈ আছে।

হালনাগাদ: ৬ আগষ্ট ২০২৬ ৩৮৬ শব্দ · ২ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

নিমিশা প্ৰিয়া (Nimisha Priya; জন্ম ১৯৮৮ বা ১৯৮৯) এগৰাকী ভাৰতীয় নাৰ্ছ। ২০১৭ চনত য়েমেনৰ এজন নাগৰিকক হত্যা কৰাৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছত ২০১৮ চনৰ পৰাই য়েমেনৰ কেন্দ্ৰীয় কাৰাগাৰত মৃত্যুদণ্ডৰ গোচৰত অভিযুক্ত হৈ আছে।

জীৱন

প্ৰিয়া ডাঙৰ-দীঘল হৈছিল কেৰালাৰ পলাক্কাড জিলাৰ কলেংগোড অঞ্চলত,১ আৰু তাতেই তেওঁৰ স্কুলীয়া জীৱন আৰম্ভ হৈছিল। পঢ়া-শুনাত ভাল ফলাফল দেখুৱাইছিল বাবে স্থানীয় এটা গীৰ্জাই তেওঁক আৰ্থিকভাৱে সহায় কৰিছিল, যাৰ ফলত তেওঁ নাৰ্চিঙৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰিছিল। কিন্তু প্ৰিয়াই নাৰ্চিং অধ্যয়ন আৰম্ভ কৰাৰ আগতে "স্কুল শিক্ষান্ত পৰীক্ষাত পাছ কৰা নাছিল" বাবে কেৰালাত নাৰ্ছ হিচাপে কাম কৰিব পৰা নাছিল।২

২০০৮ চনত প্ৰিয়া ভাৰতৰ কেৰালাৰ পৰা কৰ্মসূত্ৰে য়েমেনলৈ গুচি যায়। য়েমেনত তেওঁ দেশৰ ৰাজধানী ছানাত চৰকাৰী চিকিৎসালয়ত নাৰ্ছ হিচাপে কাম কৰিছিল। ২০১৪ চনত প্ৰিয়াই নিজাকৈ ক্লিনিক আৰম্ভ কৰাৰ আশাত চাকৰি এৰিছিল। য়েমেনৰ আইন অনুসৰি তাত ব্যৱসায় কৰিবলৈ হলে প্ৰিয়াক য়েমেনৰে ব্যৱসায়ী এজনক অংশীদাৰীত্ব দিয়াৰ প্ৰয়োজন আহিল, সেয়েহে তেওঁ বস্ত্ৰৰ দোকান থকা স্থানীয় ব্যৱসায়ী তালাল আব্দো মাহদীক নিযুক্তি দিছিল। ২০১৫ চনৰ আৰম্ভণিতে প্ৰিয়াই তেওঁৰ স্বামীৰ সৈতে মিলি ঋণৰ ধনেৰে ১৪খন বিচনাযুক্ত আল আমান মেডিকেল ক্লিনিক মুকলি কৰে।২

২০১৫ চনৰ মাৰ্চ মাহত য়েমেনৰ গৃহযুদ্ধ আৰম্ভ হোৱাৰ পিছত প্ৰিয়াই নিজৰ ক্লিনিকত বিনিয়োগ কৰা ধনৰ পৰিমাণ বিবেচনা কৰি দেশখনত থাকিবলৈ সংকল্প লয়। প্ৰিয়াৰ ব্যৱসায়িক সহযোগী মাহদীৰ লগত লাহে লাহে মতানৈক্য হ’বলৈ ধৰিলে; প্ৰিয়াৰ মতে মেহদীয়ে তেওঁৰ পৰা ধন চুৰি কৰিছিল, শাৰীৰিক ভাবুকি দিছিল আৰু কেতিয়াবা নিজকে স্বামী বুলিও দাবী কৰিছিল।৩ তেওঁ তেওঁৰ পাছপ'ৰ্ট আৰু নথি-পত্ৰও জব্দ কৰিছিল আৰু ভাৰতত থকা পৰিয়ালৰ সৈতে কথা পতাত বাধা দিছিল।২৪ প্ৰিয়াই ২০১৬ চনত তেওঁৰ আচৰণৰ বিষয়ে আৰক্ষীক জনাইছিল যদিও, তেওঁলোকে প্ৰিয়াক সহায় কৰিবলৈ আগ বাঢ়ি অহা নাছিল।২

গ্ৰেপ্তাৰ আৰু কাৰাদণ্ড

২০১৭ চনৰ জুলাই মাহত প্ৰিয়াই তালাল আব্দো মাহদীক ‘কেটামাইন’ নামৰ মেডিচিনৰ ড’জ দিছিল, যাক অতিমাত্ৰা সেৱনৰ ফলত মাহদীৰ মৃত্যু হৈছিল। প্ৰিয়া আৰু তেওঁৰ অধিবক্তাসকলৰ মতে, প্ৰিয়াই কেৱল মাহদীক শান্ত কৰাৰ পৰিকল্পনা কৰিছিল, যাতে তেওঁ নিজৰ পাছপ’ৰ্ট আৰু অন্যান্য নথি-পত্ৰ মাহদীৰ কব্জাৰ পৰা উদ্ধাৰ কৰিব পাৰে। মাহদীৰ মৃত্যুৰ পিছত প্ৰিয়াই আন এগৰাকী নাৰ্ছৰ কাষ চাপিছিল আৰু মাহদীৰ মৃতদেহ কাটি পানীৰ টেংকিত পেলাই দিছিল।২৩৪ ২০১৭ চনৰ আগষ্ট মাহত চৌদি আৰৱ আৰু য়েমেনৰ সীমান্তৰ ওচৰত প্ৰিয়াক গ্ৰেপ্তাৰ কৰা হয়।৪ সেই সময়ত সংবাদ মাধ্যমে দুয়োৰে বিবাহ হোৱা বুলি মিছাকৈ প্ৰকাশ কৰিছিল।২ তেওঁৰ সহযোগীকো গ্ৰেপ্তাৰ কৰি যাৱজ্জীৱন কাৰাদণ্ড বিহা হয়।৩৪

২০১৮ চনত প্ৰিয়াক মাহদীৰ হত্যাৰ গোচৰত দোষী সাব্যস্ত কৰা হয় আৰু মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হয়।৫ ভাৰতীয় উচ্চতম ন্যায়ালয়ৰ অধিবক্তা কে আৰ সুভাষ চন্দ্ৰনৰ মতে, প্ৰিয়াৰ বিচাৰ সম্পূৰ্ণ আৰবী ভাষাত হৈছিল, যিটো প্ৰিয়াৰ বোধগম্য নাছিল আৰু তেওঁক কোনো দোভাষী বা অধিবক্তা দিয়া হোৱা নাছিল। চন্দ্ৰন আৰু প্ৰিয়াৰ অন্যান্য সমৰ্থকসকলে এই কাৰকসমূহৰ বাবে পুনৰ বিচাৰৰ আহ্বান জনাইছে।২ ২০১৮ চনৰ জুন মাহত প্ৰিয়াক ’আল বায়দা’ কাৰাগাৰৰ পৰা ছানাৰ কাৰাগাৰলৈ স্থানান্তৰ কৰা হয়।৫ ২০২০ চনত প্ৰিয়াৰ বিৰুদ্ধে পুনৰ বিচাৰ কৰা হয়, যদিও ফলাফল একেই থাকিল।৬ সেই বছৰতে প্ৰিয়াৰ আত্মীয় আৰু অন্যান্য সমৰ্থকসকলে ছেভ নিমিশা প্ৰিয়া ইণ্টাৰনেশ্যনেল একচন কাউন্সিল গঠন কৰাৰ পিছৰে পৰা এই গোটটোৱে প্ৰিয়াক মুক্তিৰ বাবে আলোচনাৰ কাম কৰি আহিছে।৩

কাৰাগাৰত থকাৰ সময়ত প্ৰিয়াই তেওঁৰ সতীৰ্থ মহিলা বন্দীসকলৰ সৈতে বন্ধুত্ব গঢ়ি তুলিছিল আৰু তেওঁলোকেও প্ৰিয়াৰ সম্ভাৱ্য মুক্তিৰ প্ৰতি সমৰ্থন জনাইছিল।৭

২০২৩ চনৰ নৱেম্বৰ মাহত য়েমেনৰ উচ্চতম ন্যায়িক পৰিষদে প্ৰিয়াৰ আবেদন নাকচ কৰে।১২ ২০২৩ চনৰ ডিচেম্বৰ মাহলৈকে প্ৰিয়া য়েমেনত মৃত্যুদণ্ডৰ শাৰীতে আছে।২

২০২৪ চনৰ এপ্ৰিল মাহত প্ৰিয়াৰ মাতৃ, স্বামী আৰু কন্যাই য়েমেন ভ্ৰমণ কৰিবলৈ সক্ষম হয়, প্ৰিয়াৰ সৈতে সাক্ষাৎ কৰাৰ লগতে মাহদীৰ পৰিয়ালৰ সৈতে কথা পতাৰ পৰিকল্পনা কৰি তেওঁৰ মুক্তিৰ ব্যৱস্থা কৰে। ইয়াৰ পূৰ্বে তিনিওজনে য়েমেন ভ্ৰমণ কৰিব পৰা নাছিল, কিয়নো ২০১৭ চনত ভাৰতে বিশেষ অনুমতি অবিহনে নিজৰ দেশৰ নাগৰিকক য়েমেনলৈ যোৱাত নিষেধাজ্ঞা আৰোপ কৰিছিল।৮১ ২৪ এপ্ৰিলত প্ৰিয়া আৰু মাকে লগ হ'বলৈ সক্ষম হয়।১

প্ৰিয়াৰ মুক্তিৰ সমৰ্থকসকলে তেওঁৰ মুক্তিৰ বিনিময়ত মাহদীৰ পৰিয়ালক দিবলৈ ধন সংগ্ৰহৰ কাম কৰি আহিছে।২ ২০২৪ চনৰ জুন মাহলৈকে প্ৰিয়াৰ মুক্তিৰ বাবে ৪০,০০০ মাৰ্কিন ডলাৰ সংগ্ৰহ কৰা হৈছে আৰু ধন খিনি ছানাত থকা ভাৰতীয় দূতাবাসলৈ স্থানান্তৰ কৰা হৈছে৷৯

২০২৪ চনৰ ডিচেম্বৰৰ শেষৰ ফালে য়েমেনৰ ৰাষ্ট্ৰপতি ৰাছাদ আল-আলিমীয়ে প্ৰিয়াৰ মৃত্যুদণ্ডত অনুমোদন জনায় আৰু ২০২৫ চনৰ জানুৱাৰী মাহৰ কোনোবা এটা সময়ত প্ৰিয়াক মৃত্যুদণ্ড দিয়া হ'ব বুলি নিশ্চিত কৰা হৈছে।১০১১ ভাৰতীয় বিষয়াসকলে কয় যে তেওঁলোকে প্ৰিয়াক এই অনুমোদনৰ পৰা মুক্ত কৰিবলৈ অহৰহ চেষ্টা চলাই আছে বা তেওঁৰ মৃত্যুদণ্ড ৰোধ কৰাৰ বিকল্প সন্ধান অব্যাহত ৰাখিছে।১২ ইৰাণৰ এজন বিষয়াইও ইংগিত দিছিল যে ইৰাণেও প্ৰিয়াক সহায় কৰিবলৈ ইচ্ছুক।

ব্যক্তিগত জীৱন

২০১১ চনত পৰিয়ালে বিয়াৰ ব্যৱস্থা কৰাত প্ৰিয়া কেৰালালৈ আহে। ইয়াৰ পিছত তেওঁ স্বামীৰ সৈতে পুনৰ য়েমেনলৈ উভতি যায়। ২০১২ চনৰ ডিচেম্বৰ মাহত প্ৰিয়াই কন্যা সন্তান এটা জন্ম দিয়াৰ পিছত পৰিয়ালটোৱে ধন ঘটাৰ বাবে যথেষ্ট সংগ্ৰাম কৰিছিল। ২০১৪ চনত প্ৰিয়াই স্বামী আৰু কন্যাক লৈ ভাৰতলৈ উভতি আহে।২

তথ্যসূত্ৰ

  1. ↑ (2024-04-24). An emotional reunion as Prema Kumari meets Nimisha Priya in Yemen prison. The Hindu
  2. ↑ Pandey, Geeta. (2023-12-05). Nimisha Priya: The Indian nurse from Kerala on death row in Yemen. BBC
  3. ↑ (2024-06-20). Nimisha Priya case: What is ‘blood money’ in Islamic law?. The Indian Express
  4. ↑ Joseph, Neethu. (2020-08-25). He tortured me for 2 yrs: Indian woman on death row for murder in Yemen seeks help. The News Minute
  5. ↑ (2018-06-09). Keralite nurse sentenced to death in Yemen gets solace. OnManorama
  6. ↑ (2022-05-06). India pumps up efforts to save Kerala nurse from execution in Yemen. The New Arab
  7. ↑ (2024-04-25). Kerala nurse sentenced to death meets mother in Yemen jail after 11 years. India Today
  8. ↑ Pandey, Geeta. (2024-04-23). Nimisha Priya: Family of Indian nurse on death row in Yemen to seek pardon. BBC
  9. ↑ Nimisha Priya case: Funds to initiate discussion with victim's family transferred to Yemen. Onmanorama
  10. ↑ (2025-01-01). Amid diplomatic efforts, Nimisha Priyas husband says ready to pay blood money. The Tribune
  11. ↑ (2025-01-03). 'Last-min pardon' the hope for kin of nurse on Yemen death row. The Times of India
  12. ↑ (2025-01-03). Closely following developments: MEA on Nimisha Priya case. Deccan Herald

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিমিশা প্ৰিয়া” প্ৰবন্ধৰ সংশোধন ৬২৩৭৬৭ (৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।