অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ভাৰত স্ত্ৰী মহামণ্ডল

ভাৰত স্ত্ৰী মহামণ্ডল (The Great Circle of Indian Women) ভাৰতত ১৯১০ চনত এলাহাবাদত সৰলা দেৱী চৌধুৰাণীয়ে প্ৰতিষ্ঠা কৰা এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ মহিলা সংগঠন আছিল। সংস্থাটোৰ এটা প্ৰধান লক্ষ্য আছিল মহিলা শিক্ষাৰ প্ৰসাৰ যিটো সেই সময়ত ভালদৰে বিকশিত হোৱা নাছিল।

হালনাগাদ: ১৫ ফেব্ৰুৱাৰী ২০২৫ ১০২ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

ভাৰত স্ত্ৰী মহামণ্ডল (The Great Circle of Indian Women) ভাৰতত ১৯১০ চনত এলাহাবাদত সৰলা দেৱী চৌধুৰাণীয়ে প্ৰতিষ্ঠা কৰা এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ মহিলা সংগঠন আছিল।১ সংস্থাটোৰ এটা প্ৰধান লক্ষ্য আছিল মহিলা শিক্ষাৰ প্ৰসাৰ২ যিটো সেই সময়ত ভালদৰে বিকশিত হোৱা নাছিল।

সমগ্ৰ ভাৰতবৰ্ষৰ মহিলাসকলৰ অৱস্থা উন্নত কৰাৰ উদ্দেশ্যে সংগঠনটোৱে লাহোৰ (তেতিয়াৰ অবিভক্ত ভাৰতৰ অংশ), দিল্লী, কৰাচী, অমৃতসৰ, হাইদৰাবাদ, কানপুৰ, বাঁকুৰা, হাজাৰীবাগ, মেদনীপুৰ, প্ৰয়াগৰাজ আৰু কলিকতাত কেইবাটাও কাৰ্যালয় মুকলি কৰে। সংগঠনটোৰ কমিটীত কোনো বৃটিছ মহিলা বা পুৰুষে সেৱা আগবঢ়োৱা নাছিল।৩৪

উল্লেখযোগ্য ব্যক্তি

ভাৰত স্ত্ৰী মহামণ্ডলৰ সৈতে জড়িত উল্লেখযোগ্য মহিলাসকলৰ ভিতৰত আছে-

  • কুমুদিনী বসু (১৮৭৩–১৯৪২), কলিকতাৰ সম্পাদক৩।
  • নাজলী বেগম (১৮৭৪-১৯৬৮), সদস্য৫।
  • সৰলা দেৱী চৌধুৰাণী (১৮৭২–১৯৪৫), প্ৰতিষ্ঠাপক আৰু সম্পাদিকা১।
  • চুলতান জাহান, ভোপালৰ বেগম (১৮৫৮–১৯৩০), সদস্য৫।
  • ৰুক্মিণী লক্ষ্মীপাঠী (১৮৯২–১৯৫১), মাদ্ৰাজৰ সম্পাদক৬।
  • কৰ্নেলিয়া সোৰাবজী (১৮৬৬–১৯৫৪), সদস্য৫।

তথ্যসূত্ৰ

  1. ↑ Chaudhurani, Sarala Devi. (2010). The Many Worlds of Sarala Devi: A Diary: Translated from the Bengali Jeevaner Jharapata. Social Science Press. ISBN 978-81-87358-31-2
  2. ↑ Forbes, Geraldine; Forbes, Geraldine Hancock. (1999-04-28). Women in Modern India. Cambridge University Press. পৃ. 70. ISBN 978-0-521-65377-0
  3. ↑ Sarkar, Asok Kumar; Gupta, Satyajit Das. (2024). Understanding Women's Empowerment in South Asia: Perspectives on Entitlements and Violations. Springer Nature. পৃ. 20, 25. ISBN 978-981-16-7538-6
  4. ↑ Robinson, Catherine A. (2018-10-24). Tradition and Liberation: The Hindu Tradition in the Indian Women's Movement. Routledge. ISBN 978-1-136-82200-1
  5. ↑ Lambert-Hurley, Siobhan. (2007-01-24). Muslim Women, Reform and Princely Patronage: Nawab Sultan Jahan Begam of Bhopal. Routledge. পৃ. 158. ISBN 978-1-134-14347-4
  6. ↑ Shukla. (2007). Women Chief Ministers in Contemporary India. APH Publishing. পৃ. 14. ISBN 978-81-313-0151-7

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ নাৰীনাৰীবাদীনাৰীবাদী সংগঠন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৰত স্ত্ৰী মহামণ্ডল” প্ৰবন্ধৰ সংশোধন ৪৭৭৮৭৬ (১৫ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।