নষ্ট-ঘাতক বা নষ্ট-মাৰাত্মকতা (fail-deadly) এক পাৰমাণৱিক সমৰ-পন্থাৰ ধাৰণা য'ত শত্ৰুপক্ষৰ পাৰমাণৱিক প্ৰথমাঘাত (first-strike) ত বিদ্ধস্ত হোৱাৰ পাছতো সিহঁতবোৰৰ ওপৰত তাৎক্ষনিক, স্বয়ংক্ৰিয় আৰু সৰ্বনাশী ভাৱে আঘাত হানি প্ৰত্যাক্ৰমণ কৰাৰ নিশ্চয়্তা নিহীত থাকে যাৰ দ্বাৰা দৰাচলতে শত্ৰুপক্ষক প্ৰথমাঘাত কৰিবলৈ নিৰুৎসাহিত কৰা হয়।
সামৰিক-শৈলী
পাৰমাণৱিক প্ৰত্যাক্ৰমণৰ নিশ্বিত ক্ষমতা পাৰমাণৱিক শক্তি-সম্পন্ন দেশসমূহৰ বাবে এক জৰুৰী ব্যৱস্থাপনা হিচাপে গণ্য কৰা হয় কিয়নো ইয়াৰ অবিহনে শত্ৰুপক্ষয়ে হয়তো দেশৰ পাৰমাণৱিক অস্ত্ৰৰ মূল নিয়ন্ত্ৰক বা নিয়ন্ত্ৰণস্থলীকে প্ৰথমাঘাতেৰে নষ্ট কৰি দেশখনক নিস্প্ৰভাৱ কৰি পেলাব পাৰে। তেনে নহ'বৰ বাবে সেই দেশসমূহে ভিন ভিন নষ্ট-ঘাতক বা নষ্ট-মাৰাত্মক পন্থা অবলম্বন কৰে আৰু তেনে পন্থাসমূহ সৰ্ৱজনবিদীতও কৰে যাতে শত্ৰুপক্ষ প্ৰথমাঘাত কৰাৰ পৰা বিৰত থাকে।
পাৰমাণৱিক শক্তি-সম্পন্ন দেশসমূহত পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰাৰ কৰ্তৃত্ব সাধাৰণতে দেশৰ সৰ্বোচ্চ কাৰ্যবাহী মুৰব্বী গৰাকীৰ ওপৰতে ন্যস্ত কৰা থাকে। পাৰমাণৱিক প্ৰত্যাক্ৰমনো সেই মুৰব্বী গৰাকীৰ আজ্ঞা আৰু নিয়ন্ত্ৰণতে বিশেষ প্ৰক্ৰিয়াৰ দ্বাৰা কাৰ্যকৰী হোৱাৰ ব্যৱস্থা কৰি থোৱা থাকে। কিন্তু যদিহে দেশৰ পাৰমাণৱিক অস্ত্ৰ সমূহৰ বাবে কৰি থোৱা আজ্ঞা আৰু নিয়ন্ত্ৰণ ব্যৱস্থা শত্ৰুপক্ষৰ প্ৰথমাঘাততে ইতিমধ্যে নষ্ট হৈ পৰে, তেনে অৱস্থাতো নষ্ট-ঘাতক বিকল্প সক্ৰিয় হৈ পৰি শত্ৰুপক্ষৰ ওপৰত সৰ্বনাশী পাৰমাণৱিক প্ৰত্যাক্ৰমণ ঘটাব পাৰে।
ছ'ভিয়েট সংঘৰ 'মৃত-হাত' (Dead Hand, গুপ্তনাম Perimeter), যুক্তৰাজ্য (গ্ৰেট ব্ৰিটেইন আৰু উত্তৰ আয়াৰলেণ্ড)ৰ 'অন্তিম পন্থাৰ পত্ৰসমূহ' (Letters of last resort), আমেৰিকা যুক্তৰাষ্ট্ৰৰ 'বিপদসঙ্কেততে নিক্ষেপ' (Launch on Warning) এনেধৰণৰ নষ্ট-ঘাতক পাৰমাণৱিক সমৰ-পন্থাৰ কাৰ্যকৰী ব্যৱস্থা।১
নষ্টাঘাত প্ৰত্যাক্ৰমণ ৰূপায়ণৰ বাবে অন্ত-বিনাশী পাৰমাণৱিক ক্ষেপণাস্ত্ৰ সমূহৰ নিক্ষেপণ মৃত-মানব সঞ্চালিত বুটাম (Dead man's switch) ৰ দ্বাৰা কৰোৱাৰ ব্যৱস্থা হ'ব পাৰে যিবোৰ অনবৰতে টিপা অৱস্থাত ৰাখি নিক্ষেপণ-নিষ্ক্ৰিয়হে কৰি ৰখা হয়। এনে বুটামৰ ওপৰত মানবীয় নিয়ন্ত্ৰণ শক্তিহীন হলে বুটামৰ যান্ত্ৰিক স্থিতিস্থাপক প্ৰতিক্ৰিয়াৰ ফলত বৰ্তনী বন্ধ হৈ নিক্ষেপণ সক্ৰিয় হয় আৰু তাৰ দ্বাৰা ক্ষেপণাস্ত্ৰ সমূহ পূৰ্ব-নিৰ্ধাৰিত বা পুৰ্বেই বিবেচিত লক্ষ্যস্থানবোৰলৈ নিশ্বিতভাবে নিক্ষেপিত হ'ব পৰা কৰি ৰাখিব পাৰি।
তথ্যসূত্ৰ
- ↑ Scott, Len. (2000). Planning Armageddon. Overseas Publishers Association. পৃ. 301. ISBN 9058230066
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নষ্ট-ঘাতক” প্ৰবন্ধৰ সংশোধন ৬৩১১৫৬ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।