অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ধৰ্ষণ আৰু বৈষম্যৰ বিৰুদ্ধে পুৰুষ

ধৰ্ষণ আৰু বৈষম্যৰ বিৰুদ্ধে পুৰুষ (Men Against Rape and Discrimination, বা এমএআৰডি/মৰ্ড) হৈছে বলীউডৰ চলচ্চিত্ৰ পৰিচালক আৰু অভিনেতা ফাৰহান আখটাৰে ২০১৩ চনত আৰম্ভ কৰা চনৰ এক সামাজিক প্ৰচাৰ। "এমইআৰডি" শব্দটো मर्द, Man) শব্দটো এটা চমু ৰূপত প্ৰচাৰৰ নামত ব্যৱহাৰ কৰা হৈছে।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৩৩৩ শব্দ · ২ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

ধৰ্ষণ আৰু বৈষম্যৰ বিৰুদ্ধে পুৰুষ (Men Against Rape and Discrimination, বা এমএআৰডি/মৰ্ড) হৈছে বলিউডৰ চলচ্চিত্ৰ পৰিচালক আৰু অভিনেতা ফাৰহান আখটাৰে ২০১৩ চনত আৰম্ভ কৰা চনৰ এক সামাজিক প্ৰচাৰ।১ "এমইআৰডি" শব্দটো मर्द, Man) শব্দটো এটা চমু ৰূপত প্ৰচাৰৰ নামত ব্যৱহাৰ কৰা হৈছে।২ এই অভিযানৰ উদ্দেশ্য আছিল নাৰীৰ বিৰুদ্ধে ধৰ্ষণ আৰু বৈষম্যৰ বিপক্ষে সামাজিক সজাগতা বৃদ্ধি কৰা।৩

আৰম্ভণিৰ পৰাই এই প্ৰচাৰ অভিযান ভালেসংখ্যক ছ'চিয়েল মিডিয়া ৱেবছাইটত চহৰখনৰ এক চৰ্চাৰ বিষয় হৈ আহিছে আৰু শ্বাহৰুখ খান, প্ৰিয়ংকা চোপ্ৰা, অৰ্জুন ৰামপাল আৰু হৃত্বিক ৰোশনৰ দৰে বলীউডৰ অভিনেতাৰ পৰা ই ইতিবাচক সঁহাৰি লাভ কৰিছে। ১৪

ইতিহাস

আখটাৰে ২০১২ চনৰ আগষ্টত সংঘটিত এক ঘটনাৰ পিছত মৰ্ড অভিযানৰ পৰিকল্পনা কৰে। এই ঘটনা অনুসৰি পল্লৱী পুৰকায়স্থ নামৰ মুম্বাইৰ এগৰাকী অধিবক্তাক তেওঁৰ ৰক্ষীয়ে তেওঁক যৌন নিৰ্যাতন কৰিবলৈ চেষ্টা কৰি নিৰ্মমভাৱে হত্যা কৰিছিল।৫ আখটাৰে ২০১৩ চনৰ মাৰ্চমাহত তেওঁৰ অভিযান আৰম্ভ কৰে।১

ব্যৱস্থা গ্ৰহণ

If you are a man who respects women... her rights, her dignity, her independence, her mind, her body, her life... you are a .
— ফাৰহান আখতাৰ at টুইটাৰ, 9:03 PM, 9 March 2013 (IST)৬

২০১৩ চনৰ মাৰ্চত আখটাৰে বাংগালোৰৰ এখন মহাবিদ্যালয়ৰ কনচাৰ্টত এম.এ.আৰ.ডি. লোগোৰ সৈতে এটা টি-চাৰ্ট পৰিধান কৰে। তেওঁ ছ'চিয়েল নেটৱৰ্কিং ছাইট ব্যৱহাৰ কৰি এই অভিযানক জনপ্ৰিয় কৰিবলৈ চেষ্টা কৰিছিল। আখটাৰে পোষ্ট কৰা টুইটসমূহ যথেষ্ট জনপ্ৰিয় হৈ পৰে। এক সাক্ষাৎকাৰত আখটাৰে কয় যে তেওঁ বিদ্যালয় আৰু মহাবিদ্যালয়ৰ দৰে শিক্ষানুষ্ঠানলৈ এই অভিযান কঢ়িয়াই লৈ যাবলৈ বিচাৰে "তেওঁ এই বাৰ্তা দিব বিচাৰে যে মহিলাসকলক ঘৰে ঘৰে সন্মান জনোৱা প্ৰয়োজন।" ৭ সামাজিক অভিযান আৰম্ভ কৰা ফাৰহান আখটাৰক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ৬ষ্ঠ ছিজনত প্ৰচাৰ চলোৱা দেখা যায়। তেওঁ ২০১৩ চনৰ ২৬ এপ্ৰিলত কলকাতাত নাইট ৰাইডাৰ্ছ বনাম কিংছ ইলেভেন পাঞ্জাৱৰ খেলৰ সময়ত কলকাতাৰ ইডেন গাৰ্ডেনত দৰ্শকক ৭০,০০০ গোঁফ বিতৰণ কৰে। এই উদ্যোগৰ প্ৰতি এডাম গিলক্ৰিষ্ট, গৌতম গম্ভীৰ, শানকে ধৰি আন বহুতো লোকে সমৰ্থন আগবঢ়ায়।

অভিনেতা মহেশ বাবু আৰু ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰে ২০১৩ চনৰ জুনমাহত এই উদ্যোগত যোগদান কৰে। তেওঁলোক দুয়োজনেই ফাৰহানৰ পিতৃ জাভেদ আখতাৰৰ দ্বাৰা লিখা এটা কবিতা বাণীবদ্ধ কৰিবলৈ কণ্ঠ দান কৰে।৮৯

প্ৰতিক্ৰিয়া

আৰম্ভণিৰ পিছত টুইটাৰ আৰু ফেইচবুককে ধৰি বিভিন্ন সামাজিক নেটৱৰ্কিং ছাইটত এই প্ৰচাৰ এক বহুলভাৱে প্ৰচলিত বিষয় হৈ পৰে।৭ এই উদ্যোগটোৱে শ্বাহৰুখ খান, প্ৰিয়ংকা চোপ্ৰা, মহেশ বাবু, অৰ্জুন ৰামপাল, হৃত্বিক ৰোশন, শ্বাহিদ কাপুৰ, বিদ্যা বালান আদিকে ধৰি বহুতো বলিউড অভিনেতাৰ পৰা ইতিবাচক সঁহাৰি আৰু সমৰ্থন লাভ কৰে। আখটাৰৰ টুইটসমূহ প্ৰিয়ংকা চোপ্ৰা, অৰ্জুন ৰামপাল, সোণম কাপুৰ আৰু শাবানা আজমীয়ে সক্ৰিয়ভাৱে ৰিটুইট কৰে। ৭

তথ্যসূত্ৰ

  1. ↑ Farhan Akhtar launches campaign against 'rape and discrimination'. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  2. ↑ Farhan Akhtar Starts 'MARD' (Men Against Rape and Discrimination). Business of Cinema
  3. ↑ Farhan Akhtar to lead campaign against 'rape and discrimination'. Aaj TV
  4. ↑ Bollywood filmmaker launches 'MARD' campaign against rape, discrimination. 7 Days in Dubai
  5. ↑ (11 August 2012). Mumbai law graduate Pallavi Purkayastha's killer was driven by lust. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  6. ↑ Farhan Akhtar tweet. Twitter
  7. ↑ Farhan Tweets up a MARD storm. India Today
  8. ↑ Farhan Akhtar’s MARD Campaign; Adam Gilchrist, Gautam Gambhir, Shaan, SRK Sport Moustaches (PHOTOS) - International Business Times. Ibtimes.co.in
  9. ↑ TNN 9 Jun 2013, 04.00PM IST. Mahesh, Sachin Tendulkar join hands for MARD. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া

সম্পৰ্কিত শ্ৰেণী

নাৰীবাদী সংগঠন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ধৰ্ষণ আৰু বৈষম্যৰ বিৰুদ্ধে পুৰুষ” প্ৰবন্ধৰ সংশোধন ৩৮১৪৬০ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।